--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডাঙৰ খেলুৱৈ হলেই নহ’ব, সুনাম অনুসৰি নিজৰ প্ৰদৰ্শন তুলি ধৰিব পাৰিব লাগিব। টীম ইণ্ডিয়াৰ তিনিগৰাকী ছুপাৰষ্টাৰ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুলক সমালোচনা কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱ

প্ৰয়োজনৰ সময়ত সুপৰিচিত ক্ৰিকেটাৰসকলৰ পৰা যদি আশানুৰূপ প্ৰদৰ্শন পোৱা নাযায় তেত‌িয়া খেলুৱৈসকলক দলৰ পৰা বাদ দিয়াৰ দৰে কথাও কয় বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়কগৰাকীয়ে

ইউটিউব শ্ব আনকাটত ৰোহিত, কোহলী আৰু ৰাহুলৰ বিষয়ে কপিল দেৱে কয় যে, ‘ডাঙৰ খেলুৱৈ হিচাপে তেওঁলোকৰ সুনাম আছে, যিটো কথাই তেওঁলোকক চাপত ৰাখে। যদিও সেয়া আচলতে ভাবিব লগীয়া কথা নহয়। আচলতে তেওঁলোকে নিৰ্ভীক ক্ৰিকেট খেলিব লাগিব। তেওঁলোকৰ সকলোৱে ১৫০-১৬০ ষ্ট্ৰাইক ৰেটত স্কৰ কৰিব পাৰে। কিন্তু যেতিয়াই আমাক তেওঁলোকৰ পৰা ৰানৰ প্ৰয়োজন হয়, তেত‌িয়াই তেওঁলোক আউট হয়। লেহেমীয়া গতিত ২০-২৫ ৰানৰ পাছত যেতিয়া ইনিংছক গতি দিয়াৰ সময় আহি পৰে, তেতিয়া আউট হয় তেওঁলোকযিয়ে দলটোৰ ওপৰত চাপৰ সৃষ্টি কৰে।

লোকেশ ৰাহুলৰ সন্দৰ্ভত কপিলে কয়, ‘লোকেশ ৰাহুলক চাওক, যদি দলে তেওঁক আহি সম্পূৰ্ণ ২০ অভাৰ খেলিবলৈ কয়, আৰু যদি আপুনি ৮০-৯০ ৰান কৰে তেন্তে সেয়া ঠিকেই আছে। বাকী ৰা আন বেটছমেনে কৰিব। কিন্তু যদি তুমি ৭০ ৰান কৰি নট আউট আছা, তেন্তে তুমি কিন্তু দলটোৰ সৈতে একো ন্যায় কৰা নাই।

শেষত প্ৰাক্তন তাৰকাগৰাকীয়ে কয়, ‘মই ভাবো প্ৰয়োগ কৌশল সলনি কৰাৰ প্ৰয়োজন আছে। যদি তেনে নহয় তেন্তে খেলুৱৈ সলনি কৰাৰ সময় আহি পৰিছে। এজন মহান খেলুৱৈৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হয়। এগৰাকী খেলুৱৈ হিচাপে কেৱল খ্যাতি থাকিলেই নহয়, অনবদ্য প্ৰদৰ্শনো প্ৰয়োজনীয় বিষয়।’

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ