--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত অক্সিজেনৰ নাটনিয়ে সৃষ্টি কৰিছে অভূতপূৰ্ব পৰিস্থিতিৰ। দিল্লী-মহাৰাষ্ট্ৰত এই সংকট হৈ পৰিছে অতি ভয়ংকৰ। দিল্লীৰ ‘জয়পুৰ গোল্ডেন হাস্পতাল’ত কালি নিশা অক্সিজেন অভাৱত মৃত্যু হয় কমেও ২৫জন কৰ’না আক্ৰান্তৰ।

আৰু পঢ়িব পাৰিব: ক’ভিডৰ পৰা হাত সাৰি যোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগও…

চিকিৎসালয় কৰ্তৃপক্ষৰ এগৰাকী শীৰ্ষ বিষয়াই দেশৰ ৰাজধানীত থকা হাস্পতালখনৰ এই শোচনীয় অৱস্থাৰ কথা প্ৰকাশ কৰিছে। চিকিৎসাত ব্যৱহৃত অক্সিজেনৰ নাটনিয়ে হাস্পতালখনত চিকিৎসাধীন ৰোগীসকলৰ বাবে কাল হৈ পৰে। বিষয়াগৰাকীয়ে কয়, ‘আমাক ৩.৫মেট্ৰিকটন অক্সিজেনৰ অনুমোদন দিয়া হৈছিল। কালি সন্ধিয়া ৫বজাত এই অক্সিজেন আমি লাভ কৰাৰ কথা আছিল। কিন্তু অক্সিজেন মাজনিশাহে যোগান ধৰা হয়।

আৰু পঢ়িব পাৰিব: চৌদি আৰবৰ নতুন পাঠ্যক্ৰমত ৰামায়ণ, মহাভাৰত অন্তৰ্ভুক্ত

অক্সিজেন অহালৈ ২৫জনকৈ চিকিৎসাধীন ৰোগীৰ মৃত্যু হয়।’ হাস্পতালখনত ২১৫জন ক’ভিড আক্ৰান্ত হৈ গুৰুতৰ স্বাস্থ্য সংকটত ভোগা ৰোগী চিকিৎসাধীন হৈ আছে। আৰু তেওঁলোকক অক্সিজেন দিয়াটো অতি জৰুৰী। চিকিৎসালয়খনে এতিয়া সহায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। প্ৰয়োজনীয় অক্সিজেনৰ যোগানেৰে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ ন্যায়ালয়ত দিয়া আবেদনত অনুৰোধ জনাইছে চিকিৎসালয়খনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ