--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : একো একোখন চহৰ জানো অকাৰণে স্তব্ধ হৈ পৰিব পাৰে? কৰ’নাসৃষ্ট পৰিৱেশে অৱশ্যে এখন চহৰ কিয় প্ৰায় সমগ্ৰ বিশ্বকে স্তব্ধ কৰি তুলিছিল দীৰ্ঘ সময়ৰ বাবে। অৱশ্যে সেয়া আছিল সাময়িক এক কথা। কিন্তু যদিহে এই স্তব্ধতা এটা নিয়মীয়া ঘটনাত পৰিণত হয় তেন্তে সেয়া এক ব্যতিক্ৰম বুলি চিহ্নিত হ’ব। অলপ আচহুৱা যেন লাগিলেও তেনে ঘটনাই সংঘটিত হৈ আহিছে ভাৰতৰ এখন চহৰত। চহৰখন প্ৰতি পুৱা ৫২ ছেকেণ্ডৰ বাবে হৈ পৰে স্তব্ধ। যিয়ে য’তেই আছে তাকেই সকলো স্তব্ধ হৈ পৰে ক্ষন্তেক সময়ৰ বাবে। এটা বিশেষ উদ্দেশ্যত প্ৰতি পুৱা ৮.৩০বজাত চহৰখন স্তব্ধ হৈ পৰে। ইয়াৰ আঁৰৰ কাৰণ জানিলে আপুনিও আচৰিত হৈ পৰিব পাৰে। আপুনিও হৈ পৰিব পাৰে গৰ্বিত আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ। তেলেংগানাৰ এখন পৰিচিত চহৰ নলগৌড়া সদায় এনেদৰে স্তব্ধ হৈ পৰে প্ৰায় এক মিনিটৰ বাবে। চহৰখনৰ বাসিন্দাই যিয়ে য’তেই, যেনেকৈয়ে আছে ঠিয় হৈ অলপ সময়ৰ বাবে মৌন হৈ পৰে আৰু দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। প্ৰকৃততে চহৰখনৰ ১২টা স্থানত পুৱা ৮.৩০বজাত বাজি উঠে ৰাষ্ট্ৰীয় সংগীত। আৰু সেই সময়ত চৰহখনৰ সকলো বাসিন্দাই ঠিয় হৈ ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু উদ্বেলিত হৈ উঠে দেশপ্ৰেমৰ গৰ্বৰে। ৫২ ছেকেণ্ডৰ বাবে সকলো জাতি-ধৰ্ম-বৰ্ণৰ লোকে বিভাজন পাহৰি দেশৰ নামত এক হৈ পৰে। বিগত বৰ্ষৰ ২৩জানুৱাৰীৰ পৰা এই পৰম্পৰা আৰম্ভ কৰা হৈছে চহৰখনত। এই পদক্ষেপৰ আঁৰত জনগণ মন উৎসৱ সমিতিৰ অধ্যক্ষ কৰ্ণতী বিজয় কুমাৰ আৰু তেওঁৰ বন্ধুবৰ্গৰ ভূমিকা আছে। চহৰখনৰ বাসিন্দাক দেশপ্ৰেমেৰে উদ্বদ্ধ কৰি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে এইসকল লোকে। এই কাৰ্যৰ পাছত এতিয়া নলগৌড়াৰ ওচৰ-পাঁজৰৰ চহৰবোৰো অনুপ্ৰাণিত আৰু উৎসাহিত হৈ পৰিছে। এই পৰম্পৰাই এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ লোককো স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ