--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়িছে ৰাজনৈতিক দল সমূহে৷ৰাজধানী চহৰৰ চৌদিশে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰৰ ঢৌ৷ দিল্লী বিধানসভা নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতা হ’ব আপ, বিজেপি আৰু কংগ্ৰেছৰ মাজত৷ কেন্দ্ৰৰ শাসক বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইষ্টাহাৰৰ দ্বিতীয় ভাগ৷

বিজেপিৰ নিৰ্চনী ইস্তাহাৰ উন্মোচন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই, গৰ্ভৱতী মহিলাৰ বাবে ২১ হাজাৰ, ৰাষ্ট্ৰীয় ৰাজধানীৰ নিম্ন আয়ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলা ভোটাৰক প্ৰতিমাহে ২৫০০ আৰু এল পি জি চিলিণ্ডাৰত ৫০০ ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি ই আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্যসেৱাৰ বীমা বৃদ্ধি কৰা, পৰিয়ালসমূহক অতিৰিক্ত ৫ লাখ বীমা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

বিজেপিয়ে প্ৰথম কেবিনেট বৈঠকেত আয়ুষ্মান ভাৰত স্বাস্থ্য আঁচনি বলবৎ কৰিব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই মন্তব্য কৰে। মহিলা সমৃদ্ধি যোজনাৰ অধীনত দিল্লীৰ প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে ২৫০০ টকা প্ৰদান কৰাৰ বিপৰীতে হোলী আৰু দীপাৱলীৰ সময়ত এটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছে। আৰু ইয়াত কোৱা হৈছে যে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন প্ৰতিমাহে ২ হাজাৰ ৰ পৰা ২৫০০ লৈ বৃদ্ধি কৰা হ’ব৷ ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু মহিলাৰ বাবে বিনামূলীয়া বাছ যাত্ৰাকে ধৰি চলি থকা সকলো কল্যাণমূলক আঁচনি অব্যাহত থাকিব বুলিও আশ্বাস দিছে নড্ডাই। ইয়াৰো পৰি প্ৰাৰ্থমিকৰ পৰা উচ্চ শিক্ষালৈকে বিনামূলীয়া হ’ব বুলিও ঘোষণা কৰিছে আৰু অনুসূচিত জাতি ছাত্ৰ-ছাত্ৰীয়ে মাহেকীয়া ভাত্তা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ 

ইফালে পিছ পৰি ৰোৱা নাই আমআদমী দলো৷ দলটোৱে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা প্ৰৱৰ্তন কৰে য’ত মহিলাসকলক প্ৰতিমাহে ১০০০ টকাৰ সাহায্য প্ৰদান কৰা হ’ব। এতিয়া আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আগন্তুক নিৰ্বাচনত তেওঁৰ দল পুনৰ নিৰ্বাচিত হ’লে এই ধনৰাশি প্ৰতিমাহে ২১০০ লৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

আৰু ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু তাৰ বাহিৰেও ৫০% ৰাজসাহায্য প্ৰদান কৰাৰ উপৰিও এতিয়া আপে ৰাষ্ট্ৰীয় ৰাজধানীত ভাড়াতীয়াসকলকো বিনামূলীয়া বিদ্যুৎ আৰু পানী আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি আশ্বাস দিছে৷ 

ব্যক্তিগত আৰু চৰকাৰী উভয় চিকিৎসালয়ত জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্যসেৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে আপে। পূজাৰী গ্ৰন্থী সন্মান যোজনাৰ অধীনত গুৰুদ্বাৰৰ সকলো মন্দিৰৰ পুৰোহিত আৰু গ্ৰন্থীক প্ৰতিমাহে ১৮ হাজাৰ প্ৰদান কৰা হ'ব।

যদি আপ পুনৰ ক্ষমতালৈ আহে তেন্তে পুৰুষ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েও বিনামূলীয়া বাছ যাত্ৰা লাভ কৰিব, আনহাতে সকলো ছাত্ৰ-ছাত্ৰীক মেট্ৰ’ ভাড়াত ৫০% ৰেহাই দিয়া হ’ব বুলি কেজৰিৱালে ঘোষণা কৰে। ইতিমধ্যে দিল্লী চৰকাৰে ২০১৯ চনৰ অক্টোবৰৰ পৰা চৰকাৰী সকলো বাছত সকলো মহিলাকে বিনামূলীয়া যাতায়তৰ সুবিধা প্ৰদান কৰি আহিছে।

ইয়াৰ উপৰিও ড০ আম্বেদকাৰ সন্মান বৃত্তি যোজনাৰ কথাও প্ৰকাশ কৰিছে, য’ত দলিত ছাত্ৰ-ছাত্ৰীৰ মাচুল আৰু ভ্ৰমণৰ খৰচ বহন কৰিব,আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তি নিশ্চিত কৰিব বুলি প্ৰকাশ কৰিছে।

দিল্লীৰ অটো চালকৰ বাবে আপে জীৱন বীমাৰ বাবে ১০ লাখ, দুৰ্ঘটনা বীমাৰ বাবে ৫ লাখ টকাৰ লগতে প্ৰতিগৰাকী কন্যাৰ বিয়াৰ বাবে ১ লাখ আৰু ইউনিফৰ্মৰ বাবে ২৫০০ টকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে কমগ্ৰেছ দলে প্যায়াৰী দিদী যোজনাৰ অধীনত দিল্লীৰ প্ৰতিটো ঘৰতে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু কম আয়ৰ পৰিয়ালৰ মহিলাক প্ৰতিমাহে ২৫০০ টকা দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে। জীৱন ৰক্ষা যোজনাৰ জৰিয়তে দিল্লীৰ সকলো বাসিন্দাক ২৫ লাখ স্বাস্থ্য বীমা কভাৰেজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু কংগ্ৰেছে বিনামূলীয়া ৰেচন কাৰ্ডৰ লগতে ৫০০ টকাৰ ৰাজসাহায্যযুক্ত এল পি জি চিলিণ্ডাৰ প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছে। কংগ্ৰেছৰ ইস্তাহাৰৰ এটা উল্লেখযোগ্য দিশ হ’ল দিল্লীৰ সকলো নিবনুৱা যুৱক-যুৱতীক এবছৰৰ বাবে ৮,৫০০ টকা দিয়াৰ লগতে স্থানীয় উদ্যোগত এপ্ৰেণ্টাইছশ্বিপ প্ৰদান কৰা। 

উল্লেখযোগ্য যে ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব, তাৰ পিছত ৮ ফেব্ৰুৱাৰীত ভোট গণনা হ’ব। এতিয়া দিল্লী বিধানসভা নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সেয়া লক্ষণীয় হ’ব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement