--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অবৈধ কয়লা খনিত পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা৷ মঙলবাৰে ঝাৰখণ্ডৰ ধানবাদত থকা এটা অবৈধ তথা পৰিত্যক্ত কয়লা খনিত কমেও ১৩ জন শ্ৰমিকৰ মৃত্যু হয়। স্থানীয় লোকসকলে আশংকা কৰা অনুসৰি খহি পৰা এই কয়লা খনিৰ ভিতৰত আন বহু শ্ৰমিক বৰ্তমানেও আৱদ্ধ হৈ থাকিব পাৰে। অৱশ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে। জানিব পৰা মতে এই ঘটনাটো সংঘটিত হৈছিল ধানবাদৰ নিৰ্চা খণ্ডৰ ইচিএল মুগমা অঞ্চলত।অবৈধভাৱে পৰিচালনা কৰা বন্ধ কয়লা খনিত ২০ফুট উচ্চতাৰ পৰা খনিৰ সঁজুলি পৰি যোৱাৰ পাছতে এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত তেৰজন লোক নিহত হোৱাৰ লগতে ধ্বংসস্তূপৰ তলত ১২জনৰো অধিক লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। ঘটনাটোৰ পাছতে কেইজনমান লোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়। লগতে যিসকল আৱদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰৰ অভিযান চলি আছে। উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱা অবৈধ খনিত প্ৰতিদিনে বহু সংখ্যক মহিলা, পুৰুষৰ উপৰি শিশুৱেও দৈনিক কৰ্মত নিয়োজিত হয় বুলি জানিব পৰা গৈছে৷ ইপিনে ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় ধনবাদৰ নিৰ্ছা আৰক্ষী৷ উদ্ধাৰ অভিযানত আৰক্ষীক সহায়ৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল বহু সংখ্যক স্থানীয় লোক৷ ধনবাদ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি জনোৱাৰ লগতে কয় যে, এই ঘটনা সন্দৰ্ভত কোনো স্থানীয় লোকে অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা