--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : জেম জেম ফুড ডেলিভাৰী ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী সুনীলৰ প্ৰাণ গ’ল ছুইগী ডেলিভাৰী বয়ৰ হাতত। খবৰ অনুসৰি খাদ্যৰ যোগানত বিলম্ব হোৱাৰ হেতুকে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আৰু পলাতক ছুইগী ডেলিভাৰী বয়ৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতৰ পৰিণতিতে ডেলিভাৰী বয় গৰাকীয়ে সুনীলক গুলীয়াই নিহত কৰে।


আৰক্ষী সূত্ৰত প্ৰকাশ, যোৱা বুধবাৰে দিনৰ ১২ বাজি ১৫ মিনিটত ছুইগী ডেলিভাৰী বয়গৰাকীয়ে গ্ৰেটাৰ নয়ডাৰ মিত্ৰা চ’ছাইটিস্থিত ৰেষ্টুৰেণ্ট খনলৈ আহে। তেওঁ বিৰিয়ানি আৰু পুৰী-তৰকাৰীৰ অৰ্ডাৰ সংগ্ৰহ কৰিবলৈ আহিছিল। কিন্তু জেম জেমৰ কৰ্মচাৰীয়ে জনায় যে সেই সময়ত বিৰিয়ানি যোগান সম্ভৱ হ’লেও লগে লগেই পুৰী-তৰকাৰী যোগান ধৰা সম্ভৱ নহ’ব। তাতেই খঙ উঠে ডেলিভাৰী বয়ৰ। কাজিয়া হয় কৰ্মচাৰীজনৰ সৈতে। তেতিয়াই দুয়োৰে মাজত মধ্যস্থতা কৰিবলৈ আগুৱাই আহে স্বত্বাধিকাৰী সুনীল।

কিন্তু কোনে জানিছিল যে ডেলিভাৰী বয়ে হাতত লৈ ফুৰিছে পিষ্টল!সুনীলেও জনা নাছিল। ফলত মধ্যস্থতা কৰিবলৈ যোৱাটোৱেই কাল হ’ল তেওঁৰ বাবে। অতৰ্কিতে ডেলিভাৰী বয়জনে চলোৱা গুলীত থিতাতে প্ৰাণ হেৰুৱায় সুনীলে। ঘটনা সন্দৰ্ভত এতিয়া দিল্লী আৰক্ষীয়ে তদন্ত চলাই আছে। বাতৰি লিখাৰ পৰলৈকে পলাতক অৱস্থাত আছে হত্যাকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ