--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়িছে ৰাজনৈতিক দল সমূহে৷ৰাজধানী চহৰৰ চৌদিশে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰৰ ঢৌ৷ দিল্লী বিধানসভা নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতা হ’ব আপ, বিজেপি আৰু কংগ্ৰেছৰ মাজত৷ কেন্দ্ৰৰ শাসক বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইষ্টাহাৰৰ দ্বিতীয় ভাগ৷

বিজেপিৰ নিৰ্চনী ইস্তাহাৰ উন্মোচন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই, গৰ্ভৱতী মহিলাৰ বাবে ২১ হাজাৰ, ৰাষ্ট্ৰীয় ৰাজধানীৰ নিম্ন আয়ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলা ভোটাৰক প্ৰতিমাহে ২৫০০ আৰু এল পি জি চিলিণ্ডাৰত ৫০০ ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি ই আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্যসেৱাৰ বীমা বৃদ্ধি কৰা, পৰিয়ালসমূহক অতিৰিক্ত ৫ লাখ বীমা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

বিজেপিয়ে প্ৰথম কেবিনেট বৈঠকেত আয়ুষ্মান ভাৰত স্বাস্থ্য আঁচনি বলবৎ কৰিব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই মন্তব্য কৰে। মহিলা সমৃদ্ধি যোজনাৰ অধীনত দিল্লীৰ প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে ২৫০০ টকা প্ৰদান কৰাৰ বিপৰীতে হোলী আৰু দীপাৱলীৰ সময়ত এটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছে। আৰু ইয়াত কোৱা হৈছে যে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন প্ৰতিমাহে ২ হাজাৰ ৰ পৰা ২৫০০ লৈ বৃদ্ধি কৰা হ’ব৷ ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু মহিলাৰ বাবে বিনামূলীয়া বাছ যাত্ৰাকে ধৰি চলি থকা সকলো কল্যাণমূলক আঁচনি অব্যাহত থাকিব বুলিও আশ্বাস দিছে নড্ডাই। ইয়াৰো পৰি প্ৰাৰ্থমিকৰ পৰা উচ্চ শিক্ষালৈকে বিনামূলীয়া হ’ব বুলিও ঘোষণা কৰিছে আৰু অনুসূচিত জাতি ছাত্ৰ-ছাত্ৰীয়ে মাহেকীয়া ভাত্তা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ 

ইফালে পিছ পৰি ৰোৱা নাই আমআদমী দলো৷ দলটোৱে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা প্ৰৱৰ্তন কৰে য’ত মহিলাসকলক প্ৰতিমাহে ১০০০ টকাৰ সাহায্য প্ৰদান কৰা হ’ব। এতিয়া আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আগন্তুক নিৰ্বাচনত তেওঁৰ দল পুনৰ নিৰ্বাচিত হ’লে এই ধনৰাশি প্ৰতিমাহে ২১০০ লৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

আৰু ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু তাৰ বাহিৰেও ৫০% ৰাজসাহায্য প্ৰদান কৰাৰ উপৰিও এতিয়া আপে ৰাষ্ট্ৰীয় ৰাজধানীত ভাড়াতীয়াসকলকো বিনামূলীয়া বিদ্যুৎ আৰু পানী আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি আশ্বাস দিছে৷ 

ব্যক্তিগত আৰু চৰকাৰী উভয় চিকিৎসালয়ত জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্যসেৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে আপে। পূজাৰী গ্ৰন্থী সন্মান যোজনাৰ অধীনত গুৰুদ্বাৰৰ সকলো মন্দিৰৰ পুৰোহিত আৰু গ্ৰন্থীক প্ৰতিমাহে ১৮ হাজাৰ প্ৰদান কৰা হ'ব।

যদি আপ পুনৰ ক্ষমতালৈ আহে তেন্তে পুৰুষ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েও বিনামূলীয়া বাছ যাত্ৰা লাভ কৰিব, আনহাতে সকলো ছাত্ৰ-ছাত্ৰীক মেট্ৰ’ ভাড়াত ৫০% ৰেহাই দিয়া হ’ব বুলি কেজৰিৱালে ঘোষণা কৰে। ইতিমধ্যে দিল্লী চৰকাৰে ২০১৯ চনৰ অক্টোবৰৰ পৰা চৰকাৰী সকলো বাছত সকলো মহিলাকে বিনামূলীয়া যাতায়তৰ সুবিধা প্ৰদান কৰি আহিছে।

ইয়াৰ উপৰিও ড০ আম্বেদকাৰ সন্মান বৃত্তি যোজনাৰ কথাও প্ৰকাশ কৰিছে, য’ত দলিত ছাত্ৰ-ছাত্ৰীৰ মাচুল আৰু ভ্ৰমণৰ খৰচ বহন কৰিব,আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তি নিশ্চিত কৰিব বুলি প্ৰকাশ কৰিছে।

দিল্লীৰ অটো চালকৰ বাবে আপে জীৱন বীমাৰ বাবে ১০ লাখ, দুৰ্ঘটনা বীমাৰ বাবে ৫ লাখ টকাৰ লগতে প্ৰতিগৰাকী কন্যাৰ বিয়াৰ বাবে ১ লাখ আৰু ইউনিফৰ্মৰ বাবে ২৫০০ টকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে কমগ্ৰেছ দলে প্যায়াৰী দিদী যোজনাৰ অধীনত দিল্লীৰ প্ৰতিটো ঘৰতে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু কম আয়ৰ পৰিয়ালৰ মহিলাক প্ৰতিমাহে ২৫০০ টকা দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে। জীৱন ৰক্ষা যোজনাৰ জৰিয়তে দিল্লীৰ সকলো বাসিন্দাক ২৫ লাখ স্বাস্থ্য বীমা কভাৰেজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু কংগ্ৰেছে বিনামূলীয়া ৰেচন কাৰ্ডৰ লগতে ৫০০ টকাৰ ৰাজসাহায্যযুক্ত এল পি জি চিলিণ্ডাৰ প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছে। কংগ্ৰেছৰ ইস্তাহাৰৰ এটা উল্লেখযোগ্য দিশ হ’ল দিল্লীৰ সকলো নিবনুৱা যুৱক-যুৱতীক এবছৰৰ বাবে ৮,৫০০ টকা দিয়াৰ লগতে স্থানীয় উদ্যোগত এপ্ৰেণ্টাইছশ্বিপ প্ৰদান কৰা। 

উল্লেখযোগ্য যে ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব, তাৰ পিছত ৮ ফেব্ৰুৱাৰীত ভোট গণনা হ’ব। এতিয়া দিল্লী বিধানসভা নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সেয়া লক্ষণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিকাগ’ত অনুষ্ঠিত ৪৬সংখ্যক অসম অভিৱৰ্তনৰ সফল সামৰণি
কেঁচা পিঁয়াজ খালে শৰীৰে লাভ কৰে বিশেষ উপকাৰিতা
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ
জি এছ ৰ'ডক গ্রীন ৰ'ড কৰাৰ সিদ্ধান্ত
থাকৰে পৰিয়ালৰ মহামিলন
চহ কৰা মাটিৰ সীৰলুত কৃষকৰ সোণগুটিৰ সপোন
কেইবাটাও কাৰ্যসূচী লৈ আজি গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাইসহ চোৰাং চিকাৰী ছাইদুল ইছলামক গ্ৰেপ্তাৰ
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰৰ প্রথম প্রতিক্রিয়া প্রকাশ ; কি ক'লে নির্মলা সীতাৰমণে
ম'বাইল এপেৰে ভোটদান কৰা ভাৰতৰ প্ৰথম ৰাজ্য হ'ল বিহাৰ
সংকটৰ সন্মুখীন দুষ্প্রাপ্য সোণালী বান্দৰ
পাকিস্তানৰ বিতর্কিত সেনা মুৰব্বী আছিম মুনিৰৰ পুনৰ ভাবুকি- 'ভাৰতে পুনৰ আক্ৰমণ কৰিলে দিয়া হ'ব যথোচিত প্ৰত্যুত্তৰ'
সুধাকণ্ঠৰ জীৱন, সৃষ্টি, কৰ্মৰ প্ৰথমখন তথ্যকোষৰ পুনৰ প্ৰকাশ
মৰাণৰ দৰে বৰমা-টিহু, নগাঁও-লামডিং পথতো হ'ব জৰুৰী অৱতৰণ প্ৰকল্প