--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচীলৈ  সোমবাৰে ৰাছিয়াত উপস্থিত হয় । মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে নৈশভোজত মিলিত হোৱাৰ লগতে নানান বিষয়ত আলোচনা কৰে। পুটিন-মোদীৰ আলোচনাকালতে সিদ্ধান্ত লোৱা হয় যে ৰুছ  সেনাবাহিনীত কৰ্মৰত  ভাৰতীয়ক মুক্ত কৰি দিব ৰাছিয়াই। এয়া মোদীৰ ৰাছিয়া ভ্ৰমণৰ এক বিশেষ সুফল হিচাবে পৰিগণিত হৈছে। 

উল্লেখ্য ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াই বহু ভাৰতীয় লোকক সেনা জোৱান হিচাবে নিয়োগ কৰিছিল। তেওঁলোকৰ মাজৰে বহু কেইজন ভাৰতীয় লোকৰ যুদ্ধত মৃত্যু ঘটিছিল। এই কথাই উদ্বিগ্ন কৰি তুলিছিল ভাৰত চৰকাৰক। ৰাছিয়াৰ সেনা বাহিনীত থকা ভাৰতীয় লোকসকলক মুক্ত কৰি অনাৰ বাবে সেয়ে ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। 


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰেও বিষয়টো আগুৱাই নিছিল। তেনে প্ৰচেষ্টাৰ ফলতে ৰাছিয়াই দেশ খনৰ সেনা বাহিনীত নিয়োগ কৰা ভাৰতীয় লোকসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।  

জয়শংকৰে কয়  যে প্ৰকৃততে কিমান সংখ্যক ভাৰতীয় লোকক ৰুছ সেনাত নিয়োগ কৰা হৈছে সেই তথ্য এতিয়াও পোৱা হোৱা নাই। ৰুছ সেনাৰ পৰা অব্যাহতি লোৱাৰ পিছত ভাৰতীয় লোকসকলে পুনৰ ভাৰতলৈ উভতি আহিব বুলি তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি