--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সিদ্ধু মোছৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত লৰেন্স বিষ্ণয়ক নিবলৈ বৃহৎ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে পঞ্জাব আৰক্ষীয়ে৷ অস্ত্ৰ আইনৰ বিভিন্ন গোচৰত তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা বিষ্ণয়ে কাৰাগাৰৰ ভিতৰৰ পৰাই মোছেৱালাক হত্যা কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল৷ বিষ্ণয়ক এতিয়া দিল্লীৰ পৰা পঞ্জাবলৈ নিবলৈ বৃহৎ নিৰাপত্তা ব্যৱস্থা কৰিছে পঞ্জাৱ আৰক্ষীয়ে। 

ইয়াৰ ভিতৰত পঞ্জাব আৰক্ষীৰ ৫০ জন কমাণ্ডো, দুখন বুলেটপ্ৰুফ বাহন আৰু ১২ খন এস্কৰ্ট বাহন থাকিব। ২৯ মে’ত সিদ্ধু মোছেৱালাৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰি পঞ্জাবলৈ নিয়া হ'ব গেংষ্টাৰ লৰেন্স বিষ্ণয়ক। ৩ জুনত তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, বিষ্ণয়ে তদন্তকাৰী বিষয়াক জনাইছে যে গোল্ডী ব্ৰাৰকে ধৰি তেওঁৰ গেঙৰ সদস্যসকলে ষড়যন্ত্ৰ কৰি মোছেৱালাক হত্যা কৰিছিল।

দিল্লী আৰক্ষীৰ বিশেষ কোষৰ জিম্মাত থকা বিষ্ণয়ে অভিযোগ কৰিছে যে যোৱা ৭ আগষ্টত আকালি দলৰ যুৱ নেতা বিক্ৰমজিৎ সিং ওৰফে বিকি মিদ্দুখেৰাৰ হত্যাকাণ্ডত মোছেৱালা জড়িত আছিল, যাৰ প্ৰতিশোধৰ বাবে মোছেৱালাৰ হত্যা হৈছিল। ইয়াৰ পাছতে মোছেৱালা হত্যাকাণ্ডৰ সৈতে জড়িত বিষ্ণয়ক গ্ৰেপ্তাৰৰ অনুমতি প্ৰদান কৰিলে দিল্লীৰ আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু