--°C
Loading...
Listen to Article
2 min read
80%

আইজল : অসম-মিজোৰাম সীমাঞ্চলত মিজো আৰক্ষীয়ে সৃষ্টি কৰা অবাঞ্চিত ঘটনাৰ পাছত ৰাজ্যখনে অসমকে দোষাৰোপ কৰাৰ চেষ্টা চলাই আহিছে। মিজো আৰক্ষীৰ গুলীত অসমৰ ৬জনকৈ আৰক্ষীৰ লোকে প্ৰাণ হেৰুওৱাৰ দৰে ভয়্ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো মিজো সংবাদ মাধ্যম, মিজো ৰাজনীতিক তথা মিজো ছাত্ৰ সংগঠনেও অসমবিৰোধী ভূমিকা গ্ৰহণ কৰিছে। মিজো সাংসদে মুকলিকৈ সকলোকে গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ পাছত এইবাৰ মিজো ছাত্ৰ সন্থাৰ (এমএছইউ) সভাপতি জে লালমুয়ানজুয়ালায়ো প্ৰৰোচনামূলক দাবী কৰিছে। সংগঠনটোৰ হৈ তেওঁ এখন পত্ৰযোগে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে দায়ী কৰে। এখন মুকলি পত্ৰ লিখি এমএছইউৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা ৰাজনৈতিক বিভ্ৰান্তিয়ে এক গোপন ৰাজনৈতিক লক্ষ্যৰ ইংগিত বহন কৰিছে।

পত্ৰখনত লিখিছে, '৫০৯ বৰ্গ মাইলৰ ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ ভিতৰত বাংলাদেশৰ পৰা অহা বহুতো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বাস কৰে। এই জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ আৰু আপোনাৰ ৰাজনৈতিক উচ্চাকাংক্ষা চৰিতাৰ্থ কৰিবলৈ তেওঁলোকক এখন স্বায়ত্তশাসিত জিলা পৰিষদ দিয়াৰ আপোনাৰ প্ৰয়াস বন্ধ হ'ব লাগিব।' এমএছইউৰ সভাপতিগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰীক সতৰ্কবাণী দি মিজোসকলক সহজভাৱে নল'বলৈ দৃঢ়তাৰে কয়, 'যদি আপুনি ভাৰতীয় সংঘৰ ছত্ৰছায়াত শান্তি নিবিচাৰে, তেন্তে আপুনি ভালদৰে জানে যে অতীতত মিজোসকলৰ বিদ্ৰোহ আৰু অস্ত্ৰ গ্ৰহণৰ ইতিহাস আছে। যদি সময়ে সেয়া কৰিবলৈ কয়, তেন্তে আমি তাৰ পুনৰাবৃত্তি ঘটাবলৈ সংকোচ নকৰোঁ।’


'আমি সকলোৱে জানো যে, আপুনি মিজোৰাম চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যম আৰু ৰাইজৰ সন্মুখত ভুৱা মন্তব্য কৰিছে যাতে আপুনি আপোনাৰ ৰাজ্যৰ জনগণৰপৰা প্ৰকৃত সত্য লুকুৱাব পাৰে।' তেওঁ এইবুলিও অভিযোগ কৰে। তদুপৰি, পত্ৰখনত আৰু উল্লেখ কৰা হৈছে যে, 'আপোনাৰ কাৰ্যৰ দ্বাৰা আপুনি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ সৈতে শত্ৰুতা সৃষ্টি কৰিছিল। আপোনাৰ ব্যক্তিগত লাভৰ বাবে উত্তৰ-পূবৰ ঐক্যৰ প্ৰতি অসন্মান দেখুৱাইছে৷ যাৰ ফলত উত্তৰ-পূবৰ লোকসকলক মৃত্যুমুখত পৰাৰ উপৰি এই ৭ ভনীৰ মাজত শান্তি স্থাপনৰ প্ৰক্ৰিয়া ব্যাহত হৈছে।' শেষত তেওঁ লিখে, 'আমি মিজোসকল শান্তিপ্ৰেমী লোক, আৰু আমি ভাৰত সংঘত বাস কৰিব বিচাৰোঁ, কিন্তু যদি আপুনি আমাৰ সৈতে খেলিবলৈ চেষ্টা কৰে আৰু আমাক দোষাৰোপ কৰে, আমি পিছুৱাই নাযাওঁ; আমি যুঁজ দিম।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু