--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ শুকুৰবাৰে পুৱা ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। পেট্ৰ’ল পাম্পৰ বাহিৰত এখন ট্ৰাক সংঘৰ্ষত সংঘটিত হোৱা এই বৃহৎ অগ্নিকাণ্ডত কমেও ৮ জন লোকৰ মৃত্যু হয়। আৰক্ষীৰ তথ্য অনুসৰি জয়পুৰ-আজমেৰ ঘাইপথত সংঘটিত হয় এই অগ্নিকাণ্ড । লগে লগে ভাংকৰোটা অঞ্চলত অৱস্থিত পেট্ৰ’ল পাম্পটোলৈ জুই বিয়পি পৰে। 

প্ৰাৰম্ভিক তদন্ত অনুসৰি আন বাহনসমূহত খুন্দা মৰা ট্ৰাকখনত ৰাসায়নিক পদাৰ্থ ভৰ্তি আছিল। জুইৰ তথ্য লাভ কৰাৰ লগে লগে ২০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে আহতসকলক জয়পুৰৰ ছাৱাই মান সিং হাস্পতালত ভৰ্তি কৰা হৈছে ।

জয়পুৰৰ ডিএম জিতেন্দ্ৰ ছোনীয়ে কয় যে এই ঘটনাত বহু লোকৰ মৃত্যু হৈছে। প্ৰায় ৪০ খন বাহন ভস্মীভূত হয়। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স। সাহায্যৰ কাম চলি আছে। এই ঘটনাত প্ৰায় ২৩-২৪ জন লোক আহত হৈছে। এছ এম এছ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ দীপক মহেশ্বৰীয়ে জনোৱা মতে, এই ঘটনাত ৮ জন লোকৰ মৃত্যু হৈছে। ২৪-২৫ জন লোকক আই চি ইউত ভৰ্তি কৰা হৈছে। 

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আহতসকলৰ খবৰ ল'বলৈ ততালিকে গৈ এছ এম এছ চিকিৎসালয়ত উপস্থিত হয় । মুখ্যমন্ত্ৰীয়ে এছ এম এছৰ বিষয়াসকলক চিকিৎসা সেৱাত কোনোধৰণৰ গাফিলতি নকৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে আহতসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈও নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে আজমীৰ ৰোডৰ দুৰ্ঘটনাস্থলীও পৰিদৰ্শন কৰে । আনহাতে, ঘটনাস্থলীত উপস্থিত হোৱা উপ-মুখ্যমন্ত্ৰী প্ৰেমচান্দ বৈৰৱাই কয় যে এতিয়ালৈকে ৩৯ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । একে সময়তে, স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং খিনভাচাৰো এছ এম এছ চিকিৎসালয়ত উপস্থিত হয় ।

এই ভয়াৱহ কাণ্ডৰ পিছত জৰুৰীকালীন দলে কাম কৰাৰ বাবে ঘাইপথত যাতায়ত বন্ধ হৈ পৰিছে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আন পথেৰে যাবলৈ পৰামৰ্শ দিছে। বিষয়াসকলে জনোৱা মতে, ঘাইপথৰ তলৰ পৰা পাৰ হৈ যোৱা এল পি জি গেছ পাইপলাইনটো তৎক্ষণাত বন্ধ কৰি দিয়া হয় যাতে জুই আৰু অধিক বিয়পিব নোৱাৰে। দুৰ্ঘটনাটোৰ কাৰণ আৰু পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা