--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত দেশৰ ভিতৰতে অসমৰ স্থান হৈছে ২৫। যি সময়ত দেশৰ আন আন ৰাজ্যসমূহত হাজাৰ হাজাৰ কোটি টকাৰ বিদেশী বিনিয়োগ হৈছে সেই সময়ত অসমত আঙুলিৰ মূৰত লিখিব পৰা বিদেশী বিনিয়োগ হৈছে। ৰাজ্য চৰকাৰখনে চলিত ফেব্রুৱাৰী মাহত এডভাণ্টেজ আছাম-২.০ আয়োজন কৰাৰ সময়তে আজি লোক সভাত এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে। 

প্রত্যক্ষ বিদেশী বিনিয়োগৰ সন্দর্ভত বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্রী জিতীন প্ৰসাদে প্ৰকাশ কৰা মতে চলিত বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২৪-২৫ বৰ্ষৰ ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ হৈছে ২৯,৭৯০.৩৫ নিযুত মার্কিন ডলাৰ। পাছে এই সময়ছোৱাত অসমত হোৱা বিদেশী বিনিয়োগৰ পৰিমাণ হৈছে মাত্র ১.৮৩ নিযুত মার্কিন ডলাৰহে।

আনকি যোৱা ছয় বছৰত (২০১৯-২০২৪) অসমত হোৱা প্রত্যক্ষ বিদেশী বিনিয়োেগ হৈছে মাত্র ২২.৬৭ নিযুত মার্কিন ডলাৰ। লোক সভাত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা বিস্তৃত তথ্য অনুসৰি অসমত ২০১৯-২০ বিত্তীয় বর্ষত ২.৯৩ নিযুত মার্কিন ডলাৰ, ২০২০-২১ বিত্তীয় বর্ষত ১১.১৯ নিযুত মার্কিন ডলাৰ, ২০২১-২২ বিত্তীয় বৰ্ষত ৪.৪ নিযুত মার্কিন ডলাৰ, ২০২২-২৩ বিত্তীয় বৰ্ষত ২.০৯ নিযুত মার্কিন ডলাৰ, ২০২৩-২৪ বিত্তীয় বর্ষত ০.২৩ নিযুত মার্কিন ডলাৰ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰলৈকে ১.৮৩ নিযুত মার্কিন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে। অসমৰ এই পুতৌজনক অৱস্থাৰ বিপৰীতে কিন্তু মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, দিল্লী আদি ৰাজ্যত প্ৰতিবছৰে হাজাৰ হাজাৰ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰা তথ্য অনুসৰি এই তালিকাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ। চলিত বিত্তীয় বর্ষত (ছেপ্টেম্বৰলৈকে) মহাৰাষ্ট্ৰত ১৩,৫৫১.৪৮ নিযুত মার্কিন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে। আনহাতে এই সময়ছোৱাত দ্বিতীয় স্থানত থকা কর্ণাটকত ৩৫৪২.৩৩ নিযুত মার্কিন ডলাৰ, গুজৰাটত ৩৯৪৮.৫৪ নিযুত মার্কিন ডলাৰ, দিল্লীত ৩২০৪.০১ নিযুত মার্কিন ডলাৰ, তামিলনাডুত ১৬২২.৫৪ নিযুত মার্কিন ডলাৰ, হাৰিয়ানাত ১৩১৩.১৪ নিযুত মার্কিন ডলাৰ, তেলেংগানাত ১৫৪০.১২ নিযুত মার্কিন ডলাৰ বিনিয়োেগ হৈছে। ইফালে দেশৰ ৩২খন ৰাজ্যৰ এই তালিকাত অসমতকৈ তলত থকা ৰাজ্যকেইখন হৈছে অৰুণাচল প্রদেশ, জম্মু-কাশ্মীৰ, ত্ৰিপুৰা, মেঘালয়, লাডাখ, নগালেণ্ড আৰু মণিপুৰ। 

প্রণিধানযোগ্য যে অসমত বিদেশী বিনিয়োগৰ এক পৰিৱেশ সৃষ্টি কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে পুনৰ এডভাণ্টেজ আছাম সন্মিলনৰ আয়োজন কৰিছে। ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো বিদেশী ৰাষ্ট্ৰলৈ গৈ অসমত বিনিয়োগ কৰাৰ বাবে বিদেশী উদ্যোগপতিসকলক আহ্বান জনাই উক্ত সন্মিলনলৈ আমন্ত্রণ জনাইছে। একেদৰে মন্ত্ৰীসকলেও দেশে-বিদেশে গৈ এডভাণ্টেজ আছাম-২.০ৰ প্ৰচাৰ চলাইছে। এনে পৰিস্থিতিত উক্ত সন্মিলনৰ পাছত অসমত বিদেশী বিনিয়োগ বৃদ্ধি হোৱাৰ আশা কৰিছে ৰাজ্য চৰকাৰখনে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ