--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সিদ্ধু মোছৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত লৰেন্স বিষ্ণয়ক নিবলৈ বৃহৎ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে পঞ্জাব আৰক্ষীয়ে৷ অস্ত্ৰ আইনৰ বিভিন্ন গোচৰত তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা বিষ্ণয়ে কাৰাগাৰৰ ভিতৰৰ পৰাই মোছেৱালাক হত্যা কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল৷ বিষ্ণয়ক এতিয়া দিল্লীৰ পৰা পঞ্জাবলৈ নিবলৈ বৃহৎ নিৰাপত্তা ব্যৱস্থা কৰিছে পঞ্জাৱ আৰক্ষীয়ে। 

ইয়াৰ ভিতৰত পঞ্জাব আৰক্ষীৰ ৫০ জন কমাণ্ডো, দুখন বুলেটপ্ৰুফ বাহন আৰু ১২ খন এস্কৰ্ট বাহন থাকিব। ২৯ মে’ত সিদ্ধু মোছেৱালাৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰি পঞ্জাবলৈ নিয়া হ'ব গেংষ্টাৰ লৰেন্স বিষ্ণয়ক। ৩ জুনত তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, বিষ্ণয়ে তদন্তকাৰী বিষয়াক জনাইছে যে গোল্ডী ব্ৰাৰকে ধৰি তেওঁৰ গেঙৰ সদস্যসকলে ষড়যন্ত্ৰ কৰি মোছেৱালাক হত্যা কৰিছিল।

দিল্লী আৰক্ষীৰ বিশেষ কোষৰ জিম্মাত থকা বিষ্ণয়ে অভিযোগ কৰিছে যে যোৱা ৭ আগষ্টত আকালি দলৰ যুৱ নেতা বিক্ৰমজিৎ সিং ওৰফে বিকি মিদ্দুখেৰাৰ হত্যাকাণ্ডত মোছেৱালা জড়িত আছিল, যাৰ প্ৰতিশোধৰ বাবে মোছেৱালাৰ হত্যা হৈছিল। ইয়াৰ পাছতে মোছেৱালা হত্যাকাণ্ডৰ সৈতে জড়িত বিষ্ণয়ক গ্ৰেপ্তাৰৰ অনুমতি প্ৰদান কৰিলে দিল্লীৰ আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ