--°C
Loading...
Listen to Article
2 min read
80%
২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা দেশত প্ৰচলন হ’ব ডিজিটেল মুদ্ৰা বা ক্ৰীপ্ট’কাৰেন্সী । সংসদৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই গুৰুত্বপূৰ্ণ বিষয় ব্যক্ত কৰে। ইতিমধ্যে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। ব্লকছেইন প্ৰযুক্তিৰ জৰিয়তে ৰিজাৰ্ভ বেংকে এই মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব। ডিজিটেল সম্পদ বিক্ৰী বা অধিগ্ৰহণৰ পৰা লাভ কৰা আয়ৰ ওপৰত চৰকাৰে ৩০ শতাংশ কৰ ধাৰ্য কৰিব। বাজেট ভাষণত এই বিষয় অন্তৰ্ভুক্তিৰ জৰিয়তে কাৰ্যতঃ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ল। ইতিমধ্যে ক্ৰীপ্ট’কাৰেন্সীৰ প্ৰতি দেশৰ সাধাৰণ মানুহৰ আস্থা বৃদ্ধি পাইছে। বহুতৰে ধাৰণা আছিল যে, চৰকাৰে কেতিয়াবা এই মুদ্ৰা নিষিদ্ধ কৰিব পাৰে। কিন্তু অৱেশষত চৰকাৰেই দেশত ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। ব্যাপকসংখ্যক লোকে ইণ্টাৰনেটৰ মাধ্যমত এই মুদ্ৰাৰ ব্যৱসায়ত ইতিমধ্যেই জড়িত হৈছে। এতিয়াৰ পৰা তেওঁলোক ৰিস্কমুক্ত হ’ব। নগদ টকাৰ সমতুল্য হ’ব ক্ৰীপ্ট’কাৰেন্সীৰ লেনদেন। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব সফলতাই ক্ৰীপ্ট’কাৰন্সীৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে। সহজ ভাষাত বিনিময়ৰ মাধ্যম হিচাপে এতিয়াৰ পৰা কাগজী মুদ্ৰাৰ লগতে ক্ৰীপ্ট’কাৰেন্সী বা ভাৰ্চুৱেল মুদ্ৰাও ব্যৱহৃত হ’ব। কম্পিউটাৰৰ ছাৰ্ভাৰৰ তত্ত্বাৱধানত চলিব বিত্তীয় লেনদেন। ‘শ্বেয়াৰ বজাৰ’ত শ্বেয়াৰৰ জৰিয়তে মূলধনৰ বিনিয়োগ আৰু ক্ৰয়-বিক্ৰয়ৰ দৰে ‘ডিজিটেল মাৰ্কেট’তো ক্ৰীপ্ট’কাৰেন্সীৰ ক্ৰয়-বিক্ৰয় আৰু বিনিয়োগৰ ব্যৱস্থাৰে অৰ্থনৈতিক ব্যৱস্থাত এক নতুন অধ্যায়ৰ আৰম্ভণি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন