--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভ হৈছে আন এক যুদ্ধৰ কাউণ্ট-ডাউন৷ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে ইজৰাইলক আক্ৰমণ কৰিব পাৰে ইৰানে৷ যাৰ পাছতে সমগ্ৰ মধ্য প্ৰাচ্যত এতিয়া আন এক যুদ্ধৰ আশংকা৷ হামাছৰ বিৰুদ্ধে ছমাহে যুদ্ধ অব্যাহত ৰখা বেঞ্জামিন নেতন্যাহুৰ ইজৰাইলে এইবাৰ আন এক ফ্ৰণ্টত ইৰানৰে মুখামুখিৰ আশংকা৷ ইতিমধ্যে ছিৰিয়া, লেবানন, ইৰাক আৰু য়েমেনলৈ সম্প্ৰসাৰিত হৈছিল ইজৰাইল–হামাছ সংঘৰ্ষৰ জুই৷ 

তেনে সময়তে এইবাৰ ইজৰাইলক আক্ৰমণৰ হুংকাৰ ইৰানৰ৷ কিয়নো ১ এপ্ৰিলত ছিৰিয়াৰ ইৰানী ৰাষ্ট্রদূতৰ কাৰ্যালয়ত আক্ৰমণ চলাইছিল ইজৰাইলে৷ য’ত নিহত হৈছিল ১৩ ইৰানী নাগৰিকৰ৷ আৰু ইজৰাইলৰ এই কাৰ্যৰ পোটক তোলাৰ বাবে এতিয়া হুংকাৰ দিছে ইৰানে৷ ইতিমধ্যে যুদ্ধৰ দামামা বাজি উঠাৰ পাছতে তৎপৰ হৈ পৰিছে আমেৰিকা৷ মাৰ্কিন যুক্তৰাষ্ট্রৰ বিশাল ৰণতৰী USS আইজেনহাৱাৰক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ইজৰাইললৈ৷ ইৰানৰ যিকোনো মিছাইল আৰু ড্ৰোণ আক্ৰমণ প্ৰতিহত কৰিব মাৰ্কিন যুদ্ধ জাহাজখনে৷ 

ইতিপূৰ্বে ইজৰাইলৰ ওপৰত আক্ৰমণ নচলোৱাৰ বাবে ইৰানক সকীয়নি প্ৰদান কৰিছে আমেৰিকাই৷ তাৰ বিপৰীতে এই বিবাদৰ পৰা আমেৰিকাক আঁতৰি থাকিবলৈ আহ্বান জনাইছে ইৰানে৷ আনহাতে এই সংঘাতক লৈ সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ৷ ভাৰতকে ধৰি আমেৰিকা, ৰাছিয়া, জাৰ্মানী, ফ্ৰান্স আৰু ব্ৰিটেইনে নিজৰ নাগৰিকলৈ জাৰি কৰিছে SOP৷ ইৰান আৰু ইজৰাইল ভ্ৰমণ নকৰিবলৈ নাগৰিকলৈ আহ্বান ৬ ৰাষ্ট্রৰ৷ ইৰানত ৪ হাজাৰ আৰু ইজৰাইলত আছে ১৮ হাজাৰ ৫০০ ভাৰতীয় নাগৰিক৷ যাক লৈ সতৰ্কতা অৱলম্বন কৰিছে ভাৰতে৷ 

ইতিমধ্যে নিজৰ নাগৰিকৰ বাবে ভাৰত চৰকাৰে জাৰি কৰিছে হেল্পলাইন নাম্বাৰ৷ তাৰ মাজতে ইৰানৰ এয়াৰস্পেছ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই৷ একদৰে জাৰ্মানী আৰু অষ্ট্রিয়াৰ বিমান সংস্থাইও পৰিহাৰ কৰিছে ইৰানী এয়াৰস্পেছ৷ আনহাতে ইৰানৰ ৰাজধানী তেহৰানত থকা দূতাবাস বন্ধ কৰিছে নেডাৰলেণ্ডে৷ 

তাৰ মাজতে ইজৰাইলৰ বহু স্থানত মোক্ষম আঘাত সনাৰ বাবে সাজু হৈছে ইৰানী সেনা৷ আনহাতে মধ্য প্ৰাচ্যৰ ৮খন দেশত থকা মাৰ্কিন সেনা সাজু হৈছে ইজৰাইলৰ সুৰক্ষাৰ বাবে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি