--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: একালৰ বৃন্দাবন, একালত পৰে চন৷ এই আপ্তবাক্যশাৰীয়েই যেন প্ৰতিফলিত হৈছে পঞ্জাবৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা পঞ্জাব প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ জীৱনত৷ ১৯৮৮ৰ ৰোড ৰেজ গোচৰত দোষী সাব্যস্ত নৱজ্যোৎ সিং সিদ্ধুৱে এতিয়াৰে পৰা পাটিয়ালা কাৰাগাৰত দৈনিক ৯০ টকাৰ মজুৰিৰ বিনিময়ত কেৰাণী হিচাপে কাম কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে৷

পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰত তেওঁ কাৰাগাৰৰ ৰেকৰ্ড আৰু সংক্ষিপ্ত আদালতৰ আদেশ সংকলিত কৰিব। অৱশ্যে, সিদ্ধুক তিনি মাহৰ বাবে প্ৰশিক্ষণ দিয়া হব আৰু আদালতৰ দীঘলীয়া ৰায়বোৰ কেনেদৰে চমুকৈ দিব লাগে আৰু কাৰাগাৰৰ ৰেকৰ্ড কেনেকৈ সংকলিত কৰিব লাগে সেই সম্পৰ্কে শিকোৱা হব।

কাৰাগাৰৰ মেনুৱেল অনুসৰি সিদ্ধুক প্ৰথম তিনিমাহৰ বাবে কোনো পাৰিতোষিক প্ৰদান কৰা নহব। তেওঁৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিদিনে ৪০ৰ পৰা ৯০ টকাৰ ভিতৰত মজুৰি লাভ কৰিব সিদ্ধুৱে৷ তেওঁৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি তেওঁৰ মজুৰি নিৰ্ধাৰণ কৰা হব আৰু উপাৰ্জনৰ ধনৰাশি তেওঁৰ বেংক একাউণ্টত জমা কৰা হব। এজন কাৰাগাৰৰ বিষয়াৰ মতে, নৱজ্যোৎ সিদ্ধুৱে বেৰেকৰ পৰাই কাম কৰিব, যিহেতু তেওঁ এজন হাই-প্ৰফাইল কাৰাবাসী৷ কাৰাগাৰৰ ফাইলবোৰ তেওঁলৈ বেৰেকত প্ৰেৰণ কৰা হব, কিয়নো তেওঁক তেওঁৰ চেলৰ পৰা বাহিৰলৈ যাবলৈ দিয়া নহব।

কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, সিদ্ধুৱে মঙলবাৰে কেৰাণী হিচাপে কাম কৰা আৰম্ভ কৰে। তেওঁ দুটা শ্বিফ্টত কাম কৰিব, পুৱা ৯ বজাৰ পৰা দুপৰীয়া ৩ বজালৈ আৰু আবেলি ৩বজাৰ পৰা সন্ধিয়া ৫ বজালৈ। ইফালে, সিদ্ধুক ৰখা বেৰেকৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। পাঁচজন ৱাৰ্ডেন আৰু চাৰিজন কাৰাগাৰৰ কয়েদীকো সিদ্ধুৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হৈছে।

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা নৱজ্যোৎ সিং সিদ্ধুক ১৯৮৮ চনৰ ৰোড ৰেজ গোচৰত উচ্চতম ন্যায়ালয়ে ১৯ মেত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ