--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : কাশ্মীৰ সলনি হৈছে। এসময়ত সন্ত্ৰাস আৰু দেশবিৰোধী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ পৰা জম্মু-কাশ্মীৰত এতিয়া নতুন বা বলিছে। সন্ত্ৰাসবাদীৰ সমৰ্থনত দিৱস পালন হোৱা কাশ্মীৰত এতিয়া দেশপ্ৰেমৰ শ্লোগান ধ্বনিত হৈছে। নিউ ইণ্ডিয়াৰ অবিচ্ছেদ্য আৰু অভিন্ন অংগ জম্মু-কাশ্মীৰৰ আত্মাও এতিয় চামিল হ’বলৈ আৰম্ভ কৰিছে ‘ভাৰত’ৰ সৈতে। সন্ত্ৰাসবাদীৰ সমৰ্থনত নহয়, নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণৰ বাবে নহয় এইবাৰ শত-সহস্ৰ লোক সমবেত হৈছে সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা আৰক্ষী বিষয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। শ্ৰীনগৰত দেওবাৰে তেওঁ নিহত হৈছিল সন্ত্ৰাসবাদীৰ গুলীত। আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ কুপৱাৰা জিলাৰ কালমুনা গাঁৱত উপস্থিত হোৱাৰ লগে লগে সহস্ৰাধিক লোকে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ তাত সমবেত হয়।

আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সহস্ৰাধিক কাশ্মীৰীয়ে নতুন স্বৰেৰে যেন ক’লে সন্ত্ৰাসবাদ নিপাত যাওক। জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, ২৫বছৰীয়া আৰক্ষী বিষয়াগৰাকীয়ে এজন আৰক্ষীৰ জিম্মাত থকা লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। শ্ৰীনগৰৰ সমীপৰ খানয়াৰত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। আমি এজন সাহসী বিষয়াক হেৰুৱালোঁ। তেওঁ আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তক হাস্পতাললৈ নিয়াৰ সময়তে তেওঁৰ ওপৰত গুলীবৰ্ষণ কৰা হয়।’ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে এইকথা প্ৰকাশ কৰে।

তেওঁ লগতে প্ৰকাশ কৰে যে, অপৰাধীক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু অচিৰেই বিচাৰৰ কাঠগৰাত ঠিয় কৰোঁৱা হ’ব। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মীৰ নামৰ বিষয়াগৰাকীক যোৱা বছৰ জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছিল। প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত তেওঁ কেইমাহমান আগেয়ে খানয়াৰা আৰক্ষী থানাত নিযুক্ত হৈছিল। তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছে। আক্ৰমণকাৰীয়ে পিছফালৰ পৰা আহি তেওঁক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। মূৰত তিনিটাকৈ গুলী লগা মীৰক হাস্পতাললৈ নিয়া হয় যদিও তেওঁ মৃত্যু হয়। এইগৰাকী যুৱ আৰক্ষী বিষয়াৰ শেষকৃত্যত সহস্ৰাধিক লোক উপস্থিত থাকি এখন নতুন কাশ্মীৰৰ, উপত্যকাটোৰ পৰিৱৰ্তিত মানসিকতাৰ পৰিচয় দাঙি ধৰা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক