--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডাঙৰ খেলুৱৈ হ’লেই নহ’ব, সুনাম অনুসৰি নিজৰ প্ৰদৰ্শন তুলি ধৰিব পাৰিব লাগিব। টীম ইণ্ডিয়াৰ তিনিগৰাকী ছুপাৰষ্টাৰ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুলক সমালোচনা কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ।

প্ৰয়োজনৰ সময়ত সুপৰিচিত ক্ৰিকেটাৰসকলৰ পৰা যদি আশানুৰূপ প্ৰদৰ্শন পোৱা নাযায় তেত‌িয়া খেলুৱৈসকলক দলৰ পৰা বাদ দিয়াৰ দৰে কথাও কয় বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়কগৰাকীয়ে।

ইউটিউব শ্ব’  আনকাটত ৰোহিত, কোহলী আৰু ৰাহুলৰ বিষয়ে কপিল দেৱে কয় যে, ‘ডাঙৰ খেলুৱৈ হিচাপে তেওঁলোকৰ সুনাম আছে, যিটো কথাই তেওঁলোকক চাপত ৰাখে। যদিও সেয়া আচলতে ভাবিব লগীয়া কথা নহয়। আচলতে তেওঁলোকে নিৰ্ভীক ক্ৰিকেট খেলিব লাগিব। তেওঁলোকৰ সকলোৱে ১৫০-১৬০ ষ্ট্ৰাইক ৰেটত স্ক’ৰ কৰিব পাৰে। কিন্তু যেতিয়াই আমাক তেওঁলোকৰ পৰা ৰানৰ প্ৰয়োজন হয়, তেত‌িয়াই তেওঁলোক আউট হয়। লেহেমীয়া গতিত ২০-২৫ ৰানৰ পাছত যেতিয়া ইনিংছক গতি দিয়াৰ সময় আহি পৰে, তেতিয়াই আউট হয় তেওঁলোক। যিয়ে দলটোৰ ওপৰত চাপৰ সৃষ্টি কৰে।’

লোকেশ ৰাহুলৰ সন্দৰ্ভত কপিলে কয়, ‘লোকেশ ৰাহুলক চাওক, যদি দলে তেওঁক আহি সম্পূৰ্ণ ২০ অ’ভাৰ খেলিবলৈ কয়, আৰু যদি আপুনি ৮০-৯০ ৰান কৰে তেন্তে সেয়া ঠিকেই আছে। বাকী ৰান আন বেটছমেনে কৰিব। কিন্তু যদি তুমি ৭০ ৰান কৰি নট আউট আছা, তেন্তে তুমি কিন্তু দলটোৰ সৈতে একো ন্যায় কৰা নাই।’

শেষত প্ৰাক্তন তাৰকাগৰাকীয়ে কয়, ‘মই ভাবো প্ৰয়োগ কৌশল সলনি কৰাৰ প্ৰয়োজন আছে। যদি তেনে নহয় তেন্তে খেলুৱৈ সলনি কৰাৰ সময় আহি পৰিছে। এজন মহান খেলুৱৈৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হয়। এগৰাকী খেলুৱৈ হিচাপে কেৱল খ্যাতি থাকিলেই নহয়, অনবদ্য প্ৰদৰ্শনো প্ৰয়োজনীয় বিষয়।’

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু