--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ  আৰু ইজৰাইলৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষৰ মাজত মধ্য প্ৰাচ্যক ভয়ংকৰ যুদ্ধৰ ডাৱৰে ছানি ধৰিছে। হঠাতে আৰম্ভ  হৈছে ইৰাণ-ইজৰাইলৰ মাজত  যুদ্ধ । ইৰাণৰ সামৰিক বাহিনীয়ে শনিবাৰে নিশা  ইজৰাইলৰ ওপৰত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায় । ফলত বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। এনে  পৰিস্থিতিত ৰাষ্ট্ৰসংঘই এখন জৰুৰী বৈঠক আহ্বান কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  এজন মুখপাত্ৰই কয়  যে ইজৰাইলৰ অনুৰোধত বৈঠকখন আহ্বান কৰা হৈছে।

ভাৰতীয় সময় অনুসৰি, দেওবাৰে নিশা ৯:৩০ বজাত বৈঠকখন অনুষ্ঠিত হ'ব। বৈঠকত ইজৰাইল, আমেৰিকাকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধি উপস্থিত  থাকিব বুলি জানিব পৰা গৈছে। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে দেওবাৰে ভাৰতীয় সময় মতে পুৱা প্ৰায় ৭ বজাত বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে কথা পাতে।

ইজৰাইলী সেনাৰ মুখপাত্ৰ ডেনিয়েল হাগৰীয়ে টিভিত দেশবাসীক সম্বোধন কৰি সাহস নেহেৰুৱাবলৈ আহ্বান জনায়। । তেওঁ কয়  "ইৰাণে  আমাৰ ওপৰত ড্ৰোন আৰু মিছাইল আক্ৰমণ আৰম্ভ কৰিছে। আমি সকলো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু আছো। ইৰাণে শনিবাৰে নিশা  ইজৰাইলত আক্ৰমণ কৰে। ইজৰাইলী লোক থকা  অঞ্চলত অসংখ্য ড্ৰোন আৰু মিছাইল মেলি দিয়া হৈছিল । আইডিএফৰ দ্বাৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখুওৱা হৈছে যে ইৰাণী আক্ৰমণৰ ঠিক পিছতে কেনেকৈ চাইৰেন বাজি উঠে। ইফালে, তেল আভিভে ইৰাণৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইজৰাইলৰ বিখ্যাত 'আইৰণ ডোম' মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে মাজ আকাশতে ইৰাণে  প্ৰেৰণ কৰা  ড্ৰোন ধ্বংস কৰি প্ৰতিশোধ লৈছে।

 ভাইৰেল ভিডিঅ'টোত দেখা গৈছে  যে  ৰাতিৰ আন্ধাৰত বোমাই  আকাশ পোহৰাই তুলিছে। ১ এপ্ৰিলত চিৰিয়াত থকা ইৰাণী  দূতাবাসত মিছাইল আক্ৰমণ হৈছিল  । য'ত কমেও ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল। মৃতসকলৰ ভিতৰত দুজন ইৰাণী  সৈনিকো  আছিল। তেহৰানে এই আক্ৰমণৰ আঁৰত ইজৰাইলৰ 'হাত' আছে বুলি কৈ আহিছে। তেতিয়াৰে পৰাই ইৰাণে ইজৰাইলক ভাবুকি দি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক