--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অহা ১০ অক্টোবৰত ঘোষণা হ'ব এ ডি আৰ ই (ADRE) তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল

ডিজিটেল ডেস্ক : অহা ২৫-২৬ অক্টোবৰৰ ভিতৰত কেইবাটাও চৰকাৰী বিভাগত বৃহৎসংখ্যক লোকক নিযুক্তি দিব ৰাজ্য চৰকাৰখনে। একেদৰে অহা ৭ অক্টোবৰত অৰুণোদয় ৩.০ আৰম্ভ হ'ব। শনিবাৰে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। 


মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ১০ অক্টোবৰত ৰাজ্য চৰকাৰে বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰৱাহ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নির্দেশৰ বাবে কিছু থমকি ৰ'বলগীয়া হৈছে। কিন্তু ইয়াৰ পাছতো অহা ১০ অক্টোবৰত ঘোষণা হ'ব এ ডি আৰ ই (ADRE) তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল। 


প্রায় পাঁচ হাজাৰ পদৰ বাবে অনুষ্ঠিত কৰা ADRE চতুৰ্থ শ্ৰেণীৰ ফলাফল ১৫ অক্টোবৰত ঘোষণা কৰা হ'ব। স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ'ব। প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে যি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল সেই পৰীক্ষাৰ ফলাফল ১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব। অৱশ্যে, ইয়াৰ পূৰ্বে গ্ৰেজুৱেট শিক্ষক আৰু প'ষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত ঘোষণা কৰা হ'ব। 


অ'ভাৰ লেপিং যাতে নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে আৰক্ষীৰ ছাব ইন্সপেক্টৰ আৰু ফায়াৰ ব্রিগেড আদি পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰ বা তাৰ আগতে ঘোষণা হ'ব। অৱশ্যে AB আৰু UBৰ ফলাফলৰ ক্ষেত্রত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ এই বাধা অতিক্ৰম কৰি আমি এই মাহৰ ভিতৰতে AB আৰু UB কনিষ্টবলৰ ফলাফল দিয়া হ'ব। দহ অক্টোবৰত নোৱাৰিলোঁ, কিন্তু ২৫-২৬ অক্টোবৰৰ ভিতৰত নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব বুলি ব্যক্ত কৰি ড° শৰ্মাই লগতে কয় যে নৱেম্বৰ মাহৰ ভিতৰতে সকলোৱে যোগদান কৰি কাম কৰিব পাৰিব। সেয়েহে সকলোৱে কেইটামান দিন অপেক্ষা কৰিব লাগিব। কিয়নো জুবিনৰ মৃত্যুৰ বাবে যোৱা কেইবাদিনো ধৰি আমি কোনেও কাম কৰিব পৰা নাই। 


ইফালে ৰাজ্য চৰকাৰৰ আন কেইবাখনো আঁচনিৰ সন্দৰ্ভত তেওঁ কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে প্রতিমাহে ত্রিশ লাখ মহিলাই মাহে ১২৫০ টকালৈ লাভ কৰি আছে। সোতৰ ছেপ্টেম্বৰৰ পৰা অৰুণোদয় তৃতীয় আৰম্ভ কৰাৰ কথা আছিল যদিও পাছত ২৫ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰা হৈছিল। কিন্তু চলি থকা ঘটনা প্ৰৱাহৰ বাবে সেই দিনটোত আঁচনিখন শুভাৰম্ভ কৰিব পৰা নগ'ল। এতিয়া ৰাজ্য চৰকাৰখনে ৭ অক্টোবৰত অৰুণোদয় ৩.০ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ঠিক একেদৰে নিযুত মইনা আঁচনি ৩.৫ লাখ ছাত্রীয়ে লাভ কৰিব। প্রথম কিস্তিৰ ধন ১০-১৫ অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব। প্রথম কিস্তিৰ ধন চে'কযোগে প্রদান কৰা হ'ব। ইয়াৰ পাছত প্রতিমাহে বেংক একাউন্টযোগে ধন লাভ কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ