--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: একাপ চাহে সজীৱ কৰে আপোনাৰ দিনটো। পুৱাই শুই উঠি যদি আপুনি একাপ ভাল চাহ খাবলৈ পায় কেনে লাগিব বাৰু? দিনটো খুব সুন্দৰভাৱে নাযাবনে বাৰু! লগতে আপোনাৰ এলাহ এলাহ ভাবটোও দূৰ হ’ব আৰু গোটেই দিনটো মনটোও ফূৰ্তিত থাকিব। মাত্ৰ একাপ চাহ আৰু টোপনিক কৰা ‘বাই’‘বাই’, আৰু ব্যস্ত হৈ পৰক দৈনন্দিন কাৰ্যত। ঠাণ্ডাৰ দিনতটো চাহ খোৱাৰ ইচ্ছাটো বাঢ়ি যায় আৰু ইচ্ছা বঢ়াৰ লগে লগে চাহ খোৱাৰ প্ৰৱণতাও বাঢ়ি যায়। সকলোতকৈ ডাঙৰ কথা হ’ল চাহ স্বাস্থ্যৰ বাবে বৰ লাভদায়ক আৰু লগতে উপযোগীও।

আজি-কালি যুৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰা তেনেকুৱা এবিধ চাহ হৈছে গ্ৰীন টি৷ এইবিধ এনেকুৱা এবিধ চাহ, যি গছৰ কেঁচা পাতৰ পৰা বনোৱা হয়। ইয়াত সকলোতকৈ বেছি এণ্টিঅক্সিডেণ্ট থাকে। যদি গ্ৰীন টি গাখীৰ আৰু চেনি অবিহনে খোৱা যায়, তেতিয়া বেছি লাভদায়ক হয়। গ্ৰীন টিত কেলৰি নাই আৰু ইয়াৰ পৰা হাৰ্বেল অৰগেনিক চাহ তৈয়াৰ কৰিব পাৰি।

গ্ৰীন টি শৰীৰৰ বাবে উপকাৰী চাহ৷ গ্ৰীন টিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও তৎক্ষণাৎ বজাৰৰ পৰা ক্ৰয় কৰি আনিব এই উপকাৰী চাহপাত৷ গ্ৰীন টিত স্বাস্থ্যকৰ জৈৱ-সক্ৰিয় যৌগ থাকে। মস্তিষ্কৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে। চৰ্বি দহন বৃদ্ধি কৰে। এণ্টিঅক্সিডেণ্টে কিছুমান কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। মগজুক বয়স বৃদ্ধিৰ পৰা সুৰক্ষিত কৰিব পাৰে। উশাহৰ দুৰ্গন্ধ হ্ৰাস কৰিব পাৰে। মধুমেহ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে৷ কাৰ্ডিঅ’ ভাস্কুলাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ