--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিনা খৰচত সমগ্ৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্যে ওলাই অহা যুৱকজনে অসম আৰু জুবিন গাৰ্গৰ বিষয়ে এনেদৰে কৰে মন্তব্য৷ ইতিমধ্যে বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ পাৰ হৈ অসমত উপস্থিত হোৱা যুৱকজনে এতিয়া ডিমাপুৰ আৰু নাগালেণ্ড অভিমুখে ৰাওনা হৈছে।

ডিজিটেল ডেস্ক: ‘‘অসমৰ মানুহৰ ঘৰত ভগৱানৰ ফটো কম, জুবিন গাৰ্গৰ ফটো বেছি৷ সকলো মানুহৰ ঘৰ, দোকানত থাকে জুবিন গাৰ্গৰ ফটো৷ জুবিনক্ষেত্ৰত গ’লে দেখা পোৱা যায় জুবিন গাৰ্গৰ প্ৰতি এতিয়াও কিমান মৰম আছে অসমবাসীৰ৷ ’’ এই মন্তব্য বিহাৰৰ এজন যুৱক তাজ আলমৰ৷ 


বিনা খৰচত সমগ্ৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্যে ওলাই অহা যুৱকজনে অসম আৰু জুবিন গাৰ্গৰ বিষয়ে এনেদৰে কৰে মন্তব্য৷ ইতিমধ্যে বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ পাৰ হৈ অসমত উপস্থিত হোৱা যুৱকজনে এতিয়া ডিমাপুৰ আৰু নাগালেণ্ড অভিমুখে ৰাওনা হৈছে।


জানিব পৰা মতে, ধন খৰচ নকৰাকৈয়ে যে দেশ ভ্ৰমণ কৰিব পাৰি, সেই বাৰ্তা সমাজত দাঙি ধৰিবলৈ তাজ আলমে এই সাহসী আৰু ব্যতিক্ৰমী যাত্ৰা আৰম্ভ কৰিছে। 


আশ্চৰ্যজনকভাৱে, এই দীঘলীয়া ভ্ৰমণত যাতায়ত, খোৱা-বোৱা আৰু নিশা থকাৰ ব্যৱস্থাৰ বাবে তেওঁ এটকাও খৰচ কৰিবলগীয়া হোৱা নাই। যাত্ৰাপথত প্ৰতিদিনেই কোনোবা নহয় কোনোবা সুহৃদয়বান ব্যক্তিৰ আতিথ্য আৰু সহায়-সহযোগিতা লাভ কৰি আহিছে তাজ আলমে। 


এই অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ যুৱকজনে মন্তব্য কৰে যে যান্ত্ৰিকতা আৰু ব্যস্ততাৰে ভৰা আজিৰ পৃথিৱীখনত মানৱতা এতিয়াও জীয়াই আছে আৰু মানুহৰ মাজত সহানুভূতি তথা আতিথ্যশীলতাৰ অভাৱ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী