--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটক কৰা চোৰ কেইজন হ’ল- বিজু ডেকা, চিন্ময় তালুকদাৰ, বিকি ভূঞা, গুণজিত তালুকদাৰ, দীপাংকৰ ডেকা আৰু ৰাকেশ ডেকা।

ডিজিটেল ডেস্ক: সৰ্থেবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা এটা গভাইত চোৰৰ চক্ৰক অৱশেষত জালত পেলাবলৈ সক্ষম হৈছে সৰ্থেবাৰী আৰক্ষী। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকাৰ নেতৃত্বত চলোৱা এক অভিযানত এই বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে।


ঘটনাৰ বিবৰণি অনুসৰি, কালি সৰ্থেবাৰী গোমুৰাৰ পৰা চোৰে বহু মূল্যবান সামগ্ৰীৰ লগতে বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন লুটি নিছিল। উক্ত চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য ওচৰৰে এটা চিচিটিভি (CC TV) কেমেৰাত বন্দী হৈ ৰয়। এই চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত চলাই সৰ্থেবাৰীৰ পৰা মুঠ ৬ জন চোৰক আটক কৰে।


আটক কৰা চোৰ কেইজন হ’ল- বিজু ডেকা, চিন্ময় তালুকদাৰ, বিকি ভূঞা, গুণজিত তালুকদাৰ, দীপাংকৰ ডেকা আৰু ৰাকেশ ডেকা।


ধৃত চোৰ কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সৰ্থেবাৰীস্থিত নৱজিৎ তালুকদাৰৰ ‘অসম শিল্পালয়’ নামৰ কাঁহৰ দোকানখনৰ একেবাৰে কাষতে পেলাই থোৱা অৱস্থাত এটা প্লাষ্টিকৰ বস্তাৰ পৰা চুৰি হোৱা মূল্যবান কাঁহৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰে। জানিব পৰা মতে, ধৃত বিজু ডেকা আৰু গুণজিৎ তালুকদাৰৰ সৈতে দীৰ্ঘদিনৰে পৰা সু-সম্পৰ্ক আছিল এই দোকানখনৰ স্বত্বাধিকাৰী নৱজিৎ তালুকদাৰৰ। আৰক্ষীয়ে দোকানখনৰ পৰাই বিজু আৰু গুণজিতক আটক কৰিছিল।


বৰ্তমান ‘অসম শিল্পালয়’ৰ স্বত্বাধিকাৰী নৱজিৎ তালুকদাৰ পলাতক হৈ আছে। ইফালে, চোৰ কেইজনে দিয়া ভাষ্যৰ আধাৰত ইটোৰ পিছত সিটো স্থানৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলগীয়া হোৱাত সৰ্থেবাৰী আৰক্ষী একপ্ৰকাৰ হাৰাশাস্তি হ’বলগীয়া হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু