--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। অসমীয়া সমাজত অতিকৈ জনপ্ৰিয় পাণটো থাকে  বহু প্ৰকাৰৰ পুষ্টিকৰ উপাদান । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ইয়াৰ সেৱনৰ দ্বাৰা আলচাৰ আৰু পেটৰ লগত জড়িত বহু সমস্যা দূৰ হয়। ভাৰতত তথা আমাৰ অসমীয়া সমাজত সাধাৰণতে সকলোৱে পাণৰ বিষয়ে সচেতন।  ইয়াৰ সোৱাদ আৰু গোন্ধ বহুতৰে প্ৰিয় । হিন্দু ধৰ্মতো পাণক অতি পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াক পূজা আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদতো‌ পাণ অতি উপকাৰী বুলি কোৱা হয়। ইয়াৰ সেৱনে আলচাৰ, ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা সকাহ দিয়ে। পাণত আয়’ডিন, পটাছিয়াম, ভিটামিন এ, ভিটামিন বি ১, ভিটামিন বি ২ আৰু নিকোটিনিক এচিড আদি পুষ্টিকৰ উপাদান থাকে।

পাণৰ উপকাৰিতা: 

১/ যদি কোনো ব্যক্তিয়ে পেটৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে পাণৰ তেওঁৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইয়াৰ সেৱনে বিপাকীয় হাৰ উন্নত কৰে। ইয়াৰ লগে লগে হজম শক্তি, আলচাৰ আৰু কোষ্ঠকাঠিন্যৰ লগত জড়িত বহু সমস্যা দূৰ হয়। ইয়াৰ বাবে আপোনাৰ হজম শক্তি ভাল হয় আৰু পেটৰ সমস্যা শেষ হয়।

২/ শৰীৰৰ চৰ্বি বৃদ্ধিৰ বাবে ওজন দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। খাদ্যাভ্যাসৰ ক্ষেত্ৰত বেয়া অভ্যাসৰ বাবেই অধিকাংশ লোকৰ শৰীৰত ওজন বৃদ্ধিৰ সমস্যা দেখা গৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ওজন কমোৱাৰ বাবে পাণ উপকাৰী হ’ব পাৰে।

৩/ পাণে শৰীৰত গ্লুক’জৰ মাত্ৰা বজাই ৰখাৰ কাম কৰে। শৰীৰৰ ঘাঁত পাণে লগালে ঘাঁবোৰ সোনকালে শুকাই যায়। ইয়াৰ লগতে ই বেয়া কলেষ্টেৰল কমোৱাতো সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু