--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনে কাক কেতিয়া কি পৰিস্থিতিলৈ ঠেলি দিয়ে কোৱাটো টান। পৃথিৱীৰ চুকে-কোণে সিঁচৰিত হৈ থকা এনে বহু খবৰ মানুহৰ বাবে হৈ পৰে প্ৰেৰণাৰ আকৰ। শেহতীয়াকৈ তেনে এগৰাকী কণমানিৰ কথাই সংবাদ শিৰোনাম দখল কৰিছে। কণমানিজনীৰ শৈশৱ অত্যন্ত হৃদয়বিদাৰক। জীৱনৰ সন্ধিক্ষণত ষ্টেছনত এৰি গৈছিল নিজ সন্তানক। ছোৱালীজনীৰ পিতৃ-মাতৃ কোন, ঘৰ কত ইত্যাদি একোকে মনত নাছিল। দিশহাৰা হৈ ঘূৰি ফুৰা দেখা পাই এহাল ভিক্ষাৰী দম্পতীয়ে ছোৱালীজনীক তেওঁলোকৰ লগত লৈ গৈছিল। ভিক্ষাৰী দম্পতীৰ সৈতে সৰু ছোৱালীজনীয়েও ষ্টেছনত বিচাৰিছিল ভিক্ষা । সেই ছোৱালীজনীয়ে এতিয়া এখন কেফেৰ মালিক। ছোৱালীজনীৰ নাম জ্যোতি। ঊনৈশ বছৰীয়া এগৰাকী যুৱতী। পাটনা চহৰৰ এতিয়া পৰিচিত মুখ হৈ পৰিছে জ্যোতি। সৰুতে তেওঁৰ পিতৃ-মাতৃয়ে জ্যোতিক পাটনা ষ্টেছনত অকলে এৰি গুচি গৈছিল। অসহায়ভাৱে কান্দি থকা দেখি ‌শিশুটিৰ ত্ৰাণকৰ্তা হৈ দেখা দিছিল ভিক্ষাৰী দম্পতী। ভিক্ষাৰী দম্পতীয়ে জ্যোতিক নিজৰ সন্তানৰ দৰে চোৱা-চিতা কৰিছিল। আন শিশুৰ দৰে ষ্টেছনৰ চৌহদতে ডাঙৰ হৈছিল জ্যোতি। কেতিয়াবা খাবলৈ জুৰে, কেতিয়াবা অনাহাৰে দিন কটাবলগীয়া হয়। তেনেকৈয়ে দিন অতিবাহিত কৰিছিল জ্যোতিয়ে। কালৰ পদাঘাটে কিন্তু বিচলিত কৰিব পৰা নাছিল জ্যোতিক। কিবা এটা কৰাৰ দুৰ্বাৰ স্বপ্নই খেদি ফুৰিছিল তেওঁক। পঢ়াশুনাৰ প্ৰতি বৰ আগ্ৰহী আছিল জ্যোতি। কিন্তু তেওঁৰ দৰে এজন অনাথ, ভিক্ষাৰীৰ সেই সপোন পূৰণ হ'ব নে নাই তাকে ভাবি হতাশাত ভুগিছিল জ্যোতিয়ে। কিন্তু জ্যোতিৰ স্বপ্নপূৰণৰ বাবে বহুতো মানুহে সহায়ৰ বাবে আগবাঢ়ি আহিছিল। জ্যোতিৰ পিতৃ-মাতৃয়েও জীয়েকৰ ইচ্ছা পূৰণৰ বাবে যত্‍পৰোনাষ্টি চেষ্টা কৰিছিল। অৱশেষত, জ্যোতিৰ ভাগ্য উদয় হ’ল। পাটনা জিলা প্ৰশাসনৰ জৰিয়তে এটা বেচৰকাৰী সংগঠনে পাইছিল জ্যোতিৰ খবৰ। সেই বেচৰকাৰী সংগঠনটোৰ উদ্যোগতে জ্যোতিয়ে অধ্যয়ন আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ মাজতে জ্যোতিৰ তোলনীয়া মাতৃৰ মৃত্যু হয়। অতীতৰ সেই দুখৰ দিনৰ ছাঁ জ্যোতিৰ জীৱনত পুনৰ নপৰক বুলি ভাবিয়েই জ্যোতিয়ে সংকল্প লৈছিল। গভীৰ নিষ্ঠাৰে আগবঢ়াই লৈ গৈছিল পঢ়াশুনা। শেহতীয়াকৈ, ভাল নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে জ্যোতি। এতিয়া আৰু পাটনা ৰে’ল ষ্টেছন জ্যোতিৰ ঠিকনা নহয়। জ্যোতিয়ে পাটনা ষ্টেছনৰ ওচৰত এখন কেফে চলায়। মাৰ্কেটিং বিষয়ত অধ্যয়ন কৰিব বিচাৰে জ্যোতিয়ে। কেফে চলোৱাৰ সমান্তৰালকৈ নিজৰ স্বপ্নপূৰণৰ লক্ষ্যৰে ক্ৰমাত্‍ আগবাঢ়ি গৈছে এইগৰাকী ঊনৈশ বছৰীয়া তৰুণী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন