--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃক্ষ, লতা-পাত, চৰাই, চিৰিকটি আৰু সেউজীয়াৰ মাজত জীৱন কটাই ভাল পোৱা শিল্পীগৰাকীৰ জীৱনে আজিৰ দিনত যেন লাভকৰিলে পূর্ণতা।

ডিজিটেল ডেস্কঃ 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই'- এই উদাত্ত কণ্ঠৰে ঘোষণা কৰি জীৱনৰ শেষ দিনলৈকে প্ৰকৃতিৰ গান গাই যোৱা জনতাৰ শিল্পীজন শেষ মুহূর্তটো যেন সেউজীয়া পাহাৰৰ বুকুতে বিলীন হ'ল চিৰদিন-চিৰকালৰ বাবে। 


বৃক্ষ, লতা-পাত, চৰাই, চিৰিকটি আৰু সেউজীয়াৰ মাজত জীৱন কটাই ভাল পোৱা শিল্পীগৰাকীৰ জীৱনে আজিৰ দিনত যেন লাভকৰিলে পূর্ণতা। প্রাকৃতিক সৌন্দৰ্যৰ লগতে মানৱতাৰ ওপৰত থকা তেওঁৰ গভীৰ ভালপোৱাৰ কথা তেওঁৰ সংগীত আৰু জীৱনকালত স্পষ্টভাৱে প্রকাশ পাইছিল। 


'শিল্পীজনৰ বাবে প্রকৃতি মাত্র দৃশ্য নহয়, প্রকৃতি আছিল জীৱন, প্রেম, আৰু ধৰ্ম।' নগৰৰ কোলাহলৰ পৰিৱৰ্তে মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ কমাৰকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সেউজ পাহাৰ, পখীৰ কোলাহল আৰু পাতৰ কম্পনৰ নিস্তব্ধতাৰ সকলোৰে হিয়াৰ আমঠুগৰাকীৰ হৈ ৰ'ল অন্তিম ঠিকনা। নাহৰে বহাগ অনাৰ বতৰা দিবলৈ আৰু কোনোদিনে কোনোকালে নাহে জুবিন গাৰ্গ। কিন্তু সেই বাস্তৱক যেন নটাকৈ দিন অতিক্ৰম কৰাৰ পাছতো বর্তমানো মানি ল'বলৈ বিচৰা নাই অনুৰাগীসকলে। 


ইপিনে প্রিয় শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আজি পঞ্চম দিনাটোতো সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্রত পুৱাৰ পৰা যেন বৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ লানি নিছিঙা সোঁত। কোনোৱে যদি এপাহি ফুলেৰে নিৱেদিছে শ্রদ্ধাঞ্জলি, কোনোৱে আনিছে এখনি আদৰৰ গামোচা আৰু আন কোনোৱে অনা এটি নাহৰৰ পুলি ৰোপণেৰে যাচিছে প্রিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। 


আনহাতে, স্থানীয় ৰাইজেও শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে সমাধিস্থলীত প্রতিদিনে অনুষ্ঠিত কৰিছে ভাগৱত পাঠৰ লগতে নাম প্ৰসংগৰ। য'ত স্বতঃস্ফূতভাৱে অংশগ্ৰহণ কৰিছে সকলোৱে। মুঠৰ ওপৰত শিল্পীগৰাকীৰ সমাধিস্থলী যেন পৰিণত হৈছে এক বৈকুণ্ঠ ধামলৈ আৰু এই স্থানলৈ হোৱা অগণিত জনতাৰ সোঁতে পুনৰবাৰ প্ৰমাণ কৰিলে জুবিন নামৰ এই অদম্য সত্তাক কাহানিও যেন নাপাহৰে ৰাজ্যবাসীয়ে। 


ইপিনে শিল্পীগৰাকীয়ে গোৱা 'মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্রু নিগৰিবনে কোৱা!', 'মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্রু নিগৰিবনে কোৱা!', মোৰ কবিতাৰ ছন্দ, গানৰ সুৰ, বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা, তোমাৰ প্ৰিয় গীত গাবলে...' কথাকে যেন এতিয়া চৌদিশে সকলোৰে নিগৰিছে কেৱল অশ্রু আৰু অশ্রু।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ