--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই অহা ১২ মে'ত শিৱসাগৰৰ ব'র্ডিং থেলপথাৰত মহাসতী ৰাধিকা স্মৃতি দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি দৌৰবিদ হিমা দাসক প্ৰদান কৰিব 'কৈৱৰ্ত কুল ৰত্ন বঁটা'। 

দেওবাৰে সংগঠন দুটাই এক সংবাদমেল সম্বোধন কৰি কয় যে সতী ৰাধিকা চৰিত্ৰটো হৈছে উচ্চ-নীচ, ভেদ-ভাব থকা সমাজখনৰ বিৰুদ্ধে 'এটা প্রচণ্ড চৰ'। মহীয়সী নাৰী সতী ৰাধিকাৰ চৰিত্ৰটোৱে সমিলমিলেৰে একত্রিতভাৱে এখন সমাজ গঢ়াৰ বার্তাকেই বহন কৰে। 

বৰ্তমান সময়ত সতী ৰাধিকাৰ আদৰ্শক প্রতিষ্ঠা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে। এই স্মৃতি দিৱসতে চৰকাৰক সতী ৰাধিকাৰ নামত অসমত এখন বিশ্ববিদ্যালয় আৰু সমন্বয় ক্ষেত্র স্থাপন, বটদ্ৰৱাত যি সমন্বয় ক্ষেত্র আছে সেয়া সংৰক্ষণ কৰি শোভাবর্ধনৰ ব্যৱস্থা কৰি পৰ্যটনথলী হিচাপে ঘোষণা কৰা, দীঘলীপুখুৰীৰ পাৰত যি সতী ৰাধিকাৰ উদ্যান চৰকাৰে ইতিমধ্যে ভাঙি পেলাইছে, সেই উদ্যানখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা, চৰকাৰে প্ৰতি বছৰে মহাসতী ৰাধিকা উৎসৱ আয়োজন কৰিবলৈ চৰকাৰক আহ্বানকে ধৰি চৰকাৰলৈ কেইবাটাও দাবী জনাব সংগঠন দুটাই। 

অসমৰ বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আৰু প্ৰায় এক লাখ লোকৰ সমাগম হ'ব বুলিও জানিবলৈ দিছে সংবাদমেলত। অনুষ্ঠানটোত অসমৰ মানসপটত এটা মূল্যৱান চৰিত্ৰ হিচাপে সতী ৰাধিকাক প্ৰতিষ্ঠাৰ প্ৰয়াস কৰা হ'ব বুলি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা মহিলা ঐক্য মঞ্চই জানিবলৈ দিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা