--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: একালৰ বৃন্দাবন, একালত পৰে চন৷ এই আপ্তবাক্যশাৰীয়েই যেন প্ৰতিফলিত হৈছে পঞ্জাবৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা পঞ্জাব প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ জীৱনত৷ ১৯৮৮ৰ ৰোড ৰেজ গোচৰত দোষী সাব্যস্ত নৱজ্যোৎ সিং সিদ্ধুৱে এতিয়াৰে পৰা পাটিয়ালা কাৰাগাৰত দৈনিক ৯০ টকাৰ মজুৰিৰ বিনিময়ত কেৰাণী হিচাপে কাম কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে৷

পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰত তেওঁ কাৰাগাৰৰ ৰেকৰ্ড আৰু সংক্ষিপ্ত আদালতৰ আদেশ সংকলিত কৰিব। অৱশ্যে, সিদ্ধুক তিনি মাহৰ বাবে প্ৰশিক্ষণ দিয়া হব আৰু আদালতৰ দীঘলীয়া ৰায়বোৰ কেনেদৰে চমুকৈ দিব লাগে আৰু কাৰাগাৰৰ ৰেকৰ্ড কেনেকৈ সংকলিত কৰিব লাগে সেই সম্পৰ্কে শিকোৱা হব।

কাৰাগাৰৰ মেনুৱেল অনুসৰি সিদ্ধুক প্ৰথম তিনিমাহৰ বাবে কোনো পাৰিতোষিক প্ৰদান কৰা নহব। তেওঁৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিদিনে ৪০ৰ পৰা ৯০ টকাৰ ভিতৰত মজুৰি লাভ কৰিব সিদ্ধুৱে৷ তেওঁৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি তেওঁৰ মজুৰি নিৰ্ধাৰণ কৰা হব আৰু উপাৰ্জনৰ ধনৰাশি তেওঁৰ বেংক একাউণ্টত জমা কৰা হব। এজন কাৰাগাৰৰ বিষয়াৰ মতে, নৱজ্যোৎ সিদ্ধুৱে বেৰেকৰ পৰাই কাম কৰিব, যিহেতু তেওঁ এজন হাই-প্ৰফাইল কাৰাবাসী৷ কাৰাগাৰৰ ফাইলবোৰ তেওঁলৈ বেৰেকত প্ৰেৰণ কৰা হব, কিয়নো তেওঁক তেওঁৰ চেলৰ পৰা বাহিৰলৈ যাবলৈ দিয়া নহব।

কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, সিদ্ধুৱে মঙলবাৰে কেৰাণী হিচাপে কাম কৰা আৰম্ভ কৰে। তেওঁ দুটা শ্বিফ্টত কাম কৰিব, পুৱা ৯ বজাৰ পৰা দুপৰীয়া ৩ বজালৈ আৰু আবেলি ৩বজাৰ পৰা সন্ধিয়া ৫ বজালৈ। ইফালে, সিদ্ধুক ৰখা বেৰেকৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। পাঁচজন ৱাৰ্ডেন আৰু চাৰিজন কাৰাগাৰৰ কয়েদীকো সিদ্ধুৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হৈছে।

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা নৱজ্যোৎ সিং সিদ্ধুক ১৯৮৮ চনৰ ৰোড ৰেজ গোচৰত উচ্চতম ন্যায়ালয়ে ১৯ মেত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন