--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ পৰা হেৰাই যোৱা বিশাল আকাৰৰ ডাইনোচৰ বোৰে এসময়ত আমাৰ ভাৰততে বিচৰণ কৰি ফুৰিছিল। ভাৰতৰ হাবিৰ মাজে মাজে ঘূৰি ফুৰা ডাইনোচৰৰ বহু অৱশিষ্ট সেয়ে এতিয়াও উদ্ধাৰ হৈ আছে। শেহতীয়াকৈ গৱেষকসকলে মধ্য প্ৰদেশত  ডাইনোচৰ কণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

 মধ্য প্ৰদেশত আৱিষ্কৃত  জীৱাশ্মযুক্ত ডাইনোচৰৰ কণীয়ে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে।
 দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ডাইনোচৰৰ এই কণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। মধ্য প্ৰদেশৰ ধাৰ জিলাত উদ্ধাৰ হোৱা ডাইনোচৰৰ কণীবোৰ চাৰোপড ডাইনোচৰৰ বুলি নিশ্চিত কৰা হৈছে। ই   টাইটানোচাৰ গোটৰ অন্তৰ্গত আছিল । মধ্যপ্ৰদেশত ডাইনোচৰৰ কণী  আৱিষ্কাৰৰ কথাটো  নেচাৰ গ্ৰুপৰ এখন আলোচনী চাইণ্টিফিক ৰিপ'ৰ্টছত প্ৰকাশ পাইছে।

 মধ্য ভাৰতৰ বিভিন্ন ঠাইত ইয়াৰ আগতেও  ডাইনোচৰ জীৱাশ্ম উদ্ধাৰ হৈছিল। বিজ্ঞানীসকলৰ দলটোৱে শেহতীয়াকৈ মধ্যপ্ৰদেশত  টাইটানোচাৰিছ চাৰোপডৰ ৫২ টা বাহ বিচাৰি পাইছে। সেই বাহসমূহৰ ভিতৰৰে এটাত  ১০ টা কণী আছিল।

 আৱিষ্কাৰটোৱে ডাইনোচৰ আৰু সৰীসৃপৰ মাজৰ সম্পৰ্ক, ডাইনোচৰৰ বাহৰ ধৰণ আৰু ডাইনোচৰৰ প্ৰজননৰ বিষয়ে অধিক তথ্য প্ৰদান কৰিব পাৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য মেঘালয়তো বিগত বৰ্ষত উদ্ধাৰ হৈছিল কমেও ১০০ মিলিয়ন বছৰৰ পূৰ্বৰ ডাইনোচৰৰ হাঁড় ।

ৰাজ্যখনৰ পশ্চিম খাচি পাহাৰ জিলাত এদল গৱেষকে ডাইনোচৰৰ হাঁড়সমূহৰ ফচিল উদ্ধাৰ কৰিছিল।

জিঅ’ল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ (জিএছআই) এদল গৱেষকে আৱিষ্কাৰ কৰা ডাইনোচৰৰ হাঁড়সমূহ টাইটানোচৰীয়ান  (Titan saurian) পৰিয়ালৰ চাউৰোপ’ড (sauropod) প্ৰজাতিৰ বুলি চিনাক্ত কৰা হৈছিল।

 এইধৰণৰ ডাইনোচৰৰ অৱশিষ্ট উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে পোৱা গৈছিল।

ইয়াৰ পূৰ্বে ভাৰতৰ কেৱল গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত এইধৰণৰ আৱিষ্কাৰ হৈছিল।

আৱিষ্কাৰটোত ২৫ডালতকৈও অধিক হাঁড়ৰ ভগ্নাংশ পোৱা গৈছিল।

উল্লেখযোগ্য যে চাউৰোপ’ড প্ৰজাতিৰ ডাইনোচৰবিধৰ ডিঙি আৰু নেজ দীঘল, কিন্তু বিশাল শৰীৰৰ অনুপাতে মুখমণ্ডল সৰু।
 
প্ৰজাতিবিধৰ চাৰিওটা ভৰি একোটা স্তম্ভৰ দৰে বৃহৎ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু