--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভ হৈছে আন এক যুদ্ধৰ কাউণ্ট-ডাউন৷ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে ইজৰাইলক আক্ৰমণ কৰিব পাৰে ইৰানে৷ যাৰ পাছতে সমগ্ৰ মধ্য প্ৰাচ্যত এতিয়া আন এক যুদ্ধৰ আশংকা৷ হামাছৰ বিৰুদ্ধে ছমাহে যুদ্ধ অব্যাহত ৰখা বেঞ্জামিন নেতন্যাহুৰ ইজৰাইলে এইবাৰ আন এক ফ্ৰণ্টত ইৰানৰে মুখামুখিৰ আশংকা৷ ইতিমধ্যে ছিৰিয়া, লেবানন, ইৰাক আৰু য়েমেনলৈ সম্প্ৰসাৰিত হৈছিল ইজৰাইল–হামাছ সংঘৰ্ষৰ জুই৷ 

তেনে সময়তে এইবাৰ ইজৰাইলক আক্ৰমণৰ হুংকাৰ ইৰানৰ৷ কিয়নো ১ এপ্ৰিলত ছিৰিয়াৰ ইৰানী ৰাষ্ট্রদূতৰ কাৰ্যালয়ত আক্ৰমণ চলাইছিল ইজৰাইলে৷ য’ত নিহত হৈছিল ১৩ ইৰানী নাগৰিকৰ৷ আৰু ইজৰাইলৰ এই কাৰ্যৰ পোটক তোলাৰ বাবে এতিয়া হুংকাৰ দিছে ইৰানে৷ ইতিমধ্যে যুদ্ধৰ দামামা বাজি উঠাৰ পাছতে তৎপৰ হৈ পৰিছে আমেৰিকা৷ মাৰ্কিন যুক্তৰাষ্ট্রৰ বিশাল ৰণতৰী USS আইজেনহাৱাৰক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ইজৰাইললৈ৷ ইৰানৰ যিকোনো মিছাইল আৰু ড্ৰোণ আক্ৰমণ প্ৰতিহত কৰিব মাৰ্কিন যুদ্ধ জাহাজখনে৷ 

ইতিপূৰ্বে ইজৰাইলৰ ওপৰত আক্ৰমণ নচলোৱাৰ বাবে ইৰানক সকীয়নি প্ৰদান কৰিছে আমেৰিকাই৷ তাৰ বিপৰীতে এই বিবাদৰ পৰা আমেৰিকাক আঁতৰি থাকিবলৈ আহ্বান জনাইছে ইৰানে৷ আনহাতে এই সংঘাতক লৈ সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ৷ ভাৰতকে ধৰি আমেৰিকা, ৰাছিয়া, জাৰ্মানী, ফ্ৰান্স আৰু ব্ৰিটেইনে নিজৰ নাগৰিকলৈ জাৰি কৰিছে SOP৷ ইৰান আৰু ইজৰাইল ভ্ৰমণ নকৰিবলৈ নাগৰিকলৈ আহ্বান ৬ ৰাষ্ট্রৰ৷ ইৰানত ৪ হাজাৰ আৰু ইজৰাইলত আছে ১৮ হাজাৰ ৫০০ ভাৰতীয় নাগৰিক৷ যাক লৈ সতৰ্কতা অৱলম্বন কৰিছে ভাৰতে৷ 

ইতিমধ্যে নিজৰ নাগৰিকৰ বাবে ভাৰত চৰকাৰে জাৰি কৰিছে হেল্পলাইন নাম্বাৰ৷ তাৰ মাজতে ইৰানৰ এয়াৰস্পেছ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই৷ একদৰে জাৰ্মানী আৰু অষ্ট্রিয়াৰ বিমান সংস্থাইও পৰিহাৰ কৰিছে ইৰানী এয়াৰস্পেছ৷ আনহাতে ইৰানৰ ৰাজধানী তেহৰানত থকা দূতাবাস বন্ধ কৰিছে নেডাৰলেণ্ডে৷ 

তাৰ মাজতে ইজৰাইলৰ বহু স্থানত মোক্ষম আঘাত সনাৰ বাবে সাজু হৈছে ইৰানী সেনা৷ আনহাতে মধ্য প্ৰাচ্যৰ ৮খন দেশত থকা মাৰ্কিন সেনা সাজু হৈছে ইজৰাইলৰ সুৰক্ষাৰ বাবে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক