--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিজেপি দলে ইস্তাহাৰৰ প্ৰথম খণ্ড প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিজেপিৰ কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত মহিলাসকলক বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৰাজধানীত সকলো জনকল্যাণমূলক প্ৰকল্প অব্যাহত থাকিব বুলি ভোটাৰক আশ্বাস প্ৰদান কৰে আৰু শাসকীয় আপৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে

বিজেপিৰ এই ‘সংকল্প পাত্ৰ’ত গৰ্ভৱতী মহিলাক ২১ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য আৰু ছবিধ পুষ্টিকৰ সামগ্ৰীৰ লগতে প্ৰথম সন্তানৰ বাবে ৫ হাজাৰ টকা আৰু দ্বিতীয় সন্তানৰ বাবে ৬ হাজাৰ টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ মহিলা স্মৃতি যোজনাৰো ঘোষণা কৰিছে এই আঁচনিৰ অধীনত মহিলাসকলে প্ৰতিমাহে ২৫০০ টকাৰ সাহায্য লাভ কৰিব বুলি সদৰি কৰিছে।

বিজেপিৰ নেতাগৰাকীয়ে ২০২১ চনত আপে মহিলাসকলক ১০০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি স্মৰণ কৰি দলটোৱে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি অভিযোগ কৰে।

ইয়াৰোপৰি এল পি জি চিলিণ্ডাৰৰ ক্ষেত্ৰতো চৰকাৰে ৫০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে দীপাৱলী আৰু হোলীত দুটা বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেওঁ লগতে আশ্বাস দিছে যে যদিহে দিল্লীত বিজেপি ক্ষমতালৈ আহে তেন্তে আয়ুষ্মান ভাৰত স্বাস্থ্য আঁচনিখন প্ৰথম কেবিনেট বৈঠকতে কাৰ্যকৰী কৰিব। আপ চৰকাৰে ইতিমধ্যে মহানগৰীত "উচ্চতম" স্বাস্থ্য আঁচনি আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় আঁচনিখনৰ বিৰোধিতা কৰি আহিছিল বুলি কয়। জ্যেষ্ঠ নাগৰিকসকলেও ৫ লাখ টকাৰ অতিৰিক্ত স্বাস্থ্য বীমা লাভ কৰিব, যাৰ ফলত বৃদ্ধসকলক দিয়া মুঠ স্বাস্থ্য বীমা ১০ লাখলৈ বৃদ্ধি পাব বুলি ইস্তাহাৰত উল্লেখ কৰিছে।

লগতে তেওঁ এখন পেঞ্চন আঁচনিৰ কথাও ঘোষণা কৰে ৷এই আঁচনিৰ অধীনত জ্যেষ্ঠ নাগৰিকে ৬০-৭০ বছৰ বয়সত ২০০০-২৫০০ টকা আৰু ৭০ বছৰৰ ওপৰৰ লোকৰ বাবে ৩০০০ টকা লাভ কৰিব।দিব্যাংগ আৰু বিধৱাৰ বাবে এই সাহায্য ৩০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে।প্ৰতিটো বস্তিতে অটল কেণ্টিন স্থাপন কৰা হ’ব য’ত মাত্ৰ ৫ টকাত সম্পূৰ্ণ আহাৰ গ্ৰহণ কৰিব পাৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হিচাপে কৰ্মৰত নাড্ডাই অভিযোগ কৰে যে আপৰ মহল্লা ক্লিনিকসমূহ হৈছে দুৰ্নীতিৰ কেন্দ্ বুলি উল্লেখ কৰি কয় ইয়াত ৩০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। দিল্লীত বিজেপি ক্ষমতালৈ অহাৰ পিছত সকলো অভিযোগৰ তদন্ত হ’ব আৰু অপৰাধীক উপযুক্ত শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement