--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰ কিন্তু উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ সীমা নির্ধাৰণ প্ৰক্ৰিয়াৰ বৈধতাক প্ৰত্যাহ্বান কৰি তৰা গোচৰ শুনানি চলি থকাৰ বাবে নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰৰাৰ পৰা বিৰত থাকিব লগা হৈছে৷

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৱাহটী উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰ ক্ৰমে ডব্লিউপি(চি)নং৫৬১৩/২০২৪-হাইলাকান্দি জিলা, ডব্লিউপি(চি)নং ৫৩৪৬/২০২৪-কাছাৰ জিলা আৰু ডব্লিউপি(চি)নং ৫৭০৬/২০২৪-মৰিগাঁও জিলাসহ কেইবাটাও গোচৰৰ ১৭.১২.২০২৪ তাৰিখে শুনানি গ্ৰহণ কৰি অন্তৰ্ৱতীকালীন আদেশ প্ৰদান কৰি কয় যে ন্যায়ালয়ৰ অনুমতি অবিহনে পঞ্চায়ত নিৰ্বাচনৰ জাননী জাৰী কৰিব নোৱাৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে।

ইয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ জাননী জাৰী কৰাৰ বাবে অনুমতি বিচাৰি অসম চৰকাৰ আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ ন্যায়ালয়ে ০৬জানুৱাৰী  তাৰিখে এই আদবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ জাননীজাৰী কৰাৰ বাবে অনুমতি সম্পৰ্কীয় আবেদনৰ পৰৱৰ্তী শুনানি ০৭ জানুৱাৰী  তাৰিখে গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু ৭ জানুৱাৰী তাৰিখে উক্ত গোচৰৰ শুনানি স্থগিত থাকে৷

উল্লেখ্য যে ০৮ জানুৱাৰীত তাৰিখে উচ্চ ন্যায়ালয়ে এই গোচৰ সমূহৰ শুনানি গ্ৰহণ কৰি প্ৰয়োজনীয় আদেশ প্ৰদানৰ বাবে ১০ জানুৱাৰী শুক্ৰবাৰে শুনানিৰ দিন ধাৰ্য্য কৰিছে। গতিকে ১০ জানুৱাৰীৰ পাছত হে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় গোচৰত ৰায় দান দিব৷ এই ৰায়দানে নিৰ্ণয় কৰিব কেতিয়া অনুষ্ঠিত হ’ব ২০২৫ৰ পঞ্চায়ত নিৰ্বাচন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ