--°C
Loading...
Listen to Article
2 min read
80%

আইজল : অসম-মিজোৰাম সীমাঞ্চলত মিজো আৰক্ষীয়ে সৃষ্টি কৰা অবাঞ্চিত ঘটনাৰ পাছত ৰাজ্যখনে অসমকে দোষাৰোপ কৰাৰ চেষ্টা চলাই আহিছে। মিজো আৰক্ষীৰ গুলীত অসমৰ ৬জনকৈ আৰক্ষীৰ লোকে প্ৰাণ হেৰুওৱাৰ দৰে ভয়্ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো মিজো সংবাদ মাধ্যম, মিজো ৰাজনীতিক তথা মিজো ছাত্ৰ সংগঠনেও অসমবিৰোধী ভূমিকা গ্ৰহণ কৰিছে। মিজো সাংসদে মুকলিকৈ সকলোকে গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ পাছত এইবাৰ মিজো ছাত্ৰ সন্থাৰ (এমএছইউ) সভাপতি জে লালমুয়ানজুয়ালায়ো প্ৰৰোচনামূলক দাবী কৰিছে। সংগঠনটোৰ হৈ তেওঁ এখন পত্ৰযোগে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে দায়ী কৰে। এখন মুকলি পত্ৰ লিখি এমএছইউৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা ৰাজনৈতিক বিভ্ৰান্তিয়ে এক গোপন ৰাজনৈতিক লক্ষ্যৰ ইংগিত বহন কৰিছে।

পত্ৰখনত লিখিছে, '৫০৯ বৰ্গ মাইলৰ ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ ভিতৰত বাংলাদেশৰ পৰা অহা বহুতো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বাস কৰে। এই জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ আৰু আপোনাৰ ৰাজনৈতিক উচ্চাকাংক্ষা চৰিতাৰ্থ কৰিবলৈ তেওঁলোকক এখন স্বায়ত্তশাসিত জিলা পৰিষদ দিয়াৰ আপোনাৰ প্ৰয়াস বন্ধ হ'ব লাগিব।' এমএছইউৰ সভাপতিগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰীক সতৰ্কবাণী দি মিজোসকলক সহজভাৱে নল'বলৈ দৃঢ়তাৰে কয়, 'যদি আপুনি ভাৰতীয় সংঘৰ ছত্ৰছায়াত শান্তি নিবিচাৰে, তেন্তে আপুনি ভালদৰে জানে যে অতীতত মিজোসকলৰ বিদ্ৰোহ আৰু অস্ত্ৰ গ্ৰহণৰ ইতিহাস আছে। যদি সময়ে সেয়া কৰিবলৈ কয়, তেন্তে আমি তাৰ পুনৰাবৃত্তি ঘটাবলৈ সংকোচ নকৰোঁ।’


'আমি সকলোৱে জানো যে, আপুনি মিজোৰাম চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যম আৰু ৰাইজৰ সন্মুখত ভুৱা মন্তব্য কৰিছে যাতে আপুনি আপোনাৰ ৰাজ্যৰ জনগণৰপৰা প্ৰকৃত সত্য লুকুৱাব পাৰে।' তেওঁ এইবুলিও অভিযোগ কৰে। তদুপৰি, পত্ৰখনত আৰু উল্লেখ কৰা হৈছে যে, 'আপোনাৰ কাৰ্যৰ দ্বাৰা আপুনি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ সৈতে শত্ৰুতা সৃষ্টি কৰিছিল। আপোনাৰ ব্যক্তিগত লাভৰ বাবে উত্তৰ-পূবৰ ঐক্যৰ প্ৰতি অসন্মান দেখুৱাইছে৷ যাৰ ফলত উত্তৰ-পূবৰ লোকসকলক মৃত্যুমুখত পৰাৰ উপৰি এই ৭ ভনীৰ মাজত শান্তি স্থাপনৰ প্ৰক্ৰিয়া ব্যাহত হৈছে।' শেষত তেওঁ লিখে, 'আমি মিজোসকল শান্তিপ্ৰেমী লোক, আৰু আমি ভাৰত সংঘত বাস কৰিব বিচাৰোঁ, কিন্তু যদি আপুনি আমাৰ সৈতে খেলিবলৈ চেষ্টা কৰে আৰু আমাক দোষাৰোপ কৰে, আমি পিছুৱাই নাযাওঁ; আমি যুঁজ দিম।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement