--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচীলৈ  সোমবাৰে ৰাছিয়াত উপস্থিত হয় । মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে নৈশভোজত মিলিত হোৱাৰ লগতে নানান বিষয়ত আলোচনা কৰে। পুটিন-মোদীৰ আলোচনাকালতে সিদ্ধান্ত লোৱা হয় যে ৰুছ  সেনাবাহিনীত কৰ্মৰত  ভাৰতীয়ক মুক্ত কৰি দিব ৰাছিয়াই। এয়া মোদীৰ ৰাছিয়া ভ্ৰমণৰ এক বিশেষ সুফল হিচাবে পৰিগণিত হৈছে। 

উল্লেখ্য ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াই বহু ভাৰতীয় লোকক সেনা জোৱান হিচাবে নিয়োগ কৰিছিল। তেওঁলোকৰ মাজৰে বহু কেইজন ভাৰতীয় লোকৰ যুদ্ধত মৃত্যু ঘটিছিল। এই কথাই উদ্বিগ্ন কৰি তুলিছিল ভাৰত চৰকাৰক। ৰাছিয়াৰ সেনা বাহিনীত থকা ভাৰতীয় লোকসকলক মুক্ত কৰি অনাৰ বাবে সেয়ে ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। 


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰেও বিষয়টো আগুৱাই নিছিল। তেনে প্ৰচেষ্টাৰ ফলতে ৰাছিয়াই দেশ খনৰ সেনা বাহিনীত নিয়োগ কৰা ভাৰতীয় লোকসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।  

জয়শংকৰে কয়  যে প্ৰকৃততে কিমান সংখ্যক ভাৰতীয় লোকক ৰুছ সেনাত নিয়োগ কৰা হৈছে সেই তথ্য এতিয়াও পোৱা হোৱা নাই। ৰুছ সেনাৰ পৰা অব্যাহতি লোৱাৰ পিছত ভাৰতীয় লোকসকলে পুনৰ ভাৰতলৈ উভতি আহিব বুলি তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক