--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : একো একোখন চহৰ জানো অকাৰণে স্তব্ধ হৈ পৰিব পাৰে? কৰ’নাসৃষ্ট পৰিৱেশে অৱশ্যে এখন চহৰ কিয় প্ৰায় সমগ্ৰ বিশ্বকে স্তব্ধ কৰি তুলিছিল দীৰ্ঘ সময়ৰ বাবে। অৱশ্যে সেয়া আছিল সাময়িক এক কথা। কিন্তু যদিহে এই স্তব্ধতা এটা নিয়মীয়া ঘটনাত পৰিণত হয় তেন্তে সেয়া এক ব্যতিক্ৰম বুলি চিহ্নিত হ’ব। অলপ আচহুৱা যেন লাগিলেও তেনে ঘটনাই সংঘটিত হৈ আহিছে ভাৰতৰ এখন চহৰত। চহৰখন প্ৰতি পুৱা ৫২ ছেকেণ্ডৰ বাবে হৈ পৰে স্তব্ধ। যিয়ে য’তেই আছে তাকেই সকলো স্তব্ধ হৈ পৰে ক্ষন্তেক সময়ৰ বাবে। এটা বিশেষ উদ্দেশ্যত প্ৰতি পুৱা ৮.৩০বজাত চহৰখন স্তব্ধ হৈ পৰে। ইয়াৰ আঁৰৰ কাৰণ জানিলে আপুনিও আচৰিত হৈ পৰিব পাৰে। আপুনিও হৈ পৰিব পাৰে গৰ্বিত আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ। তেলেংগানাৰ এখন পৰিচিত চহৰ নলগৌড়া সদায় এনেদৰে স্তব্ধ হৈ পৰে প্ৰায় এক মিনিটৰ বাবে। চহৰখনৰ বাসিন্দাই যিয়ে য’তেই, যেনেকৈয়ে আছে ঠিয় হৈ অলপ সময়ৰ বাবে মৌন হৈ পৰে আৰু দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। প্ৰকৃততে চহৰখনৰ ১২টা স্থানত পুৱা ৮.৩০বজাত বাজি উঠে ৰাষ্ট্ৰীয় সংগীত। আৰু সেই সময়ত চৰহখনৰ সকলো বাসিন্দাই ঠিয় হৈ ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু উদ্বেলিত হৈ উঠে দেশপ্ৰেমৰ গৰ্বৰে। ৫২ ছেকেণ্ডৰ বাবে সকলো জাতি-ধৰ্ম-বৰ্ণৰ লোকে বিভাজন পাহৰি দেশৰ নামত এক হৈ পৰে। বিগত বৰ্ষৰ ২৩জানুৱাৰীৰ পৰা এই পৰম্পৰা আৰম্ভ কৰা হৈছে চহৰখনত। এই পদক্ষেপৰ আঁৰত জনগণ মন উৎসৱ সমিতিৰ অধ্যক্ষ কৰ্ণতী বিজয় কুমাৰ আৰু তেওঁৰ বন্ধুবৰ্গৰ ভূমিকা আছে। চহৰখনৰ বাসিন্দাক দেশপ্ৰেমেৰে উদ্বদ্ধ কৰি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে এইসকল লোকে। এই কাৰ্যৰ পাছত এতিয়া নলগৌড়াৰ ওচৰ-পাঁজৰৰ চহৰবোৰো অনুপ্ৰাণিত আৰু উৎসাহিত হৈ পৰিছে। এই পৰম্পৰাই এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ লোককো স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ