--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : কাশ্মীৰ সলনি হৈছে। এসময়ত সন্ত্ৰাস আৰু দেশবিৰোধী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ পৰা জম্মু-কাশ্মীৰত এতিয়া নতুন বা বলিছে। সন্ত্ৰাসবাদীৰ সমৰ্থনত দিৱস পালন হোৱা কাশ্মীৰত এতিয়া দেশপ্ৰেমৰ শ্লোগান ধ্বনিত হৈছে। নিউ ইণ্ডিয়াৰ অবিচ্ছেদ্য আৰু অভিন্ন অংগ জম্মু-কাশ্মীৰৰ আত্মাও এতিয় চামিল হ’বলৈ আৰম্ভ কৰিছে ‘ভাৰত’ৰ সৈতে। সন্ত্ৰাসবাদীৰ সমৰ্থনত নহয়, নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণৰ বাবে নহয় এইবাৰ শত-সহস্ৰ লোক সমবেত হৈছে সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা আৰক্ষী বিষয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। শ্ৰীনগৰত দেওবাৰে তেওঁ নিহত হৈছিল সন্ত্ৰাসবাদীৰ গুলীত। আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ কুপৱাৰা জিলাৰ কালমুনা গাঁৱত উপস্থিত হোৱাৰ লগে লগে সহস্ৰাধিক লোকে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ তাত সমবেত হয়।

আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সহস্ৰাধিক কাশ্মীৰীয়ে নতুন স্বৰেৰে যেন ক’লে সন্ত্ৰাসবাদ নিপাত যাওক। জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, ২৫বছৰীয়া আৰক্ষী বিষয়াগৰাকীয়ে এজন আৰক্ষীৰ জিম্মাত থকা লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। শ্ৰীনগৰৰ সমীপৰ খানয়াৰত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। আমি এজন সাহসী বিষয়াক হেৰুৱালোঁ। তেওঁ আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তক হাস্পতাললৈ নিয়াৰ সময়তে তেওঁৰ ওপৰত গুলীবৰ্ষণ কৰা হয়।’ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে এইকথা প্ৰকাশ কৰে।

তেওঁ লগতে প্ৰকাশ কৰে যে, অপৰাধীক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু অচিৰেই বিচাৰৰ কাঠগৰাত ঠিয় কৰোঁৱা হ’ব। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মীৰ নামৰ বিষয়াগৰাকীক যোৱা বছৰ জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছিল। প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত তেওঁ কেইমাহমান আগেয়ে খানয়াৰা আৰক্ষী থানাত নিযুক্ত হৈছিল। তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছে। আক্ৰমণকাৰীয়ে পিছফালৰ পৰা আহি তেওঁক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। মূৰত তিনিটাকৈ গুলী লগা মীৰক হাস্পতাললৈ নিয়া হয় যদিও তেওঁ মৃত্যু হয়। এইগৰাকী যুৱ আৰক্ষী বিষয়াৰ শেষকৃত্যত সহস্ৰাধিক লোক উপস্থিত থাকি এখন নতুন কাশ্মীৰৰ, উপত্যকাটোৰ পৰিৱৰ্তিত মানসিকতাৰ পৰিচয় দাঙি ধৰা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান