--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰ হিচাপে মনোনীত হৈছে নেপালৰ কাঠমাণ্ডুৰ ১৭ বছৰীয়া ডৰ বাহাদুৰ খাপাংগী৷ ২০০৪ চনৰ ১৪ নৱেম্বৰত ডৰ বাহাদুৰ খাপাংগীৰ জন্ম হৈছিল৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষৰ মতে, ২৩ মাৰ্চত কাঠমাণ্ডুত তেওঁৰ শৰীৰৰ জোখ লোৱা হৈছিল আৰু উচ্চতা ৭৩.৪৩ ছেমি ( ফুট . ইঞ্চি) পোৱা গৈছিল।

 

জিডব্লিউআৰ- মতে, কাঠমাণ্ডুত অনুষ্ঠিত এক অনুষ্ঠানত খাপাংগীক নেপাল পৰ্যটন ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ধনঞ্জয় ৰেগমীয়ে এখন প্ৰমাণপত্ৰ প্ৰদান কৰে। কিশোৰজনে কাঠমাণ্ডুৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দক্ষিণ-পূবত সিন্ধুলী জিলাত মাক-দেউতাক আৰু চিবিলিংৰ সৈতে বাস কৰে। তেওঁ কৃষকপিতৃৰ কনিষ্ঠ পুত্ৰ আৰু গাঁৱৰে বিদ্যালয়ত অধ্যয়ন কৰে।

 

তেওঁৰ ভাতৃয়ে আশা কৰে যে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা লাভ কৰা খাপাংগীৰ স্বীকৃতিয়ে তেওঁৰ স্কুলীয়া শিক্ষাত সহায় কৰিব। তেওঁৰ ভাতৃ নাৰা ভাদুৰ খাপাংগীয়ে কয়, ডৰ বাহাদুৰৰ জন্মৰ সময়ত সকলো ঠিকেই আছিল। অৱশ্যে তেওঁ সাত বছৰ বয়সৰ পৰা বৃদ্ধি হোৱা নাছিল। তেওঁৰ সমবয়সীয়াসকল বাঢ়ি আহিছিল কিন্তু ডৰ বাহাদুৰ ৰৈ গৈছিল৷ কিন্তু কিয়, সেয়া আমি নাজানো৷

 

এই অভিলেখটো পূৰ্বতে নেপালৰ খাগেন্দ্ৰ থাপা মাগৰৰ নামত স্বীকৃত আছিল। ১৯৯২ চনৰ অক্টোবৰত জন্ম গ্ৰহণ কৰা খাগেন্দ্ৰৰ উচ্চতা আছিল ৬৫.৫৮ চেমি ( ফুট . ইঞ্চি) খাগেন্দ্ৰ ১৮ বছৰ বয়সত আটাইতকৈ চাপৰ জীৱিত ব্যক্তি হিচাপে স্বীকৃত হৈছিল৷ দুখৰ বিষয় যে ২০২০ চনত ২৭ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল।

 

জিডব্লিউআৰ- মতে, ৩৬ বছৰীয়া কলম্বিয়ান এডৱাৰ্ড হাৰ্নান্দেজ হৈছে ফুট .৩৯ ইঞ্চি (৭২.১০ চেমি) জীৱিত আটাইতকৈ চুটি ব্যক্তি, যিয়ে তেওঁ ২০১০ৰ ১৩ এপ্ৰিলৰ পৰা এই অভিলেখ বাহাল ৰাখিবলৈ সক্ষম হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ