--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীখন ইজনে সিজনে কৰা সহায়ত চলি থাকে। যুগ যুগ ধৰি এইটোৱেই হৈছে মানৱতাৰ ভেটি। বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহে ৰাইজ৷ কিন্তু কল্পনা কৰকচোন, যেতিয়া এই আৱেগক প্ৰতাৰণাত ব্যৱহাৰ কৰা হয় তেতিয়া কেনে লাগিব? আৱেগৰ সহায়ত মানুহক প্ৰতাৰণা কৰিলে এজন যুৱকে।

চীনৰ এজন যুৱকৰ এক গোচৰ পোহৰলৈ আহিছে, যি কাহিনী শুনিলে যিকোনো ব্যক্তিয়ে আনৰ ওপৰত আস্থা হেৰুৱাব পাৰে। ঘটনাটো কি জানো আহক।

চীনত ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিলে লান নামৰ ২৯ বছৰীয়া যুৱকে। ইয়াত তেওঁ দাবী কৰিছিল যে তেওঁ কেন্সাৰত আক্ৰান্ত। চিকিৎসাৰ বাবে তেওঁক ৯ লাখ ইউয়ান (প্ৰায় ডেৰ কোটি টকা)) লাগে। এই ধনৰাশি উলিয়াব নোৱাৰিলে প্ৰাণ হেৰুৱাব লাগিব বুলিও তেওঁ কয়।

লেনে আৰু লিখিছিল যে তেওঁ বেছি দিন জীয়াই থাকিব বিচাৰে, গতিকে মানুহৰ সহায়ৰ বৰ প্ৰয়োজন। এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। লেনে ৰাইজৰ সহানুভূতি পাবলৈ ধৰিলে। কিন্তু কিছু দিনৰ পাছত তেওঁৰ এক কাণ্ডই সকলোকে আচৰিত কৰি তুলিলে।

এদিন লেনে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিলে তেওঁ নিজৰ নতুন ফ্লেটৰ এখন ছবি পোষ্ট কৰিলে আৰু দাবী কৰিলে যে তেওঁ নিজৰ টকাৰে এই ঘৰটো কিনিছে। এই পোষ্টটোৱে সকলোকে স্তম্ভিত কৰি তুলিলে, কাৰণ কিছুদিন পূৰ্বে নিজৰ জীৱন ৰক্ষাৰ বাবে সহায়ৰ কাতৰ অনুৰোধ কৰি থকা এজন যুৱকে কেনেকৈ হঠাৎ কোটিটকীয়া ফ্লেট কিনিব?

মানুহে তেওঁক সন্দেহ কৰিবলৈ ধৰিলে। বিশেষকৈ যেতিয়া জানিব পৰা গ’ল যে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে তেওঁ ইতিমধ্যে ৭ লাখ ইউয়ান (প্ৰায় ৮১ লাখ ৬৪ হাজাৰ টকা) সংগ্ৰহ কৰিছে।

বহু লোকৰ অভিযোগৰ পিছত চীনৰ ক্ৰাউডফাণ্ডিং প্লেটফৰ্মে লেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। নতুন ফ্লেটটো ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা ধন যে তেওঁৰ নিজৰ সেই কথা প্ৰমাণ কৰিব পৰা নাছিল লেনে।

শেষত প্লেটফৰ্মে কঠোৰ ব্যৱস্থা ল’বলগীয়া হ’ল আৰু লেনক ব্লেকলিষ্ট কৰা হ’ল, তেওঁক চিৰদিনৰ বাবে প্লেটফৰ্মৰ পৰা নিষিদ্ধ কৰা হ’ল, যাতে ভৱিষ্যতে তেওঁ এনে কামত লিপ্ত হ’ব নোৱাৰে। চাউথ চাইনা মৰ্নিং পোষ্টৰ প্ৰতিবেদন অনুসৰি এই গোচৰত লেন কোনো আইনী শাস্তিৰ সন্মুখীন হৈছিল নে নাই সেয়া স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক