--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ‘You never know when it strikes. প্ৰেম কৰা নাযায়,প্ৰেম হৈ যায়।‘ সচাঁকৈয়ে কোনে,কেতিয়া,কত,কেনেকৈ,কাৰ প্ৰেমত পৰে কোৱা নাযায়। তেনেকৈ বকুত ৰিণি ৰিণি বাজি উঠে প্ৰেমৰ সুহুঁৰি। অন্তৰৰ নিভৃত কোণলৈ বৈ যায় প্ৰেমৰ ভোগজৰা। পিছে এই প্ৰেমৰ মাজৰে বাট বোলতে উজুটিও খাইছে অলেখজনে। প্ৰেমৰ নামত প্ৰতাৰণাৰ সন্মুখীনো হ’বলগীয়া হৈছে একাংশই। প্ৰেম নিবেদন প্ৰত্যাখানৰ বাবে সময়ে সময়ে প্ৰতিকূল ঘটনাও সংঘটিত হৈছে দেশত।

শেহতীয়াকৈ তেনে এক ঘটনাই উদ্ৰেগ সৃ্ষ্টি কৰিছে। ২১ বছৰীয়া এজন যুৱকে প্ৰেম নিবেদন কৰিছিল এগৰাকী যুৱতীক। কিন্তু বিধিৰ বিপাক ! যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে যুৱতী গৰাকীয়ে। এতিয়া মমতাজক এৰি ছাহজাহান থাকে কেনে কৰি ! লাগিল গণ্ডগোল। আকোৰগোজ প্ৰেমিকাই প্ৰতিশোধৰ উদ্দেশ্যে যুৱতীগৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰিলে এটা 'ছেক্স টয়' অৰ্থাত যৌন পুতলা। কেৱল সেয়াই নহয়, নাচোৰবান্দা প্ৰেমিকে যুৱতীগৰাকীৰ ফোন নম্বৰটোও পৰ্ণগ্ৰাফী ছাইটত আপলোড কৰে। ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উক্ত ঘটনাটো শেহতীয়াকৈ ভাৰতবৰ্ষৰ মুম্বাই চহৰত সংঘটিত হৈছে। ঘটনাটোৰ এমাহ পাছত আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ধৃত অভিযুক্তজন কুনাল অন্থালকাৰ বুলি চিনাক্ত কৰিছে মুম্ৱাই আৰক্ষীয়ে।
মুম্ৱাই আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কুনাল অন্থালকাৰে বিগত কেইবা মাহ ধৰি যুৱতীগৰাকীৰ ঘৰলৈ 'যৌন পুতলা' প্ৰেৰণ কৰি আহিছে। ই-কমাৰ্চ ছাইটৰ পৰা কেছ-অন-ডেলিভাৰীৰ জৰিয়তে যুৱতীগৰাকীৰ ঘৰলৈ পঠিয়াইছিল এটাৰ পাছত এটা ছেক্স টয়। যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছৰে পৰা কুনালে এই কাৰ্যপন্থা গ্ৰহণ কৰিছিল। কুনালৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুম্বাইৰ মালাদ আৰক্ষী চকীত গোচৰ তৰিছিল। শেহতীয়াকৈ আৰক্ষীয়ে কুনালৰ সম্ভেদ পায় আৰু গোচৰ অনুসৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ পাইছে। জেল হাজোটতো কুনালে অধীৰ অপেক্ষাৰে বাট চাইছে প্ৰেয়সীলৈ। কিজানিবা তাই আহেই!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক