--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীট ইউজি ২০২৪ত এইবেলি নানান বিসংগতিৰ অভিযোগ উত্থাপন হৈছেষ আনকি  প্ৰশ্নকাকত ফাদিল হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখা গৈছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগেৰে নীট ইউজি ২০২৪ৰ  পৰীক্ষা বাতিল কৰাৰ বাবে বহুতে আনকি উচ্চতম ন্যায়ালয়তো আবেদন জনাইছে। তেনে  আবেদনৰ ভিত্তিত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক জাননী জাৰি কৰে। ন্যায়াধীশ বিক্ৰম নাথ আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কয় যে “পবিত্ৰতা বিনষ্ট  হৈছে”  “আমাক উত্তৰৰ প্ৰয়োজন”। 

অৱশ্যে পৰীক্ষাত যোগ্যতা অৰ্জন কৰাসকলৰ নামভৰ্তিৰ বাবে কাউন্সেলিং প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আদালতে অস্বীকাৰ কৰে।ন্যায়াধীশ নাথে কয় “কাউন্সেলিং আৰম্ভ হওক। আমি কাউন্সেলিং বন্ধ কৰা নাই।’ জ্যেষ্ঠ অধিবক্তা মেথিউছ জে নেডুমপাৰাই আদালতক কাউন্সেলিং বন্ধ কৰিবলৈ আহ্বান জনাইছিল।

ন্যায়াধীশ আমানুল্লাহে এনটিএৰ অধিবক্তাক কয় যে, ‘এয়া ইমান সহজ নহয় যে আপোনালোকে অনুষ্ঠিত কৰা বুলিয়েই  ই পবিত্ৰ। আমাক উত্তৰ লাগে... কাৰণ পবিত্ৰতাৰ ওপৰত প্ৰভাৱ পৰিছে। গতিকে আমাক উত্তৰৰ প্ৰয়োজন’’। পৰীক্ষাত বিসংগতিৰ অভিযোগ কৰা  আবেদনত ছাত্ৰ-ছাত্ৰীসকলে কয় যে, “নীট পৰীক্ষাৰ প্ৰশ্নকাকত  লিক হৈছে। ফলত বহু শিক্ষাৰ্থী ক্ষতিৰ সন্মুখীন হৈছে।’’

' ১৭ মে'ত একেধৰণৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠুত  বিচাৰপীঠে  নীট পৰীক্ষাৰ ফলাফল ঘোষণা  স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল। ৪ জুনত NEET-UG ২০২৪ৰ ফলাফল ঘোষণা কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু