--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • শৰৎ মানেই শাৰদী ৰাণীক আদৰাৰ সময়। আজি পূজাৰ ষষ্ঠী। বেল বোধনেৰে আজি বেদীত প্রতিষ্ঠা কৰা হ'ব দেৱী দুর্গাৰ প্রতিমা।

ডিজিটেল ডেস্ক : সর্বস্বৰূপে সর্বেশে সর্বশক্তি সমন্বিতে। ভয়েভ্যস্ত্ৰাহিনো দেৱী দুর্গে দেৱী নমস্তুতে।। শৰণাগত দীনাত পৰিত্ৰাণ পৰায়ণে।সৰ্বস্যাৰ্ত্তি হৰে দেৱী নাৰয়ণি নমস্তুতে।। শেৱালিৰ সুগন্ধিয়েই কঢ়িয়াই আনে শৰতৰ বতৰা। শৰৎ মানেই যেন দুর্গা পূজা।


শৰৎ মানেই শাৰদী ৰাণীক আদৰাৰ সময়। আজি পূজাৰ ষষ্ঠী। বেল বোধনেৰে আজি বেদীত প্রতিষ্ঠা কৰা হ'ব দেৱী দুর্গাৰ প্রতিমা। ষষ্ঠী পূজাৰ দিনা বেল বোধনেৰে দুর্গোৎসৱৰ আৰম্ভণি হয়। দেৱীক পূজা কৰাৰ আগেয়ে হিন্দু ধৰ্মৰ এক বিশেষ বৃক্ষ বেল গছত পূজা কৰি দেৱীক জাগ্ৰত কৰি তোলা হয়। এই বেল বোধনৰ সময়ত যুৰীয়া বেলত দুর্গা মাৰ শক্তি স্থাপন কৰি বেদীত দেৱীক প্রতিষ্ঠা কৰা হয়। প্রবাদ অনুসৰি মহালয়াত ধৰালৈ আগমন হোৱা দেৱী দুর্গাই ষষ্ঠী পূজাৰ দিনা কৈলাসৰ পৰা নামি আহি বেল গছৰ তলত জিৰণি লয়। সেইবাবে উক্ত দিনা বেল গছৰ তলত দুটা যুৰীয়া বেলেৰে দেৱীক আৰাধনা কৰা হয়। ষষ্ঠীৰ পৰা দশমীলৈকে মা দুর্গাক নৱ দুর্গা হিচাপে পূজা-অর্চনা কৰা হ'ব। পবিত্ৰ নৱৰাত্ৰিৰ দিনটোত মা দুৰ্গাৰ ষষ্ঠ ৰূপ, কাত্যায়নী দেৱীৰ উপাসনা কৰিলে ভক্তসকলৰ সকলো মনোবাঞ্ছা পূৰ্ণ হোৱাৰ লগতে সৰ্বসিদ্ধি প্রাপ্তি হয় বুলি বিশ্বাস কৰা হয়। ষষ্ঠীৰ বেদীত দেৱী দুর্গাক প্ৰতিষ্ঠা কৰি পূজা-অর্চনা কৰিবলৈ ইতিমধ্যে সকলো সাজু হৈ পৰিছে। 


ষষ্ঠীৰ দিনটোত দেৱীৰ কাত্যায়নী ৰূপক পূজা কৰা হয়। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদীত দেৱী দশভুজাৰ মৃণ্ময় প্রতিমা স্থাপন কৰি বস্তু, আ-অলংকাৰেৰে সজাই তোলা হ'ব। ধর্মীয় ৰীতি-নীতিৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰা আধ্যাত্মিক ভাবনাত বুৰ যাব ভক্তপ্রাণ ৰাইজ। বিশেষকৈ এইবাৰ দেৱী পৃথিৱীলৈ গজ অর্থাৎ হাতীত আগমন হৈছে। দেৱীৰ হাতীত আগমন অতি শুভকাৰক। হাতীত আগমনে সমাজলৈ ভাল খবৰ অনাৰ লগতে ধন-সম্পত্তি বৃদ্ধি, সুখ-শান্তি আৰু সমৃদ্ধিৰ প্রতীক বুলি গণ্য কৰা হয়। আনহাতে, এইবাৰ দেৱীয়ে দোলাত গমন কৰিব। জ্যোতিষীৰ মতে দেৱীৰ দোলাত গমন অতি অশুভ। ইয়াৰ ফলত প্রাকৃতিক দুর্যোগ, ঘূর্ণিবতাহ, মহামাৰি, যুদ্ধ-বিগ্রহ আদি ভয়ানক ঘটনা সংঘটিত হ'ব পাৰে। উল্লেখযোগ্য যে পূজা বুলি ক'লেই চৌদিশে এক ব্যস্ততাপূর্ণ, আনন্দময়, জাকজমকীয়া পৰিৱেশৰ সমাহাৰ। উৎসৱৰ আনন্দত মতলীয়া হয় সকলো। কিন্তু এইবাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনুপস্থিতিত অনুষ্ঠিত হ'ব প্ৰথমটো শাৰদীয় দুর্গা পূজা। প্রিয় শিল্পীগৰাকীৰ অনাকাংক্ষিত বিয়োগত সকলো শোকত ম্রিয়মাণ হৈ আছে। জুবিনবিহীন এইবাৰৰ পূজা যে স্তিমিত হৈ পৰিব সেয়া ইতিমধ্যে অনুমান কৰা হৈছে। প্রতিবছৰে পূৰ্ব-প্রস্তুতিৰে আয়োজন কৰা ৰাজ্যৰ প্ৰতিখন পূজা সমিতিৰ মাজত থকা পূৰ্বৰ সেই ব্যস্ততাপূর্ণ পৰিৱেশ এইবাৰ যেন সেমেকা হৈ পৰিছে। চৌদিশে নাই কোনো আনন্দ, উৎসৱমুখৰ পৰিৱেশ। পূজা বুলি ক'লেই মহালয়াৰ দিনটোৰ পৰাই উথপথপ হৈ পৰা পৰিৱেশ এইবাৰ ম্লান পৰিল। মহালয়াৰ দিনটোতেই অশুভ শক্তিক বিনাশিবলৈ ধৰাৰ বুকুলৈ নামি আহে মা দুর্গা। মহালয়াৰ পৰাই দুর্গা পূজাৰ প্ৰতিটো ক্ষণৰ গণনা আৰম্ভ হয়। চণ্ডীপাঠ, দেৱী বন্দনা, মংগলধ্বনিৰে প্ৰতিবছৰে মুখৰিত হৈ পৰা মহালয়াৰ দিনটোৰ পুৱাই এইবাৰ সকলোৰে বাবে এটা শোকৰ দিন হৈ গুৱাহাটী আহি পাইছিলহি প্রিয় শিল্পী জুবিন গাৰ্গৰ নিথৰ দেহ। মহালয়াৰ আনন্দ, উৎসৱৰ পৰিৱৰ্তে ৰাজ্যৰ চৌদিশে সৃষ্টি হ'ল এক শোকাকুল পৰিৱেশ। অনুৰাগীৰ হিয়াভগা কান্দোনেৰে উদাসীন হৈ পৰিল মহালয়াৰ পুৱা। কঁহুৱা ফুলা বতৰত প্রিয় শিল্পীগৰাকীৰ অবিহনে যেন নিস্তেজ হৈ পৰিছে শৰতৰ ৰং। জুবিন অবিহনে প্রকৃতিৰ বুকুলৈ নামিছে প্ৰথমটো শৰৎ। বেদনাভৰা প্ৰকৃতিৰ বুকুত বাজিছে মায়াবিনী ৰাতিৰ বুকুত...। মৰমৰ শিল্পী জুবিন গাৰ্গৰ কৰুণ মৃত্যুত সকলো শোকাহত হৈ থকাৰ বাবে এইবাৰ দুর্গা পূজাত যাতে আনন্দ-উল্লাসৰ নামত উচ্চ প্রাবল্যৰ কোনো গীত-মাত আজি বজোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিসমূহে বিশেষ উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হৈছে। অধিকাংশ পূজা সমিতিয়েই এইবাৰ সম্পূৰ্ণ সাত্ত্বিক তথা আধ্যাত্মিক পৰিৱেশত দুর্গা পূজা উদ্যাপন কৰিব। পূজাস্থলীত প্রতিদিনে সদ্যপ্রয়াত জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি-অনুষ্ঠান আয়োজন কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ উখল-মাখল কাৰ্যসূচী বাতিল কৰিছে। সংগীতৰ ভগৱান জুবিনৰ অবর্তমানত পূজাস্থলীত থাকিব কেৱল জুবিনৰ মায়াসনা গান আৰু ঢাক-ঢোলৰ পৱিত্র শব্দ। লক্ষণীয়ভাৱে ১৯৯২ চনৰ দুর্গা পূজাৰ উৎসৱময় পৰিৱেশৰ পাছতেই মুক্তি পাইছিল জুবিন গাৰ্গৰ জনপ্রিয় গীতৰ এলবাম 'অনামিকা'। ইয়াৰ পাছতেই অসমে পাইছিল জুবিন গাৰ্গ নামৰ সাংগীতিক ধুমুহাৰ পৰিচয়। সেই তেতিয়াৰ পৰা ৩৩ বছৰৰ পাছত এই পূজাৰ বতৰতে জুবিনহীন সময়বোৰত যেন আকৌ পূজাৰ মণ্ডপে মণ্ডপে বাজি উঠিব প্ৰাণৰ শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ। এনেদৰেই এতিয়া এক সেমেকা পৰিৱেশৰ মাজতেই চৌদিশে শাৰদীয় দুর্গোৎসৱৰ আয়োজনৰ প্ৰস্তুতি চলিছে যদিও পূজাৰ সময়ছোৱাত দেৱী বন্দনাৰ সমানুপাতিকভাৱে বিভিন্ন বিষয়বস্তুক লৈ প্ৰতিবছৰে সাজি উলিওৱা পূজাৰ মণ্ডপসমূহে ৰাইজৰ মাজত আকৰ্ষণৰ সৃষ্টি কৰে। 


পূজাৰ মণ্ডপ নিৰ্মাণৰ বাবে পূজা সমিতিৰ উদ্যোক্তাসকলৰ মাজত একপ্ৰকাৰ অঘোষিত প্রতিযোগিতাৰ সৃষ্টি হয়। প্ৰধানকৈ ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত প্রতিবছৰে প্ৰায় পাঁচ শতাধিক পূজা সমিতিয়ে দুর্গা পূজা আয়োজন কৰে। কিন্তু ইয়াৰে বিশেষ কেইখনমান দুর্গা পূজা সমিতিয়ে বহু লাখ টকা খৰচ কৰি বৃহৎ বাজেটেৰে পূজা উদযাপন কৰে। এইবাৰো তাৰ ব্যতিক্রম ঘটা নাই। কেইবাখনো পূজা সমিতিৰ এইবাৰৰ বাজেট কোটি টকা পর্যন্ত হৈছেগৈ। প্রতিখন পূজা সমিতিয়েই দর্শক তথা ভক্তসকলক আকৰ্ষণ কৰিবৰ বাবে নতুন নতুন ব্যতিক্রমী বিষয়বস্তুৰে আকর্ষণীয়কৈ পূজা মণ্ডপসমূহ নিৰ্মাণ কৰিছে। বৃহৎ বাজেটেৰে পূজা আয়োজনৰ অঘোষিত প্রতিযোগিতাৰে বেংককস্থিত বিখ্যাত বৌদ্ধ মন্দিৰ 'বাট অৰুণ'ৰ পৰা ডুবাইৰ 'বুর্জ খলিফা 'লৈউৎসঃ দৈনিক জনমভূমিজুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ