--°C
Loading...
Listen to Article
2 min read
80%

মৰিয়নিঃ যোৰহাটত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কণ্টেইনমেন্ট জ'ন কৰি ৰখা সময়তে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে ক’ভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। প্ৰাক্তন বিধায়কগৰাকীয়ে বাগিচা অঞ্চলত ক’ডিড প্ৰট’কল ভংগ কৰি ব্যাপক জনসমাগম কৰি সভা-সমিতি পাতি ফুৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰূপজ্যোতি কুৰ্মীৰ কৰ্ম-কাণ্ডক লৈ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ অহাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে বিভিন্নজনে। উল্লেখ্য যে, প্ৰাক্তন বিধায়কগৰাকীৰ উদ্যোগত মৰিয়নিত দুখন বিশাল ৰাজহুৱা সভা আয়োজন হোৱাৰ বিপৰীতে চকুমুদা কুলিৰ ভাও লৈ আহিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে, আজি প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে ‘আটছা’ই মৰিয়নি আৰক্ষী থানাত ক’ভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে।

ইফালে আটছাৰ মৰিয়নি শাখাই আজি মূল্যবৃদ্ধি লগতে ৰূপজ্যোতি কুৰ্মীৰ ক’ভিড প্ৰট’কল ভংগৰ বিৰুদ্ধে মৰিয়নিৰ থানা তিনিআলিত হাতে হাতে প্লে’কাৰ্ড লৈ মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ‘আটছা’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মংগল গৰাইক, মৰিয়নি আঞ্চলিকৰ সম্পাদক দীনেশ চাহু আৰু সভাপতি বন্ধন গোৱালাকে ধৰি কেইবাগৰাকীও আটছা নেতা উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু