--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ‘You never know when it strikes. প্ৰেম কৰা নাযায়,প্ৰেম হৈ যায়।‘ সচাঁকৈয়ে কোনে,কেতিয়া,কত,কেনেকৈ,কাৰ প্ৰেমত পৰে কোৱা নাযায়। তেনেকৈ বকুত ৰিণি ৰিণি বাজি উঠে প্ৰেমৰ সুহুঁৰি। অন্তৰৰ নিভৃত কোণলৈ বৈ যায় প্ৰেমৰ ভোগজৰা। পিছে এই প্ৰেমৰ মাজৰে বাট বোলতে উজুটিও খাইছে অলেখজনে। প্ৰেমৰ নামত প্ৰতাৰণাৰ সন্মুখীনো হ’বলগীয়া হৈছে একাংশই। প্ৰেম নিবেদন প্ৰত্যাখানৰ বাবে সময়ে সময়ে প্ৰতিকূল ঘটনাও সংঘটিত হৈছে দেশত।

শেহতীয়াকৈ তেনে এক ঘটনাই উদ্ৰেগ সৃ্ষ্টি কৰিছে। ২১ বছৰীয়া এজন যুৱকে প্ৰেম নিবেদন কৰিছিল এগৰাকী যুৱতীক। কিন্তু বিধিৰ বিপাক ! যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে যুৱতী গৰাকীয়ে। এতিয়া মমতাজক এৰি ছাহজাহান থাকে কেনে কৰি ! লাগিল গণ্ডগোল। আকোৰগোজ প্ৰেমিকাই প্ৰতিশোধৰ উদ্দেশ্যে যুৱতীগৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰিলে এটা 'ছেক্স টয়' অৰ্থাত যৌন পুতলা। কেৱল সেয়াই নহয়, নাচোৰবান্দা প্ৰেমিকে যুৱতীগৰাকীৰ ফোন নম্বৰটোও পৰ্ণগ্ৰাফী ছাইটত আপলোড কৰে। ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উক্ত ঘটনাটো শেহতীয়াকৈ ভাৰতবৰ্ষৰ মুম্বাই চহৰত সংঘটিত হৈছে। ঘটনাটোৰ এমাহ পাছত আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ধৃত অভিযুক্তজন কুনাল অন্থালকাৰ বুলি চিনাক্ত কৰিছে মুম্ৱাই আৰক্ষীয়ে।
মুম্ৱাই আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কুনাল অন্থালকাৰে বিগত কেইবা মাহ ধৰি যুৱতীগৰাকীৰ ঘৰলৈ 'যৌন পুতলা' প্ৰেৰণ কৰি আহিছে। ই-কমাৰ্চ ছাইটৰ পৰা কেছ-অন-ডেলিভাৰীৰ জৰিয়তে যুৱতীগৰাকীৰ ঘৰলৈ পঠিয়াইছিল এটাৰ পাছত এটা ছেক্স টয়। যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছৰে পৰা কুনালে এই কাৰ্যপন্থা গ্ৰহণ কৰিছিল। কুনালৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুম্বাইৰ মালাদ আৰক্ষী চকীত গোচৰ তৰিছিল। শেহতীয়াকৈ আৰক্ষীয়ে কুনালৰ সম্ভেদ পায় আৰু গোচৰ অনুসৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ পাইছে। জেল হাজোটতো কুনালে অধীৰ অপেক্ষাৰে বাট চাইছে প্ৰেয়সীলৈ। কিজানিবা তাই আহেই!


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান