--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীট ইউজি ২০২৪ত এইবেলি নানান বিসংগতিৰ অভিযোগ উত্থাপন হৈছেষ আনকি  প্ৰশ্নকাকত ফাদিল হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখা গৈছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগেৰে নীট ইউজি ২০২৪ৰ  পৰীক্ষা বাতিল কৰাৰ বাবে বহুতে আনকি উচ্চতম ন্যায়ালয়তো আবেদন জনাইছে। তেনে  আবেদনৰ ভিত্তিত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক জাননী জাৰি কৰে। ন্যায়াধীশ বিক্ৰম নাথ আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কয় যে “পবিত্ৰতা বিনষ্ট  হৈছে”  “আমাক উত্তৰৰ প্ৰয়োজন”। 

অৱশ্যে পৰীক্ষাত যোগ্যতা অৰ্জন কৰাসকলৰ নামভৰ্তিৰ বাবে কাউন্সেলিং প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আদালতে অস্বীকাৰ কৰে।ন্যায়াধীশ নাথে কয় “কাউন্সেলিং আৰম্ভ হওক। আমি কাউন্সেলিং বন্ধ কৰা নাই।’ জ্যেষ্ঠ অধিবক্তা মেথিউছ জে নেডুমপাৰাই আদালতক কাউন্সেলিং বন্ধ কৰিবলৈ আহ্বান জনাইছিল।

ন্যায়াধীশ আমানুল্লাহে এনটিএৰ অধিবক্তাক কয় যে, ‘এয়া ইমান সহজ নহয় যে আপোনালোকে অনুষ্ঠিত কৰা বুলিয়েই  ই পবিত্ৰ। আমাক উত্তৰ লাগে... কাৰণ পবিত্ৰতাৰ ওপৰত প্ৰভাৱ পৰিছে। গতিকে আমাক উত্তৰৰ প্ৰয়োজন’’। পৰীক্ষাত বিসংগতিৰ অভিযোগ কৰা  আবেদনত ছাত্ৰ-ছাত্ৰীসকলে কয় যে, “নীট পৰীক্ষাৰ প্ৰশ্নকাকত  লিক হৈছে। ফলত বহু শিক্ষাৰ্থী ক্ষতিৰ সন্মুখীন হৈছে।’’

' ১৭ মে'ত একেধৰণৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠুত  বিচাৰপীঠে  নীট পৰীক্ষাৰ ফলাফল ঘোষণা  স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল। ৪ জুনত NEET-UG ২০২৪ৰ ফলাফল ঘোষণা কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ