--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্ৰিত জাননী জাৰি৷ কেনেকৈ অনলাইনত বিক্ৰী কৰা হ'ব সুৰা তাৰ বিতং তথ্য৷ জাননী অনুসৰি, আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বিপণীয়ে৷ নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে৷ অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে পাব অনলাইন বিক্ৰীৰ সুবিধা৷ এপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা৷ শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা৷ এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব৷

ডেলিভাৰী এজেণ্টে ৯ লিটাৰ পৰ্যন্ত কঢ়িয়াব পাৰিব সুৰা৷ অৰ্ডাৰ দিওতেই আদায় দিব লাগিব সুৰাৰ মূল্য৷ পুৱা ১১–নিশা১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা৷ অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব ডেলিভাৰী৷ এমআৰপিতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে৷ নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব৷ ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব৷ ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা৷

অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব৷ অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা৷ প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব৷ প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা৷ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ল অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা৷ ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক৷ ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ