--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীখন ইজনে সিজনে কৰা সহায়ত চলি থাকে। যুগ যুগ ধৰি এইটোৱেই হৈছে মানৱতাৰ ভেটি। বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহে ৰাইজ৷ কিন্তু কল্পনা কৰকচোন, যেতিয়া এই আৱেগক প্ৰতাৰণাত ব্যৱহাৰ কৰা হয় তেতিয়া কেনে লাগিব? আৱেগৰ সহায়ত মানুহক প্ৰতাৰণা কৰিলে এজন যুৱকে।

চীনৰ এজন যুৱকৰ এক গোচৰ পোহৰলৈ আহিছে, যি কাহিনী শুনিলে যিকোনো ব্যক্তিয়ে আনৰ ওপৰত আস্থা হেৰুৱাব পাৰে। ঘটনাটো কি জানো আহক।

চীনত ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিলে লান নামৰ ২৯ বছৰীয়া যুৱকে। ইয়াত তেওঁ দাবী কৰিছিল যে তেওঁ কেন্সাৰত আক্ৰান্ত। চিকিৎসাৰ বাবে তেওঁক ৯ লাখ ইউয়ান (প্ৰায় ডেৰ কোটি টকা)) লাগে। এই ধনৰাশি উলিয়াব নোৱাৰিলে প্ৰাণ হেৰুৱাব লাগিব বুলিও তেওঁ কয়।

লেনে আৰু লিখিছিল যে তেওঁ বেছি দিন জীয়াই থাকিব বিচাৰে, গতিকে মানুহৰ সহায়ৰ বৰ প্ৰয়োজন। এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। লেনে ৰাইজৰ সহানুভূতি পাবলৈ ধৰিলে। কিন্তু কিছু দিনৰ পাছত তেওঁৰ এক কাণ্ডই সকলোকে আচৰিত কৰি তুলিলে।

এদিন লেনে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিলে তেওঁ নিজৰ নতুন ফ্লেটৰ এখন ছবি পোষ্ট কৰিলে আৰু দাবী কৰিলে যে তেওঁ নিজৰ টকাৰে এই ঘৰটো কিনিছে। এই পোষ্টটোৱে সকলোকে স্তম্ভিত কৰি তুলিলে, কাৰণ কিছুদিন পূৰ্বে নিজৰ জীৱন ৰক্ষাৰ বাবে সহায়ৰ কাতৰ অনুৰোধ কৰি থকা এজন যুৱকে কেনেকৈ হঠাৎ কোটিটকীয়া ফ্লেট কিনিব?

মানুহে তেওঁক সন্দেহ কৰিবলৈ ধৰিলে। বিশেষকৈ যেতিয়া জানিব পৰা গ’ল যে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে তেওঁ ইতিমধ্যে ৭ লাখ ইউয়ান (প্ৰায় ৮১ লাখ ৬৪ হাজাৰ টকা) সংগ্ৰহ কৰিছে।

বহু লোকৰ অভিযোগৰ পিছত চীনৰ ক্ৰাউডফাণ্ডিং প্লেটফৰ্মে লেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। নতুন ফ্লেটটো ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা ধন যে তেওঁৰ নিজৰ সেই কথা প্ৰমাণ কৰিব পৰা নাছিল লেনে।

শেষত প্লেটফৰ্মে কঠোৰ ব্যৱস্থা ল’বলগীয়া হ’ল আৰু লেনক ব্লেকলিষ্ট কৰা হ’ল, তেওঁক চিৰদিনৰ বাবে প্লেটফৰ্মৰ পৰা নিষিদ্ধ কৰা হ’ল, যাতে ভৱিষ্যতে তেওঁ এনে কামত লিপ্ত হ’ব নোৱাৰে। চাউথ চাইনা মৰ্নিং পোষ্টৰ প্ৰতিবেদন অনুসৰি এই গোচৰত লেন কোনো আইনী শাস্তিৰ সন্মুখীন হৈছিল নে নাই সেয়া স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ