--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে মানুহে ফলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানে, কিন্তু আপুনি জানেনে যে ঘৰত দৈনিক ব্যৱহাৰ কৰা কিছুমান শাক-পাচলিৰ বাকলিও বহুত উপকাৰী হ’ব পাৰে। পিঁয়াজ আৰু নহৰু মানুহে দৈনিক পাকঘৰত ব্যৱহাৰ কৰে। ৰাতিপুৱাৰ পৰা গধূলিলৈ বিভিন্ন ধৰণৰ খাদ্যত বিভিন্ন ধৰণে পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰা হয়। কিছুমান মানুহে কেঁচা পিঁয়াজো অতি উৎসাহেৰে পিঁয়াজ খায়। পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰি মানুহে বাকলিবোৰ পেলাই দিয়ে। আপুনি জানি আচৰিত হব যে পিঁয়াজ আৰু নহৰুৰ বাকলিৰ আছে অনেক উপকাৰিতা। গতিকে আজিৰে পৰা পিঁয়াজ আৰু নহৰুৰ বাকলি পেলাই নিদিব।

১)উত্তম সাৰঃ পিঁয়াজ আৰু নহৰুৰ বাকলি পেলাই নিদিব। ইয়াক গছ-ফুল আদিৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। পিঁয়াজ আৰু নহৰুৰ বাকলি গছ-গছনিৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। পিঁয়াজ আৰু নহৰুৰ বাকলিত কেলচিয়াম, আইৰণ, মেগনেছিয়াম আৰু কপাৰ প্ৰচুৰ পৰিমাণে থাকে।

২)চুলিৰ বাবে উপকাৰীঃ পিঁয়াজৰ বাকলিয়ে চুলিখিনি অতি চিকচিকিয়া কৰি তোলে। পিঁয়াজৰ বাকলি পানীত উতলাই, এই পানীৰে মূৰ ধুলে চুলি বহুত জিলিকি উঠে। একে সময়তে মূৰৰ চুলিত ৰং কৰাতো পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰা হয়। পিঁয়াজৰ বাকলি পানীত একৰ পৰা আধা ঘণ্টা উতলাই লব। এতিয়া এই পানীৰে মূৰটো মালিচ কৰক, তাৰ পিছত আধা ঘণ্টাৰ পিছত চুলিখিনি ধুই পেলাওক। ই চুলিত প্ৰাকৃতিক ৰং হিচাপে কাম কৰিব।

৩)ক্ৰেম্প আঁতৰায়ঃ কেতিয়াবা শৰীৰৰ মাংসপেশীবোৰত স্পাম হয়। ইয়াৰ বাবেই মানুহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে অৱস্থাত পিঁয়াজৰ বাকলি ১০-১৫ মিনিট পানীত ডুবাই ৰাখিব লাগে। ৰাতি শুবৰ আগতে এই পানী খাব লাগে। ইয়াৰ ফলত Muscle Crampsত বহুত সকাহ পাব।

৪)খজুৱতি হোৱা ছালৰ বাবে ফলপ্ৰসূঃ প্ৰায়ে মানুহৰ ছালত খুব খজুৱতি হয়। ইয়াৰ বাবে মানুহে বহু ধৰণৰ ঔষধো ব্যৱহাৰ কৰে। কিন্তু ঘৰত পিঁয়াজ আৰু নহৰুৰ বাকলি থাকিলে এই সমস্যাৰ পৰা বহু পৰিমাণে সকাহ পোৱা যায়। পানীত তিয়াই থোৱা পিঁয়াজ আৰু নহৰুৰ বাকলি শৰীৰৰ ছালত লগালে ইয়াৰ পৰা যথেষ্ট উপকাৰ পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু