--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰ হিচাপে মনোনীত হৈছে নেপালৰ কাঠমাণ্ডুৰ ১৭ বছৰীয়া ডৰ বাহাদুৰ খাপাংগী৷ ২০০৪ চনৰ ১৪ নৱেম্বৰত ডৰ বাহাদুৰ খাপাংগীৰ জন্ম হৈছিল৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষৰ মতে, ২৩ মাৰ্চত কাঠমাণ্ডুত তেওঁৰ শৰীৰৰ জোখ লোৱা হৈছিল আৰু উচ্চতা ৭৩.৪৩ ছেমি ( ফুট . ইঞ্চি) পোৱা গৈছিল।

 

জিডব্লিউআৰ- মতে, কাঠমাণ্ডুত অনুষ্ঠিত এক অনুষ্ঠানত খাপাংগীক নেপাল পৰ্যটন ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ধনঞ্জয় ৰেগমীয়ে এখন প্ৰমাণপত্ৰ প্ৰদান কৰে। কিশোৰজনে কাঠমাণ্ডুৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দক্ষিণ-পূবত সিন্ধুলী জিলাত মাক-দেউতাক আৰু চিবিলিংৰ সৈতে বাস কৰে। তেওঁ কৃষকপিতৃৰ কনিষ্ঠ পুত্ৰ আৰু গাঁৱৰে বিদ্যালয়ত অধ্যয়ন কৰে।

 

তেওঁৰ ভাতৃয়ে আশা কৰে যে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা লাভ কৰা খাপাংগীৰ স্বীকৃতিয়ে তেওঁৰ স্কুলীয়া শিক্ষাত সহায় কৰিব। তেওঁৰ ভাতৃ নাৰা ভাদুৰ খাপাংগীয়ে কয়, ডৰ বাহাদুৰৰ জন্মৰ সময়ত সকলো ঠিকেই আছিল। অৱশ্যে তেওঁ সাত বছৰ বয়সৰ পৰা বৃদ্ধি হোৱা নাছিল। তেওঁৰ সমবয়সীয়াসকল বাঢ়ি আহিছিল কিন্তু ডৰ বাহাদুৰ ৰৈ গৈছিল৷ কিন্তু কিয়, সেয়া আমি নাজানো৷

 

এই অভিলেখটো পূৰ্বতে নেপালৰ খাগেন্দ্ৰ থাপা মাগৰৰ নামত স্বীকৃত আছিল। ১৯৯২ চনৰ অক্টোবৰত জন্ম গ্ৰহণ কৰা খাগেন্দ্ৰৰ উচ্চতা আছিল ৬৫.৫৮ চেমি ( ফুট . ইঞ্চি) খাগেন্দ্ৰ ১৮ বছৰ বয়সত আটাইতকৈ চাপৰ জীৱিত ব্যক্তি হিচাপে স্বীকৃত হৈছিল৷ দুখৰ বিষয় যে ২০২০ চনত ২৭ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল।

 

জিডব্লিউআৰ- মতে, ৩৬ বছৰীয়া কলম্বিয়ান এডৱাৰ্ড হাৰ্নান্দেজ হৈছে ফুট .৩৯ ইঞ্চি (৭২.১০ চেমি) জীৱিত আটাইতকৈ চুটি ব্যক্তি, যিয়ে তেওঁ ২০১০ৰ ১৩ এপ্ৰিলৰ পৰা এই অভিলেখ বাহাল ৰাখিবলৈ সক্ষম হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন