--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই অহা ১২ মে'ত শিৱসাগৰৰ ব'র্ডিং থেলপথাৰত মহাসতী ৰাধিকা স্মৃতি দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি দৌৰবিদ হিমা দাসক প্ৰদান কৰিব 'কৈৱৰ্ত কুল ৰত্ন বঁটা'। 

দেওবাৰে সংগঠন দুটাই এক সংবাদমেল সম্বোধন কৰি কয় যে সতী ৰাধিকা চৰিত্ৰটো হৈছে উচ্চ-নীচ, ভেদ-ভাব থকা সমাজখনৰ বিৰুদ্ধে 'এটা প্রচণ্ড চৰ'। মহীয়সী নাৰী সতী ৰাধিকাৰ চৰিত্ৰটোৱে সমিলমিলেৰে একত্রিতভাৱে এখন সমাজ গঢ়াৰ বার্তাকেই বহন কৰে। 

বৰ্তমান সময়ত সতী ৰাধিকাৰ আদৰ্শক প্রতিষ্ঠা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে। এই স্মৃতি দিৱসতে চৰকাৰক সতী ৰাধিকাৰ নামত অসমত এখন বিশ্ববিদ্যালয় আৰু সমন্বয় ক্ষেত্র স্থাপন, বটদ্ৰৱাত যি সমন্বয় ক্ষেত্র আছে সেয়া সংৰক্ষণ কৰি শোভাবর্ধনৰ ব্যৱস্থা কৰি পৰ্যটনথলী হিচাপে ঘোষণা কৰা, দীঘলীপুখুৰীৰ পাৰত যি সতী ৰাধিকাৰ উদ্যান চৰকাৰে ইতিমধ্যে ভাঙি পেলাইছে, সেই উদ্যানখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা, চৰকাৰে প্ৰতি বছৰে মহাসতী ৰাধিকা উৎসৱ আয়োজন কৰিবলৈ চৰকাৰক আহ্বানকে ধৰি চৰকাৰলৈ কেইবাটাও দাবী জনাব সংগঠন দুটাই। 

অসমৰ বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আৰু প্ৰায় এক লাখ লোকৰ সমাগম হ'ব বুলিও জানিবলৈ দিছে সংবাদমেলত। অনুষ্ঠানটোত অসমৰ মানসপটত এটা মূল্যৱান চৰিত্ৰ হিচাপে সতী ৰাধিকাক প্ৰতিষ্ঠাৰ প্ৰয়াস কৰা হ'ব বুলি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা মহিলা ঐক্য মঞ্চই জানিবলৈ দিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ