--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ শুকুৰবাৰে পুৱা ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। পেট্ৰ’ল পাম্পৰ বাহিৰত এখন ট্ৰাক সংঘৰ্ষত সংঘটিত হোৱা এই বৃহৎ অগ্নিকাণ্ডত কমেও ৮ জন লোকৰ মৃত্যু হয়। আৰক্ষীৰ তথ্য অনুসৰি জয়পুৰ-আজমেৰ ঘাইপথত সংঘটিত হয় এই অগ্নিকাণ্ড । লগে লগে ভাংকৰোটা অঞ্চলত অৱস্থিত পেট্ৰ’ল পাম্পটোলৈ জুই বিয়পি পৰে। 

প্ৰাৰম্ভিক তদন্ত অনুসৰি আন বাহনসমূহত খুন্দা মৰা ট্ৰাকখনত ৰাসায়নিক পদাৰ্থ ভৰ্তি আছিল। জুইৰ তথ্য লাভ কৰাৰ লগে লগে ২০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে আহতসকলক জয়পুৰৰ ছাৱাই মান সিং হাস্পতালত ভৰ্তি কৰা হৈছে ।

জয়পুৰৰ ডিএম জিতেন্দ্ৰ ছোনীয়ে কয় যে এই ঘটনাত বহু লোকৰ মৃত্যু হৈছে। প্ৰায় ৪০ খন বাহন ভস্মীভূত হয়। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স। সাহায্যৰ কাম চলি আছে। এই ঘটনাত প্ৰায় ২৩-২৪ জন লোক আহত হৈছে। এছ এম এছ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ দীপক মহেশ্বৰীয়ে জনোৱা মতে, এই ঘটনাত ৮ জন লোকৰ মৃত্যু হৈছে। ২৪-২৫ জন লোকক আই চি ইউত ভৰ্তি কৰা হৈছে। 

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আহতসকলৰ খবৰ ল'বলৈ ততালিকে গৈ এছ এম এছ চিকিৎসালয়ত উপস্থিত হয় । মুখ্যমন্ত্ৰীয়ে এছ এম এছৰ বিষয়াসকলক চিকিৎসা সেৱাত কোনোধৰণৰ গাফিলতি নকৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে আহতসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈও নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে আজমীৰ ৰোডৰ দুৰ্ঘটনাস্থলীও পৰিদৰ্শন কৰে । আনহাতে, ঘটনাস্থলীত উপস্থিত হোৱা উপ-মুখ্যমন্ত্ৰী প্ৰেমচান্দ বৈৰৱাই কয় যে এতিয়ালৈকে ৩৯ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । একে সময়তে, স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং খিনভাচাৰো এছ এম এছ চিকিৎসালয়ত উপস্থিত হয় ।

এই ভয়াৱহ কাণ্ডৰ পিছত জৰুৰীকালীন দলে কাম কৰাৰ বাবে ঘাইপথত যাতায়ত বন্ধ হৈ পৰিছে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আন পথেৰে যাবলৈ পৰামৰ্শ দিছে। বিষয়াসকলে জনোৱা মতে, ঘাইপথৰ তলৰ পৰা পাৰ হৈ যোৱা এল পি জি গেছ পাইপলাইনটো তৎক্ষণাত বন্ধ কৰি দিয়া হয় যাতে জুই আৰু অধিক বিয়পিব নোৱাৰে। দুৰ্ঘটনাটোৰ কাৰণ আৰু পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু