--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃক্ষ, লতা-পাত, চৰাই, চিৰিকটি আৰু সেউজীয়াৰ মাজত জীৱন কটাই ভাল পোৱা শিল্পীগৰাকীৰ জীৱনে আজিৰ দিনত যেন লাভকৰিলে পূর্ণতা।

ডিজিটেল ডেস্কঃ 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই'- এই উদাত্ত কণ্ঠৰে ঘোষণা কৰি জীৱনৰ শেষ দিনলৈকে প্ৰকৃতিৰ গান গাই যোৱা জনতাৰ শিল্পীজন শেষ মুহূর্তটো যেন সেউজীয়া পাহাৰৰ বুকুতে বিলীন হ'ল চিৰদিন-চিৰকালৰ বাবে। 


বৃক্ষ, লতা-পাত, চৰাই, চিৰিকটি আৰু সেউজীয়াৰ মাজত জীৱন কটাই ভাল পোৱা শিল্পীগৰাকীৰ জীৱনে আজিৰ দিনত যেন লাভকৰিলে পূর্ণতা। প্রাকৃতিক সৌন্দৰ্যৰ লগতে মানৱতাৰ ওপৰত থকা তেওঁৰ গভীৰ ভালপোৱাৰ কথা তেওঁৰ সংগীত আৰু জীৱনকালত স্পষ্টভাৱে প্রকাশ পাইছিল। 


'শিল্পীজনৰ বাবে প্রকৃতি মাত্র দৃশ্য নহয়, প্রকৃতি আছিল জীৱন, প্রেম, আৰু ধৰ্ম।' নগৰৰ কোলাহলৰ পৰিৱৰ্তে মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ কমাৰকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সেউজ পাহাৰ, পখীৰ কোলাহল আৰু পাতৰ কম্পনৰ নিস্তব্ধতাৰ সকলোৰে হিয়াৰ আমঠুগৰাকীৰ হৈ ৰ'ল অন্তিম ঠিকনা। নাহৰে বহাগ অনাৰ বতৰা দিবলৈ আৰু কোনোদিনে কোনোকালে নাহে জুবিন গাৰ্গ। কিন্তু সেই বাস্তৱক যেন নটাকৈ দিন অতিক্ৰম কৰাৰ পাছতো বর্তমানো মানি ল'বলৈ বিচৰা নাই অনুৰাগীসকলে। 


ইপিনে প্রিয় শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আজি পঞ্চম দিনাটোতো সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্রত পুৱাৰ পৰা যেন বৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ লানি নিছিঙা সোঁত। কোনোৱে যদি এপাহি ফুলেৰে নিৱেদিছে শ্রদ্ধাঞ্জলি, কোনোৱে আনিছে এখনি আদৰৰ গামোচা আৰু আন কোনোৱে অনা এটি নাহৰৰ পুলি ৰোপণেৰে যাচিছে প্রিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। 


আনহাতে, স্থানীয় ৰাইজেও শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে সমাধিস্থলীত প্রতিদিনে অনুষ্ঠিত কৰিছে ভাগৱত পাঠৰ লগতে নাম প্ৰসংগৰ। য'ত স্বতঃস্ফূতভাৱে অংশগ্ৰহণ কৰিছে সকলোৱে। মুঠৰ ওপৰত শিল্পীগৰাকীৰ সমাধিস্থলী যেন পৰিণত হৈছে এক বৈকুণ্ঠ ধামলৈ আৰু এই স্থানলৈ হোৱা অগণিত জনতাৰ সোঁতে পুনৰবাৰ প্ৰমাণ কৰিলে জুবিন নামৰ এই অদম্য সত্তাক কাহানিও যেন নাপাহৰে ৰাজ্যবাসীয়ে। 


ইপিনে শিল্পীগৰাকীয়ে গোৱা 'মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্রু নিগৰিবনে কোৱা!', 'মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্রু নিগৰিবনে কোৱা!', মোৰ কবিতাৰ ছন্দ, গানৰ সুৰ, বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা, তোমাৰ প্ৰিয় গীত গাবলে...' কথাকে যেন এতিয়া চৌদিশে সকলোৰে নিগৰিছে কেৱল অশ্রু আৰু অশ্রু।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি