--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰ কিন্তু উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ সীমা নির্ধাৰণ প্ৰক্ৰিয়াৰ বৈধতাক প্ৰত্যাহ্বান কৰি তৰা গোচৰ শুনানি চলি থকাৰ বাবে নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰৰাৰ পৰা বিৰত থাকিব লগা হৈছে৷

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৱাহটী উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰ ক্ৰমে ডব্লিউপি(চি)নং৫৬১৩/২০২৪-হাইলাকান্দি জিলা, ডব্লিউপি(চি)নং ৫৩৪৬/২০২৪-কাছাৰ জিলা আৰু ডব্লিউপি(চি)নং ৫৭০৬/২০২৪-মৰিগাঁও জিলাসহ কেইবাটাও গোচৰৰ ১৭.১২.২০২৪ তাৰিখে শুনানি গ্ৰহণ কৰি অন্তৰ্ৱতীকালীন আদেশ প্ৰদান কৰি কয় যে ন্যায়ালয়ৰ অনুমতি অবিহনে পঞ্চায়ত নিৰ্বাচনৰ জাননী জাৰী কৰিব নোৱাৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে।

ইয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ জাননী জাৰী কৰাৰ বাবে অনুমতি বিচাৰি অসম চৰকাৰ আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ ন্যায়ালয়ে ০৬জানুৱাৰী  তাৰিখে এই আদবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ জাননীজাৰী কৰাৰ বাবে অনুমতি সম্পৰ্কীয় আবেদনৰ পৰৱৰ্তী শুনানি ০৭ জানুৱাৰী  তাৰিখে গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু ৭ জানুৱাৰী তাৰিখে উক্ত গোচৰৰ শুনানি স্থগিত থাকে৷

উল্লেখ্য যে ০৮ জানুৱাৰীত তাৰিখে উচ্চ ন্যায়ালয়ে এই গোচৰ সমূহৰ শুনানি গ্ৰহণ কৰি প্ৰয়োজনীয় আদেশ প্ৰদানৰ বাবে ১০ জানুৱাৰী শুক্ৰবাৰে শুনানিৰ দিন ধাৰ্য্য কৰিছে। গতিকে ১০ জানুৱাৰীৰ পাছত হে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় গোচৰত ৰায় দান দিব৷ এই ৰায়দানে নিৰ্ণয় কৰিব কেতিয়া অনুষ্ঠিত হ’ব ২০২৫ৰ পঞ্চায়ত নিৰ্বাচন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু