--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : লায়লাপুৰত পুনৰ মিজো দুৰ্বৃত্তৰ তাণ্ডৱ ৷ নিশা সীমান্তৰ আন এখন অসমীয়াৰ ঘৰ অগ্নি সংযোগ কৰি জ্বলাই দিলে উগ্ৰ মিজো বাহিনীয়ে ৷ অসম মিজোৰাম সীমান্তৰ লায়লাপুৰত সীমা লৈ অসমৰ ছজন আৰক্ষী জোৱানক মিজো আৰক্ষীয়ে গুলীয়াই হত্যাৰ কৰাৰ পাছতো শান্ত হোৱা নাই উগ্ৰ মিজো সকল ৷ সীমান্তত অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতেই পুনৰ অসমৰ ভূমিত প্ৰবেশ কৰি মিজো দুৰ্বৃত্তৰ তাণ্ডৱ ৷

সীমান্তত কেন্দ্ৰীয় বাহিনীৰ পহৰা চলি থকাৰ সময়ত নিশা লায়লাপুৰত আন এখন অসমীয়াৰ ঘৰ জ্বলাই দিলে মিজো দুৰ্বৃত্তই ৷ অভিযোগ মতে, নিশা আজাদ হুছেইন নামৰ এজন লোকৰ ঘৰত ৭/৮ জনীয়া এটা মিজো দুৰ্বৃত্তৰ দল হাতত অস্ত্ৰশস্ত্ৰ লৈ প্ৰবেশ কৰে ৷ আৰু অস্ত্ৰ দেখাই পৰিয়ালৰ লোক সকলক ঘৰৰ পৰা খেদি পঠাই ঘৰখনত অগ্নি সংযোগ ঘটাই মিজো দুৰ্বৃত্তৰ দলটোৱে ৷

পিছে প্ৰাণৰ ভয়ত সেই স্থানৰ পৰা পলায়ন কৰি আজাদ হুছেইন সহ তেওঁৰ পৰিয়ালৰ লোক সকল আৰক্ষীৰ আশ্ৰয় ল'ব বিছাৰিলে সীমান্তত নিয়োজিত কেন্দ্ৰীয় বাহিনীয়ে আৰক্ষীৰ তাত যাব দিয়া নাই বুলি অভিযোগ কৰে আজাদ হুছেইনে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ