--°C
Loading...
Listen to Article
2 min read
80%

মৰিয়নিঃ যোৰহাটত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কণ্টেইনমেন্ট জ'ন কৰি ৰখা সময়তে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে ক’ভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। প্ৰাক্তন বিধায়কগৰাকীয়ে বাগিচা অঞ্চলত ক’ডিড প্ৰট’কল ভংগ কৰি ব্যাপক জনসমাগম কৰি সভা-সমিতি পাতি ফুৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰূপজ্যোতি কুৰ্মীৰ কৰ্ম-কাণ্ডক লৈ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ অহাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে বিভিন্নজনে। উল্লেখ্য যে, প্ৰাক্তন বিধায়কগৰাকীৰ উদ্যোগত মৰিয়নিত দুখন বিশাল ৰাজহুৱা সভা আয়োজন হোৱাৰ বিপৰীতে চকুমুদা কুলিৰ ভাও লৈ আহিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে, আজি প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে ‘আটছা’ই মৰিয়নি আৰক্ষী থানাত ক’ভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে।

ইফালে আটছাৰ মৰিয়নি শাখাই আজি মূল্যবৃদ্ধি লগতে ৰূপজ্যোতি কুৰ্মীৰ ক’ভিড প্ৰট’কল ভংগৰ বিৰুদ্ধে মৰিয়নিৰ থানা তিনিআলিত হাতে হাতে প্লে’কাৰ্ড লৈ মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ‘আটছা’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মংগল গৰাইক, মৰিয়নি আঞ্চলিকৰ সম্পাদক দীনেশ চাহু আৰু সভাপতি বন্ধন গোৱালাকে ধৰি কেইবাগৰাকীও আটছা নেতা উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ