--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ  আৰু ইজৰাইলৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষৰ মাজত মধ্য প্ৰাচ্যক ভয়ংকৰ যুদ্ধৰ ডাৱৰে ছানি ধৰিছে। হঠাতে আৰম্ভ  হৈছে ইৰাণ-ইজৰাইলৰ মাজত  যুদ্ধ । ইৰাণৰ সামৰিক বাহিনীয়ে শনিবাৰে নিশা  ইজৰাইলৰ ওপৰত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায় । ফলত বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। এনে  পৰিস্থিতিত ৰাষ্ট্ৰসংঘই এখন জৰুৰী বৈঠক আহ্বান কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  এজন মুখপাত্ৰই কয়  যে ইজৰাইলৰ অনুৰোধত বৈঠকখন আহ্বান কৰা হৈছে।

ভাৰতীয় সময় অনুসৰি, দেওবাৰে নিশা ৯:৩০ বজাত বৈঠকখন অনুষ্ঠিত হ'ব। বৈঠকত ইজৰাইল, আমেৰিকাকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধি উপস্থিত  থাকিব বুলি জানিব পৰা গৈছে। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে দেওবাৰে ভাৰতীয় সময় মতে পুৱা প্ৰায় ৭ বজাত বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে কথা পাতে।

ইজৰাইলী সেনাৰ মুখপাত্ৰ ডেনিয়েল হাগৰীয়ে টিভিত দেশবাসীক সম্বোধন কৰি সাহস নেহেৰুৱাবলৈ আহ্বান জনায়। । তেওঁ কয়  "ইৰাণে  আমাৰ ওপৰত ড্ৰোন আৰু মিছাইল আক্ৰমণ আৰম্ভ কৰিছে। আমি সকলো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু আছো। ইৰাণে শনিবাৰে নিশা  ইজৰাইলত আক্ৰমণ কৰে। ইজৰাইলী লোক থকা  অঞ্চলত অসংখ্য ড্ৰোন আৰু মিছাইল মেলি দিয়া হৈছিল । আইডিএফৰ দ্বাৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখুওৱা হৈছে যে ইৰাণী আক্ৰমণৰ ঠিক পিছতে কেনেকৈ চাইৰেন বাজি উঠে। ইফালে, তেল আভিভে ইৰাণৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইজৰাইলৰ বিখ্যাত 'আইৰণ ডোম' মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে মাজ আকাশতে ইৰাণে  প্ৰেৰণ কৰা  ড্ৰোন ধ্বংস কৰি প্ৰতিশোধ লৈছে।

 ভাইৰেল ভিডিঅ'টোত দেখা গৈছে  যে  ৰাতিৰ আন্ধাৰত বোমাই  আকাশ পোহৰাই তুলিছে। ১ এপ্ৰিলত চিৰিয়াত থকা ইৰাণী  দূতাবাসত মিছাইল আক্ৰমণ হৈছিল  । য'ত কমেও ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল। মৃতসকলৰ ভিতৰত দুজন ইৰাণী  সৈনিকো  আছিল। তেহৰানে এই আক্ৰমণৰ আঁৰত ইজৰাইলৰ 'হাত' আছে বুলি কৈ আহিছে। তেতিয়াৰে পৰাই ইৰাণে ইজৰাইলক ভাবুকি দি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে