--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত শীঘ্ৰেই কাৰ্যকৰী হ'ব এখন নতুন আইন। এই আইনৰ আধাৰত কোনোবাই যদি নিজৰ সামান্য ভুল এটাৰ বাবেই ১০০০ টকা হেৰুৱাব পাৰে, ইয়াৰ বিপৰীতে আন কোনোবাই আকৌ মাত্ৰ এখন ফটো তুলিয়ে লাভ কৰিব পাৰিব ৫০০ টকা! কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এই সম্ভাব্য নতুন আইনখনৰ এক ঈঙ্গিত প্ৰদান কৰিছে। এই আইনৰ আওতাত হয়তু আপুনিও হ'ব পাৰে লাভৱান অথবা দুৰ্ভগীয়া। পিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এই আইনখন কি ক্ষেত্ৰত প্ৰযোজ্য হ’ব, ই নিশ্চয় আপোনাক ভবাই তুলিছে!

দৰাচলতে নীতিন গাডকাৰীয়ে দেশত বৰ্ধিত পাৰ্কিং সমস্যাক লক্ষ্য কৰি এই নতুন আইনৰ ঈঙ্গিত দিছে। সম্প্ৰতি দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বাহনৰ সংখ্যাৰ সমসাময়িকভাৱে পাৰ্কিং এটা ডাঙৰ সমস্যা হৈ পৰিছে। এই সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছে নগৰ-মহানগৰৰ বাসিন্দাসকলক। পাৰ্কিং সমস্যাই ৰাজপথত সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ। কোনো এগৰাকী ব্যক্তিয়ে ভুলকৈ নিজৰ গাড়ী পাৰ্কিং কৰাৰ ফল ভোগ কৰিবলগীয়া হয় আন পথচাৰী সকলে। পিছে গাডকাৰীৰ শেহতীয়া মন্তব্যৰ পৰা এই সমস্যাত এক যতি পৰাৰ ঈঙ্গিত পোৱা গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি নতুন দিল্লীৰ এক অনুষ্ঠানত ভাষণ দি কয় যে তেওঁ শীঘ্ৰেই ভুল পাৰ্কিঙৰ নিৰাময়ৰ বাবে এখন আইন প্ৰস্তুত কৰিব। ৰাস্তাত ভুলকৈ ৰখাই থোৱা বাহনৰ প্ৰথা বন্ধ কৰিবলৈ এখন আইনৰ ওপৰত ইতিমধ্যে বিবেচনা কৰি থকা হৈছে বুলি গাডকাৰীয়ে উল্লেখ কৰিছে।

তেওঁৰ মন্তব্য অনুসৰি ভুলকৈ ৰখাই থোৱা বাহনৰ এখন ছবি প্ৰেৰণ কৰি এজন ব্যক্তিয়ে সোনকালেই পুৰস্কাৰ লাভ কৰাৰ পথ মুকলি হ’ব পাৰে। যদি ভুল পাৰ্কিঙৰ জৰিমনা পৰিমাণ ১,০০০ টকা হয়, তেন্তে ছবিখন প্ৰেৰণ কৰা ব্যক্তিজনে ৫০০ টকা লাভ কৰিব পাৰে। 

গাডকাৰীয়ে কয়, "মই এখন আইন প্ৰণয়নৰ বাবে সাজু হৈছো। যদি কোনো ব্যক্তিয়ে ৰাস্তাত ভুলকৈ ৰখায়, তেতিয়া তেওঁৰ ১০০০ টকা জৰিমনা ভৰিব আৰু যি ৰখাই থোৱা গাড়ীৰ ফটো তুলি ম'বাইলেৰে ফটো প্ৰেৰণ কৰিব তেওঁ ৫০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। এনেদৰে পাৰ্কিঙৰ সমস্যাটো সমাধান কৰা হ'ব।" 

মন্ত্ৰীগৰাকীয়ে নিজ ভাষণত খেদ প্ৰকাশ কৰি কয় যে মানুহে তেওঁলোকৰ বাহনৰ বাবে পাৰ্কিং স্থান প্ৰস্তুত নকৰে, কিন্তু তেওঁলোকে ভুলকৈ ৰখাই থোৱা বাহনবোৰৰ জৰিয়তে ৰাস্তাটো দখল কৰে। ব্যঙ্গাত্মক সুৰেৰে তেওঁ কয় যে এতিয়া চাৰিজন সদস্যৰ পৰিয়ালৰ ছয়খন বাহন থাকে, কিন্তু বাহন থোৱাৰ বাবে এটা পাৰ্কিং স্থান নিৰ্মাণ নকৰে। 

মানুহে নিজৰ বাহন ৰাস্তাত পাৰ্ক কৰা সন্দৰ্ভত কৌতুক কৰি তেওঁ লগতে “দিল্লীৰ লোকসকল ভাগ্যৱান কাৰণ আমি তেওঁলোকৰ বাহন পাৰ্কিং কৰাৰ বাবে এটা পথ তৈয়াৰ কৰিছো” বুলিও মন্তব্য কৰে। পাৰ্কিং সন্দৰ্ভত নতুন আইনৰ ঈঙ্গিত দিলেও গাডকাৰীয়ে অৱশ্যে এতিয়ালৈকে এই ক্ষেত্ৰত কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু