--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ পম খেদি এখুজি-দুখুজিকৈ আজি সম্পূর্ণ আঠটা বছৰত পদার্পণ কৰিলে 'আমাৰ ভূপেনদা' সংগীতৰ এই মহাযুদ্ধই। ২০১৩ চনত প্রাগ নিউজৰ এটি প্রচেষ্টা আজি অসমবাসীৰ অফুৰন্ত প্ৰেমৰ বিনিময়ত ২০২৫ বৰ্ষত সফলতাৰে আৰম্ভ হ'বলৈ গৈ আছে 'আমাৰ ভূপেনদা ছিজন-৮'।

সাতটা বছৰৰ সফল সমাপ্তিৰে অসমৰ সাংস্কৃতিক তথা সংগীতৰ জগতত 'আমাৰ ভূপেনদা' এই অনুষ্ঠানটি আজি উত্তৰ-পূব ভাৰতৰ একমাত্র মেগা মিউজিকেল ৰিয়েলিটি শ্ব' হিচাপে স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি • আৰু সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰাগ নিউজৰ এক আপ্রাণ চেষ্টা 'আমাৰ ভূপেনদা'। এয়া আৰম্ভণিহে মাথোঁ। এই যাত্রাত লাগে মাথোঁ আপোনালোকৰ আশীর্বাদ। আজিৰ  পৰা আৰম্ভ হ'ব ষ্টাৰ চিমেণ্ট ছলিড ছেটিং প্রেজেন্টছ 'আমাৰ ভূপেনদা ছিজন-৮'। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ১৩ৰ পৰা ২৫ বছৰৰ যুৱক-যুৱতীৰ মাজত অনুষ্ঠিত হৈছিল এই বৰ্ষৰ সংগীতৰ মহাৰণ। গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, নগাঁও, মঙলদৈ, বৰপেটা, ধুবুৰী, শিলচৰ আৰু গুৱাহাটীত অনুষ্ঠিত হৈছিল অডিচনসমূহ। এই অডিচনথলীসমূহৰ পৰা সন্মানীয় বিচাৰকসকলে বাছি উলিয়াই অনা প্রতিযোগীসকলৰ মাজতে অনুষ্ঠিত হ'ব 'আমাৰ ভূপেনদা ছিজন-৮'ৰ মহাৰণ।

প্রতি শনি আৰু দেওবাৰে সন্ধিয়া ৭-৫৪ বজাত সম্প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত সুধাকণ্ঠৰ গীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ যি উদ্দেশ্য, সেয়া আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ দ্বাৰাহে সম্ভৱ হ'ব।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ