--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচন গ’ল, মন্ত্ৰীসভাও গঠন হ’ল। ইয়াৰ মাজতে শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলকৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে।  লোকসভা নিৰ্বাচনত  বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত প্ৰথম ৰাজহুৱা মন্তব্য কৰি  আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে  কয় যে এজন প্ৰকৃত সেৱক (যিজনে জনসাধাৰণৰ সেৱা কৰে)ৰ অহংকাৰ থাকিব নালাগে। তেওঁ  আনক  কোনো আঘাত নিদিয়াকৈ কাম কৰিব লাগে।  নিৰ্বাচনী প্ৰচাৰৰ তিক্ত পৰিবেশৰ কথা উল্লেখ কৰি তেওঁ কয় যে “ প্ৰচাৰৰ সময়ত শিষ্টাচাৰ বজাই ৰখা হোৱা নাছিল”।নাগপুৰত আৰএছএছৰ কৰ্মীৰ এখন সন্মিলনত ভাষণ দি ভাগৱতে সকলো বিষয়তে  সহমত গঢ়ি তোলাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে। 

মণিপুৰৰ হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ বিষয়টোত সংঘৰ উদ্বেগৰ কথা  পুনৰবাৰ উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে সমস্যাটোৰ প্ৰতি কোনে গুৰুত্ব দিব? মণিপুৰৰ সমস্যাটো  অগ্ৰাধিকাৰৰ ভিত্তিত মোকাবিলা কৰিব লাগিব বুলিও তেওঁ কয়। ভাগৱতে কয়-এজন প্ৰকৃত সেৱকে কাম কৰি থাকোঁতে শিষ্টাচাৰ বজাই ৰাখে।  শিষ্টাচাৰ বজাই ৰখাজনেহে নিজৰ কাম ভালদৰে কৰিব পাৰে। মই এই কামটো কৰিলোঁ বুলি কোনো অহংকাৰ নকৰে। এনে ব্যক্তিহে  প্ৰকৃত সেৱক” ।তেওঁ লগতে কয় ” নিৰ্বাচনক প্ৰতিযোগিতা হিচাপে চাব লাগে,  যুদ্ধ হিচাবে নহয়। নিৰ্বাচনৰ সময়ত যি ধৰণৰ কথা কোৱা হৈছিল, দুয়োপক্ষই উভয়ে-উভয়ক  যিদৰে আক্ৰমণ কৰিছিল সেইবোৰে সামাজিক বিভাজন সৃষ্টি হোৱাৰ কথাটোত পিছে কোনেও গুৰুত্ব দিয়া নাছিল। কোনো কাৰণ নোহোৱাকৈয়ে সংঘক এই ক্ষেত্ৰত টানি অনা হৈছিল... প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে অসত্য বিয়পি পৰিছিল। জ্ঞানৰ ব্যৱহাৰ এনেদৰে কৰা উচিত নেকি? দেশখন এনেদৰে কেনেকৈ চলিব?” ।

বিৰোধীৰ প্ৰসংগত  ভাগৱতে কয়, “মই ইয়াক বিৰোধী পক্ষ বুলি নকওঁ, মই ইয়াক প্ৰতিপক্ষ বুলি কওঁ। প্ৰতিপক্ষ বিৰোধী নহয়।’’ নিৰ্বাচনী ফলাফলে  এটা দিশ উন্মোচন কৰিছে আৰু সেই বিষয়ত  বিবেচনা কৰিব লাগিববুলি উল্লেখ কৰি ভাগৱতে কয়- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত প্ৰয়োজনীয় শিষ্টাচাৰৰ প্ৰতি আমি সচেতন হ’ব লাগিব। সেই শিষ্টাচাৰ বজাই ৰখা হোৱা নাছিল।তেওঁ কয় যে নিৰ্বাচন গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ আৰু যিহেতু দুটা পক্ষ আছে, সেয়েহে প্ৰতিযোগিতা চলিবই। কিন্তু তাতো শিষ্টাচাৰ গুৰুত্বপূৰ্ণ। মণিপুৰত হিংসাৰ প্ৰসংগত ভাগৱতে ক’লে, “সকলোতে সামাজিক বিসঙ্গতি দেখা গৈছে। এয়া ভাল নহয়। বিগত এবছৰ ধৰি মণিপুৰে শান্তিৰ বাবে অপেক্ষা কৰি আছে। যোৱা এটা দশক মণিপুৰ  শান্তিপূৰ্ণ আছিল। দেখা গৈছিল যে আগৰ বন্দুকৰ সংস্কৃতি নাইকিয়া হৈ গৈছে। কিন্তু  তাত এতিয়া  বন্দুক সংস্কৃতি হঠাতে গঢ় লৈ উঠিল বা সৃষ্টি হ’ল, মণিপুৰ এতিয়াও জ্বলি আছে। কোনে ইয়াৰ প্ৰতি মনোযোগ দিছে? বিষয়টোত অগ্ৰাধিকাৰ দি মোকাবিলা কৰাটো এটা কৰ্তব্য।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ