--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছবিক কেন্দ্ৰ কৰি বিতৰ্ক! কিছুদিন পূৰ্বে নাৰী দিৱসত (ব্ৰিটেইনত মাতৃ দিৱস) ছবিখন পোষ্ট কৰিছিল ব্ৰিটিছ ৰাজ পৰিয়ালে। ফটোখনত দেখা গৈছে যে ৰাজকুমাৰী কেট মিডলটনক তেওঁৰ তিনিজন পুত্ৰ-কন্যা — জৰ্জ, চাৰ্লট আৰু লুইছে আগুৰি আছে। কেটে তেওঁলোকক সাৱটি ধৰি কেমেৰালৈ চাই আছে। ছবিখন ওলোৱাৰ পিছত প্ৰথমে ছবিখনক লৈ সন্দেহ প্ৰকাশ কৰিছিল এজন নেটিজেনে।

লগতে ছবিখনত ফটোশ্বপেৰে পৰিৱৰ্তন কৰা বুলিও অভিযোগ কৰে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ সংবাদ মাধ্যমে ছবিখনৰ সঠিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে। প্ৰশ্ন উত্থাপন হয়, ফটোশ্বপত ৰাজকুমাৰীৰ ছবি সলনি কৰাটো কিয় প্ৰয়োজনীয়?

দুমাহমান আগতে কেটৰ পেটৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। প্ৰসংগক্ৰমে তাৰ পিছত তেওঁক ৰাজহুৱা স্থানত দেখা পোৱা নাই। ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু কেটৰ ঘৰ কেনচিংটন পেলেছে কয় যে অসুস্থতাৰ বাবে কেটে বৰ্তমান ৰাজপৰিয়ালৰ সদস্য হিচাপে নিজৰ কৰ্তব্য পালন কৰিব পৰা নাই। অৱশ্যে কেটক চিকিৎসালয়লৈ নিয়াৰ ছবি কোনেও ধৰিব পৰা নাছিল। চিকিৎসালয়ৰ পৰা উভতি অহাৰ ছবি কোনেও দেখা নাই।

অৱশ্যে কেনচিংটনে ৰাজকুমাৰী কেটৰ পেটৰ অস্ত্ৰোপচাৰ সফল বুলি প্ৰকাশ কৰিছে। লাহে লাহে সুস্থ হৈ উঠিছে। কিন্তু তথাপিও সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ বহু সময় লাগিব। কিন্তু সেই বক্তব্য ব্ৰিটেইনৰ বহু ৰয়েলিষ্টৰ বাবে অসম্পূৰ্ণ যেন লাগিল। কেটৰ অসুস্থতা আৰু অস্ত্ৰোপচাৰৰ বিষয়েও প্ৰশ্ন উত্থাপন হৈছিল।

কেটৰ কি হ’ল, কিয় অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ল, সেই কথা ৰজাঘৰীয়া পৰিয়ালে সঠিকভাৱে কোৱা নাই। ৰাজপ্ৰসাদৰ দ্বাৰা আৰু কোৱা হৈছে যে কেটৰ কৰ্কট ৰোগ নাছিল। সেই ঘটনাৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে কেটৰ ফটো ৰজাঘৰীয়াই প্ৰকাশ কৰিছে। তেওঁলোকে ১০ মাৰ্চত ফটোখন মুকলি কৰিছিল আৰু ইয়াৰ বৰ্ণনাত লিখিছিল যে এই ফটোখন ২০২৪ চনত ৰাজকুমাৰ উইলিয়ামে তুলিছিল। যদিও এতিয়া সেই ছবিখনক লৈ প্ৰশ্ন উত্থাপন হৈছে।

চিত্ৰ বিশেষজ্ঞসকলে ছবিৰ বিভিন্ন সংমিশ্ৰণৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। ক’ৰবাত ছবিখন ম্লান হৈ পৰিছে। ক’ৰবাত কেটৰ চুলিখিনি অস্বাভাৱিক যেন লাগিছে। আন ঠাইত কেটৰ জেকেটৰ শিকলিটো তলত দেখা যায় যদিও ওপৰত হঠাতে নোহোৱা হৈ গৈছে। ৰাজকুমাৰ জৰ্জে মাতৃক দুয়োহাতেৰে ধৰি থকা ছবিখনক লৈও বহুতে সন্দেহ প্ৰকাশ কৰিছে। আন কিছুমানে কয় যে কেটৰ ওপৰৰ শৰীৰটো বহিলে ভৰিতকৈ অলপ দীঘল দেখা যায়।

এই কাণ্ডৰ পিছত কেনচিংটন পেলেচৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলতো এটা ব্যাখ্যামূলক পোষ্ট দিয়া হৈছিল। কেটৰ কেপচনত লিখা পোষ্টটোত লিখা আছে, "আচলতে মইও ছবিখন আন সকলোৰে দৰে সম্পাদনা কৰিবলৈ গৈছিলো।" জনমানসত যদি কোনো ধৰণৰ বেয়া ৰুচি আছিল তেন্তে ক্ষমা কৰিব।'' আনহাতে, এতিয়া এক্স হেণ্ডেলত সমগ্ৰ ব্ৰিটেইনতে এটা প্ৰশ্ন ট্ৰেণ্ডিং হ’বলৈ ধৰিলে — কেট ক’ত? হেচটেগ 'ক'ত আছে কেট?'

এই প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোঁতে ব্ৰিটিছ ৰাজপৰিয়ালৰ বিৰুদ্ধে পুৰণি ষড়যন্ত্ৰ তত্ত্বও পুনৰ সজীৱ হৈ উঠিছে। ইয়াৰ পূৰ্বে ৰাজকুমাৰী ডায়েনাৰ আকস্মিক মৃত্যুক লৈ বহুতো ষড়যন্ত্ৰমূলক তত্ত্বৰ সৃষ্টি হৈছিল ৰাজ পৰিয়ালটোক কেন্দ্ৰ কৰি। এইবাৰ ব্ৰিটেইনৰ জনসাধাৰণে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে? ৰাজকুমাৰী কেটক ক’ত লুকুৱাই ৰাখিছে ৰাজকীয় পৰিয়ালে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’