--°C
Loading...
Listen to Article
2 min read
80%
২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা দেশত প্ৰচলন হ’ব ডিজিটেল মুদ্ৰা বা ক্ৰীপ্ট’কাৰেন্সী । সংসদৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই গুৰুত্বপূৰ্ণ বিষয় ব্যক্ত কৰে। ইতিমধ্যে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। ব্লকছেইন প্ৰযুক্তিৰ জৰিয়তে ৰিজাৰ্ভ বেংকে এই মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব। ডিজিটেল সম্পদ বিক্ৰী বা অধিগ্ৰহণৰ পৰা লাভ কৰা আয়ৰ ওপৰত চৰকাৰে ৩০ শতাংশ কৰ ধাৰ্য কৰিব। বাজেট ভাষণত এই বিষয় অন্তৰ্ভুক্তিৰ জৰিয়তে কাৰ্যতঃ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ল। ইতিমধ্যে ক্ৰীপ্ট’কাৰেন্সীৰ প্ৰতি দেশৰ সাধাৰণ মানুহৰ আস্থা বৃদ্ধি পাইছে। বহুতৰে ধাৰণা আছিল যে, চৰকাৰে কেতিয়াবা এই মুদ্ৰা নিষিদ্ধ কৰিব পাৰে। কিন্তু অৱেশষত চৰকাৰেই দেশত ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। ব্যাপকসংখ্যক লোকে ইণ্টাৰনেটৰ মাধ্যমত এই মুদ্ৰাৰ ব্যৱসায়ত ইতিমধ্যেই জড়িত হৈছে। এতিয়াৰ পৰা তেওঁলোক ৰিস্কমুক্ত হ’ব। নগদ টকাৰ সমতুল্য হ’ব ক্ৰীপ্ট’কাৰেন্সীৰ লেনদেন। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব সফলতাই ক্ৰীপ্ট’কাৰন্সীৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে। সহজ ভাষাত বিনিময়ৰ মাধ্যম হিচাপে এতিয়াৰ পৰা কাগজী মুদ্ৰাৰ লগতে ক্ৰীপ্ট’কাৰেন্সী বা ভাৰ্চুৱেল মুদ্ৰাও ব্যৱহৃত হ’ব। কম্পিউটাৰৰ ছাৰ্ভাৰৰ তত্ত্বাৱধানত চলিব বিত্তীয় লেনদেন। ‘শ্বেয়াৰ বজাৰ’ত শ্বেয়াৰৰ জৰিয়তে মূলধনৰ বিনিয়োগ আৰু ক্ৰয়-বিক্ৰয়ৰ দৰে ‘ডিজিটেল মাৰ্কেট’তো ক্ৰীপ্ট’কাৰেন্সীৰ ক্ৰয়-বিক্ৰয় আৰু বিনিয়োগৰ ব্যৱস্থাৰে অৰ্থনৈতিক ব্যৱস্থাত এক নতুন অধ্যায়ৰ আৰম্ভণি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ