--°C
Loading...
Listen to Article
2 min read
80%


মুম্বাই : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ পাছৰে পৰা দেশত নিষিদ্ধ নিচাৰ কৱলত পৰা চেলিব্ৰিটিৰ কাহিনীয়ে তোলপাৰ লগাই আছে। ইজনৰ পাছত সিজন তাৰকা জেৰাৰ সন্মুখীন হৈছে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰৰ। একাধিক হৈছে গ্ৰেপ্তাৰ। এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। ড্ৰাগছৰ গোচৰত শুকুৰবাৰে ৰকুল প্ৰীত সিঙৰ দৰে তাৰকা অভিনেত্ৰীও ব্যুৰোৰ জেৰাৰ সন্মুখীন হৈছে।

তাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক বিস্ফোৰক খবৰ। এইবাৰ ব্যুৰৰ জালত পৰিছে এজন ইউটিউবাৰ। ব্যাপক পৰিমাণৰ ‘মানালি চাৰস’ অৰ্থাত গাঁজাসহ গ্ৰেপ্তাৰ হৈছে ইউটিউবাৰ গৌতম দত্ত। ইউটিউবাৰৰ জিম্মাৰ পৰা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে জব্দ কৰিছে ৫০ লাখ টকা দামৰ ১ কিলোগ্ৰাম নিষিদ্ধ ‘মানালি চাৰস’। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ নিচাজাতীয় সামগ্ৰী নিবাৰক শাখাই আন্ধেৰী এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে ইউটিউবাৰ দত্তক। ইউটিউবাৰৰ পৰিচয় লৈ প্ৰতিষ্ঠিত হ’লেও নিষিদ্ধ নিচাৰ সৰবৰাহত জড়িত দত্তৰ গ্ৰেপ্তাৰে আন এখন গোপন দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। দত্তৰ বলীউডৰ সৈতে সুসম্পৰ্ক আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ বলীউড তাৰকাক নিষিদ্ধ নিচাৰ যোগান ধৰাৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে।

শুকুৰবাৰে নিয়মীয়া তালাচীৰ সময়তে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোই সন্দেহবশতঃ গৌতম দত্তক আটক কৰিছিল। তেওঁ কঢ়িয়াই ফুৰা বেগটো পৰীক্ষা কৰাৰ সময়ত আৰক্ষীয়ে এক কিলোগ্ৰাম ‘মানালি চাৰস’ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জ্যেষ্ঠ আৰক্ষী বিষযে দত্ত নালাৱাড়েই এই তথ্য সদৰি কৰিছে। ৫০ লাখ টকা দামৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰৰ পাছতে আৰক্ষীয়ে তেওঁ ড্ৰাগছ প্ৰতিৰোধী কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰে। ইউটিউবাৰজনৰ গ্ৰেপ্তাৰে মায়ানগৰাকীত নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা সন্দৰ্ভত আন ভালেমান দিশ পোহৰলৈ অনাৰ সম্ভাৱনা আছে। ব্যুৰোই এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ