--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ পৰা হেৰাই যোৱা বিশাল আকাৰৰ ডাইনোচৰ বোৰে এসময়ত আমাৰ ভাৰততে বিচৰণ কৰি ফুৰিছিল। ভাৰতৰ হাবিৰ মাজে মাজে ঘূৰি ফুৰা ডাইনোচৰৰ বহু অৱশিষ্ট সেয়ে এতিয়াও উদ্ধাৰ হৈ আছে। শেহতীয়াকৈ গৱেষকসকলে মধ্য প্ৰদেশত  ডাইনোচৰ কণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

 মধ্য প্ৰদেশত আৱিষ্কৃত  জীৱাশ্মযুক্ত ডাইনোচৰৰ কণীয়ে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে।
 দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ডাইনোচৰৰ এই কণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। মধ্য প্ৰদেশৰ ধাৰ জিলাত উদ্ধাৰ হোৱা ডাইনোচৰৰ কণীবোৰ চাৰোপড ডাইনোচৰৰ বুলি নিশ্চিত কৰা হৈছে। ই   টাইটানোচাৰ গোটৰ অন্তৰ্গত আছিল । মধ্যপ্ৰদেশত ডাইনোচৰৰ কণী  আৱিষ্কাৰৰ কথাটো  নেচাৰ গ্ৰুপৰ এখন আলোচনী চাইণ্টিফিক ৰিপ'ৰ্টছত প্ৰকাশ পাইছে।

 মধ্য ভাৰতৰ বিভিন্ন ঠাইত ইয়াৰ আগতেও  ডাইনোচৰ জীৱাশ্ম উদ্ধাৰ হৈছিল। বিজ্ঞানীসকলৰ দলটোৱে শেহতীয়াকৈ মধ্যপ্ৰদেশত  টাইটানোচাৰিছ চাৰোপডৰ ৫২ টা বাহ বিচাৰি পাইছে। সেই বাহসমূহৰ ভিতৰৰে এটাত  ১০ টা কণী আছিল।

 আৱিষ্কাৰটোৱে ডাইনোচৰ আৰু সৰীসৃপৰ মাজৰ সম্পৰ্ক, ডাইনোচৰৰ বাহৰ ধৰণ আৰু ডাইনোচৰৰ প্ৰজননৰ বিষয়ে অধিক তথ্য প্ৰদান কৰিব পাৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য মেঘালয়তো বিগত বৰ্ষত উদ্ধাৰ হৈছিল কমেও ১০০ মিলিয়ন বছৰৰ পূৰ্বৰ ডাইনোচৰৰ হাঁড় ।

ৰাজ্যখনৰ পশ্চিম খাচি পাহাৰ জিলাত এদল গৱেষকে ডাইনোচৰৰ হাঁড়সমূহৰ ফচিল উদ্ধাৰ কৰিছিল।

জিঅ’ল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ (জিএছআই) এদল গৱেষকে আৱিষ্কাৰ কৰা ডাইনোচৰৰ হাঁড়সমূহ টাইটানোচৰীয়ান  (Titan saurian) পৰিয়ালৰ চাউৰোপ’ড (sauropod) প্ৰজাতিৰ বুলি চিনাক্ত কৰা হৈছিল।

 এইধৰণৰ ডাইনোচৰৰ অৱশিষ্ট উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে পোৱা গৈছিল।

ইয়াৰ পূৰ্বে ভাৰতৰ কেৱল গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত এইধৰণৰ আৱিষ্কাৰ হৈছিল।

আৱিষ্কাৰটোত ২৫ডালতকৈও অধিক হাঁড়ৰ ভগ্নাংশ পোৱা গৈছিল।

উল্লেখযোগ্য যে চাউৰোপ’ড প্ৰজাতিৰ ডাইনোচৰবিধৰ ডিঙি আৰু নেজ দীঘল, কিন্তু বিশাল শৰীৰৰ অনুপাতে মুখমণ্ডল সৰু।
 
প্ৰজাতিবিধৰ চাৰিওটা ভৰি একোটা স্তম্ভৰ দৰে বৃহৎ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ