--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকাত ৰচনা হ’ল এক নতুন ইতিহাস৷ শ্ৰীলংকাই লাভ কৰিলে তৃতীয় গৰাকী মহিলা প্ৰধান মন্ত্ৰী৷ ৫৪ বছৰ বয়সত শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে  হৰিণী অমৰসূৰ্য়া৷

১৯৮৮-৮৯ চনত শ্ৰীলংকাত তামিল আন্দোলনৰ বাবে পৰিস্থিতি হিংসাত্মক হৈ পৰাৰ বাবে। এই সময়ছোৱাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ হৈ পৰিছিল। এনে পৰিস্থিতিত অধ্যয়নৰ বাবে ভাৰতলৈ আহিছিল হৰিণী অমৰসূৰ্য়া। ১৯৯০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ত সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।

ভাৰতত শিক্ষা গ্ৰহণ কৰি অহাৰ পাছত হৰিণীয়ে ছুনামীত ক্ষতিগ্ৰস্ত শিশুসকলক সহায়ৰ বাবে এটি এন জি অ’ত যোগদান কৰি সমাজসেৱা কৰিছিল। ইয়াৰ পিছত তেওঁ পি এইচ ডি গ্ৰহণৰ বাবে তেওঁ অষ্ট্ৰেলিয়ালৈ গুচি যায়। ২০১১ চনত তেওঁ কলেজত অধ্যাপক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে৷

২০১৯ চনত তেওঁ জন বিদ্ৰোহ পাৰ্টি (জেভিপি)ত যোগদান কৰি শ্ৰীলংকাৰ ৰাজনীতিত প্ৰৱেশ কৰে । ২০২০ চনত তেওঁ সংসদলৈ নিৰ্বাচিত হয়, আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত শ্ৰীলংকাৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অঞ্জু শ্ৰীবাস্তৱে হৰিণী প্ৰধানমন্ত্ৰী হোৱাত গৌৰৱ প্ৰকাশ কৰি কয় যে হিন্দু মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী এতিয়া শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হোৱাত আমি গৌৰৱান্বিত বুলি মত প্ৰকাশ কৰে৷ 

শিক্ষা, সমাজসেৱা তথা কৰ্মনিষ্ঠাই যিকোনো ব্যক্তিক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে বুলি হৰিণী অমৰসূৰ্য়া জীৱনে তাকেই প্ৰমাণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement