--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অবৈধ কয়লা খনিত পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা৷ মঙলবাৰে ঝাৰখণ্ডৰ ধানবাদত থকা এটা অবৈধ তথা পৰিত্যক্ত কয়লা খনিত কমেও ১৩ জন শ্ৰমিকৰ মৃত্যু হয়। স্থানীয় লোকসকলে আশংকা কৰা অনুসৰি খহি পৰা এই কয়লা খনিৰ ভিতৰত আন বহু শ্ৰমিক বৰ্তমানেও আৱদ্ধ হৈ থাকিব পাৰে। অৱশ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে। জানিব পৰা মতে এই ঘটনাটো সংঘটিত হৈছিল ধানবাদৰ নিৰ্চা খণ্ডৰ ইচিএল মুগমা অঞ্চলত।অবৈধভাৱে পৰিচালনা কৰা বন্ধ কয়লা খনিত ২০ফুট উচ্চতাৰ পৰা খনিৰ সঁজুলি পৰি যোৱাৰ পাছতে এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত তেৰজন লোক নিহত হোৱাৰ লগতে ধ্বংসস্তূপৰ তলত ১২জনৰো অধিক লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। ঘটনাটোৰ পাছতে কেইজনমান লোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়। লগতে যিসকল আৱদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰৰ অভিযান চলি আছে। উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱা অবৈধ খনিত প্ৰতিদিনে বহু সংখ্যক মহিলা, পুৰুষৰ উপৰি শিশুৱেও দৈনিক কৰ্মত নিয়োজিত হয় বুলি জানিব পৰা গৈছে৷ ইপিনে ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় ধনবাদৰ নিৰ্ছা আৰক্ষী৷ উদ্ধাৰ অভিযানত আৰক্ষীক সহায়ৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল বহু সংখ্যক স্থানীয় লোক৷ ধনবাদ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি জনোৱাৰ লগতে কয় যে, এই ঘটনা সন্দৰ্ভত কোনো স্থানীয় লোকে অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন