--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটক কৰা চোৰ কেইজন হ’ল- বিজু ডেকা, চিন্ময় তালুকদাৰ, বিকি ভূঞা, গুণজিত তালুকদাৰ, দীপাংকৰ ডেকা আৰু ৰাকেশ ডেকা।

ডিজিটেল ডেস্ক: সৰ্থেবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা এটা গভাইত চোৰৰ চক্ৰক অৱশেষত জালত পেলাবলৈ সক্ষম হৈছে সৰ্থেবাৰী আৰক্ষী। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকাৰ নেতৃত্বত চলোৱা এক অভিযানত এই বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে।


ঘটনাৰ বিবৰণি অনুসৰি, কালি সৰ্থেবাৰী গোমুৰাৰ পৰা চোৰে বহু মূল্যবান সামগ্ৰীৰ লগতে বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন লুটি নিছিল। উক্ত চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য ওচৰৰে এটা চিচিটিভি (CC TV) কেমেৰাত বন্দী হৈ ৰয়। এই চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত চলাই সৰ্থেবাৰীৰ পৰা মুঠ ৬ জন চোৰক আটক কৰে।


আটক কৰা চোৰ কেইজন হ’ল- বিজু ডেকা, চিন্ময় তালুকদাৰ, বিকি ভূঞা, গুণজিত তালুকদাৰ, দীপাংকৰ ডেকা আৰু ৰাকেশ ডেকা।


ধৃত চোৰ কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সৰ্থেবাৰীস্থিত নৱজিৎ তালুকদাৰৰ ‘অসম শিল্পালয়’ নামৰ কাঁহৰ দোকানখনৰ একেবাৰে কাষতে পেলাই থোৱা অৱস্থাত এটা প্লাষ্টিকৰ বস্তাৰ পৰা চুৰি হোৱা মূল্যবান কাঁহৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰে। জানিব পৰা মতে, ধৃত বিজু ডেকা আৰু গুণজিৎ তালুকদাৰৰ সৈতে দীৰ্ঘদিনৰে পৰা সু-সম্পৰ্ক আছিল এই দোকানখনৰ স্বত্বাধিকাৰী নৱজিৎ তালুকদাৰৰ। আৰক্ষীয়ে দোকানখনৰ পৰাই বিজু আৰু গুণজিতক আটক কৰিছিল।


বৰ্তমান ‘অসম শিল্পালয়’ৰ স্বত্বাধিকাৰী নৱজিৎ তালুকদাৰ পলাতক হৈ আছে। ইফালে, চোৰ কেইজনে দিয়া ভাষ্যৰ আধাৰত ইটোৰ পিছত সিটো স্থানৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলগীয়া হোৱাত সৰ্থেবাৰী আৰক্ষী একপ্ৰকাৰ হাৰাশাস্তি হ’বলগীয়া হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ