--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০ জুনত নতুন দিল্লীত ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ৰ দায়িত্ব গ্ৰহণ কৰে। কাৰ্যালয়ৰ বিষয়াসকলৰ লগতে কৰ্মচাৰীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি দেশৰ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে দলটোক আত্মবিশ্বাসেৰে উজ্জীৱিত কৰি তোলে।  সোণোৱালে পুনৰ কয় যে ভাৰতক বিকশিত কৰি তোলাৰ বাবে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব লাগিব আৰু তেওঁৰ দলটোক এই দিশত ভাল কাম কৰাৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।


 
অনুষ্ঠানত ভাষণ প্ৰদান কৰি  সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে’ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ দিশত আৰু এক অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ প্ৰচেষ্টাত ইয়াৰ সামগ্ৰিক বিকাশৰ দিশত দৃঢ়তাৰে কাম কৰি আহিছে। আমি ‘বিকশিত ভাৰত’ৰ চূড়ান্ত লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়ি যাওঁতে ‘নেশ্যন ফাৰ্ষ্ট’ৰ মন্ত্ৰেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যত নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি যাম। আমাৰ মন্ত্ৰালয়ে ‘অমৃত কাল ভিজন, ২০৪৭’ত কল্পনা কৰা অনুসৰি সামুদ্ৰিক খণ্ডক সামগ্ৰিক বিকাশৰ দিশত শক্তিশালী কৰাৰ বাবে কাম কৰি যাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু