--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিধানসভাৰ দৰে সুৰক্ষিত আৰু নিৰাপদ স্থানত গোপন সুৰংগৰ সন্ধান পোৱাটো স্বৰূপাৰ্থতে এক আশ্বৰ্যকৰ কথা। ই ৰাজ্য এখনৰ নিৰাপত্তাৰ বাবেও ভয়ংকৰ প্ৰত্যাহ্বান হিচাপে পৰিণত হ’ব পাৰে। কিন্তু এই আশ্বৰ্যকৰ কথাই সংঘটিত হৈছে দিল্লী বিধানসভাত। দিল্লী বিধানসভাত উদ্ধাৰ হৈছে গোপন সুৰংগৰ। এই আশ্বৰ্যকৰ খবৰে সংবাদ শিৰোনাম দখল কৰে শুকুৰবাৰে। দিল্লী বিধানসভাৰ এটা পুৰণি ভৱনৰ দুৱাৰ মুকলি কৰাৰ পাছতে এই গোপন সুৰংগৰ সন্ধান পোৱা গ’ল। জানিবপৰা মতে, এই গোপন সুৰংগ পথে সংযোগ কৰিছে লালকিল্লাক। অৱশ্যে এই গোপন সুৰংগৰ সন্ধান লাভে আশংকা সৃষ্টি কৰাৰ বিপৰীতে ইতিহাসৰ এক গোপন অধ্যায়ৰ দুৱাৰহে মুকলি কৰিছে। দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিবাসে প্ৰকাশ কৰিছে যে, এই সুৰংগ বৃটিছ আমোলৰ সময়ৰ। অৰ্থাত ই এক শতিকাৰো অধিক পুৰণি।

স্বাধীনতা সংগ্ৰামে দেশত ভৰপক দিয়াৰ সময়ত স্বাধীনতা সংগ্ৰামীৰ আক্ৰমণৰ পৰা বাছিবলৈ এই সুৰংগপথ ব্যৱহাৰ কৰিছিল বৃটিছে। তদুপৰি কোনো স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়ত প্ৰত্যাঘাতৰ পৰা ৰক্ষা পাবলৈও বৃটিছ আমোলৰ আৰক্ষীৰ লোকে এই সুৰংগপথ ব্যৱহাৰ কৰিছে। অধ্যক্ষ ৰাম নিবাসে প্ৰকাশ কৰে যে, তেওঁ ১৯৯৩চনত প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়তো এনে এক গোপন সুৰংগৰ গুজব শুনিছিল। সেই সময়ৰে পৰা এই সুৰংগৰ সন্ধান চলিছিল যদিও তাৰ সম্ভেদ পোৱাটো সম্ভৱ হোৱা নাছিল। বিধানসভাৰ ঐতিহাসিক নথি-পত্ৰতো ইয়াৰ কোনো তথ্য নাছিল। কিন্তু এতিয়া আকস্মিকভাৱে উদ্ভাসন ঘটিল এই শতিকাপ্ৰাচীন ৰহস্যৰ। উল্লেখ্য যে, ১৯১২চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। তেতিয়া বৰ্তমানৰ বিধানসভা ভৱনক ইংৰাজ আমোলৰ মূল প্ৰশাসনিক ভৱন হিচাপে ব্যৱহাৰ কৰা হৈছিল।

১৯২৬ চনত তাক আদালত হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়। সেই সময়ত স্বাধীনতা সংগ্ৰামীসকলৰ বিচাৰ চলিছিল সেই ভৱনতেই। বন্দী মুক্তিযোদ্ধাসকলক সুৰংগ পথেৰেই বিচাৰৰ বাবে অনা হৈছিল সেই আদালতলৈ। যাতে তেওঁলোকৰ সহ সংগ্ৰামীয়ে তেওঁলোকক আৰক্ষীৰ জিম্মাৰ পৰা কাঢ়ি নিব নোৱাৰে বা তেওঁলোক পলাই যাব নোৱাৰে। তেনে উদ্দেশ্যৰেই এই সুৰংগপথ ব্যৱহাৰ কৰা হৈছিল। শতিকাপ্ৰাচীন এই সুৰংগপথৰ সন্ধান পোৱাৰ পাছতে এতিয়া বিভিন্নজনৰ আগ্ৰহ আৰু আকৰ্ষণৰ ই কেন্দ্ৰ হৈ পৰিছে। দিল্লী চৰকাৰে এই সুৰংগপথ মেৰামতি কৰি আগ্ৰহী দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। অহা বছৰৰ স্বাধীনতা দিৱসৰ পূৰ্বেই এই সুৰংগপথ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ চেষ্টা কৰা হ’ব বুলি জানিব পৰা গৈছে। আকস্মিকভাৱে ইতিহাসৰ অতি গোপন তথা অতি গুৰুত্বপূৰ্ণ পৃষ্ঠা এটা মুকলি হৈ পৰাটো এক গুৰুকত্বপূৰ্ণ সংঘটন হিচাপে চিহ্নিত হৈছে। কেৱল এয়াই নহয়, বিধানসভাত এনে আন এটা গোপন কক্ষৰ সন্ধান লাভ কৰা গৈছে য’ত বহু মুক্তিযোদ্ধাক ফাঁচী দিয়া হৈছিল বুলি জনা যায়। ইয়াৰ দ্বাৰ এতিয়াও মুকলি কৰা হোৱা নাই। ইয়াক স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰসকলৰ মন্দিৰ হিচাপে গঢ়ি তোলাৰো পোষকতা কৰিছে চৰকাৰী পক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে