--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। অসমীয়া সমাজত অতিকৈ জনপ্ৰিয় পাণটো থাকে  বহু প্ৰকাৰৰ পুষ্টিকৰ উপাদান । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ইয়াৰ সেৱনৰ দ্বাৰা আলচাৰ আৰু পেটৰ লগত জড়িত বহু সমস্যা দূৰ হয়। ভাৰতত তথা আমাৰ অসমীয়া সমাজত সাধাৰণতে সকলোৱে পাণৰ বিষয়ে সচেতন।  ইয়াৰ সোৱাদ আৰু গোন্ধ বহুতৰে প্ৰিয় । হিন্দু ধৰ্মতো পাণক অতি পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াক পূজা আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদতো‌ পাণ অতি উপকাৰী বুলি কোৱা হয়। ইয়াৰ সেৱনে আলচাৰ, ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা সকাহ দিয়ে। পাণত আয়’ডিন, পটাছিয়াম, ভিটামিন এ, ভিটামিন বি ১, ভিটামিন বি ২ আৰু নিকোটিনিক এচিড আদি পুষ্টিকৰ উপাদান থাকে।

পাণৰ উপকাৰিতা: 

১/ যদি কোনো ব্যক্তিয়ে পেটৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে পাণৰ তেওঁৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইয়াৰ সেৱনে বিপাকীয় হাৰ উন্নত কৰে। ইয়াৰ লগে লগে হজম শক্তি, আলচাৰ আৰু কোষ্ঠকাঠিন্যৰ লগত জড়িত বহু সমস্যা দূৰ হয়। ইয়াৰ বাবে আপোনাৰ হজম শক্তি ভাল হয় আৰু পেটৰ সমস্যা শেষ হয়।

২/ শৰীৰৰ চৰ্বি বৃদ্ধিৰ বাবে ওজন দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। খাদ্যাভ্যাসৰ ক্ষেত্ৰত বেয়া অভ্যাসৰ বাবেই অধিকাংশ লোকৰ শৰীৰত ওজন বৃদ্ধিৰ সমস্যা দেখা গৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ওজন কমোৱাৰ বাবে পাণ উপকাৰী হ’ব পাৰে।

৩/ পাণে শৰীৰত গ্লুক’জৰ মাত্ৰা বজাই ৰখাৰ কাম কৰে। শৰীৰৰ ঘাঁত পাণে লগালে ঘাঁবোৰ সোনকালে শুকাই যায়। ইয়াৰ লগতে ই বেয়া কলেষ্টেৰল কমোৱাতো সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ