--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত শীঘ্ৰেই কাৰ্যকৰী হ'ব এখন নতুন আইন। এই আইনৰ আধাৰত কোনোবাই যদি নিজৰ সামান্য ভুল এটাৰ বাবেই ১০০০ টকা হেৰুৱাব পাৰে, ইয়াৰ বিপৰীতে আন কোনোবাই আকৌ মাত্ৰ এখন ফটো তুলিয়ে লাভ কৰিব পাৰিব ৫০০ টকা! কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এই সম্ভাব্য নতুন আইনখনৰ এক ঈঙ্গিত প্ৰদান কৰিছে। এই আইনৰ আওতাত হয়তু আপুনিও হ'ব পাৰে লাভৱান অথবা দুৰ্ভগীয়া। পিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এই আইনখন কি ক্ষেত্ৰত প্ৰযোজ্য হ’ব, ই নিশ্চয় আপোনাক ভবাই তুলিছে!

দৰাচলতে নীতিন গাডকাৰীয়ে দেশত বৰ্ধিত পাৰ্কিং সমস্যাক লক্ষ্য কৰি এই নতুন আইনৰ ঈঙ্গিত দিছে। সম্প্ৰতি দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বাহনৰ সংখ্যাৰ সমসাময়িকভাৱে পাৰ্কিং এটা ডাঙৰ সমস্যা হৈ পৰিছে। এই সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছে নগৰ-মহানগৰৰ বাসিন্দাসকলক। পাৰ্কিং সমস্যাই ৰাজপথত সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ। কোনো এগৰাকী ব্যক্তিয়ে ভুলকৈ নিজৰ গাড়ী পাৰ্কিং কৰাৰ ফল ভোগ কৰিবলগীয়া হয় আন পথচাৰী সকলে। পিছে গাডকাৰীৰ শেহতীয়া মন্তব্যৰ পৰা এই সমস্যাত এক যতি পৰাৰ ঈঙ্গিত পোৱা গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি নতুন দিল্লীৰ এক অনুষ্ঠানত ভাষণ দি কয় যে তেওঁ শীঘ্ৰেই ভুল পাৰ্কিঙৰ নিৰাময়ৰ বাবে এখন আইন প্ৰস্তুত কৰিব। ৰাস্তাত ভুলকৈ ৰখাই থোৱা বাহনৰ প্ৰথা বন্ধ কৰিবলৈ এখন আইনৰ ওপৰত ইতিমধ্যে বিবেচনা কৰি থকা হৈছে বুলি গাডকাৰীয়ে উল্লেখ কৰিছে।

তেওঁৰ মন্তব্য অনুসৰি ভুলকৈ ৰখাই থোৱা বাহনৰ এখন ছবি প্ৰেৰণ কৰি এজন ব্যক্তিয়ে সোনকালেই পুৰস্কাৰ লাভ কৰাৰ পথ মুকলি হ’ব পাৰে। যদি ভুল পাৰ্কিঙৰ জৰিমনা পৰিমাণ ১,০০০ টকা হয়, তেন্তে ছবিখন প্ৰেৰণ কৰা ব্যক্তিজনে ৫০০ টকা লাভ কৰিব পাৰে। 

গাডকাৰীয়ে কয়, "মই এখন আইন প্ৰণয়নৰ বাবে সাজু হৈছো। যদি কোনো ব্যক্তিয়ে ৰাস্তাত ভুলকৈ ৰখায়, তেতিয়া তেওঁৰ ১০০০ টকা জৰিমনা ভৰিব আৰু যি ৰখাই থোৱা গাড়ীৰ ফটো তুলি ম'বাইলেৰে ফটো প্ৰেৰণ কৰিব তেওঁ ৫০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। এনেদৰে পাৰ্কিঙৰ সমস্যাটো সমাধান কৰা হ'ব।" 

মন্ত্ৰীগৰাকীয়ে নিজ ভাষণত খেদ প্ৰকাশ কৰি কয় যে মানুহে তেওঁলোকৰ বাহনৰ বাবে পাৰ্কিং স্থান প্ৰস্তুত নকৰে, কিন্তু তেওঁলোকে ভুলকৈ ৰখাই থোৱা বাহনবোৰৰ জৰিয়তে ৰাস্তাটো দখল কৰে। ব্যঙ্গাত্মক সুৰেৰে তেওঁ কয় যে এতিয়া চাৰিজন সদস্যৰ পৰিয়ালৰ ছয়খন বাহন থাকে, কিন্তু বাহন থোৱাৰ বাবে এটা পাৰ্কিং স্থান নিৰ্মাণ নকৰে। 

মানুহে নিজৰ বাহন ৰাস্তাত পাৰ্ক কৰা সন্দৰ্ভত কৌতুক কৰি তেওঁ লগতে “দিল্লীৰ লোকসকল ভাগ্যৱান কাৰণ আমি তেওঁলোকৰ বাহন পাৰ্কিং কৰাৰ বাবে এটা পথ তৈয়াৰ কৰিছো” বুলিও মন্তব্য কৰে। পাৰ্কিং সন্দৰ্ভত নতুন আইনৰ ঈঙ্গিত দিলেও গাডকাৰীয়ে অৱশ্যে এতিয়ালৈকে এই ক্ষেত্ৰত কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ