--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিধানসভাৰ দৰে সুৰক্ষিত আৰু নিৰাপদ স্থানত গোপন সুৰংগৰ সন্ধান পোৱাটো স্বৰূপাৰ্থতে এক আশ্বৰ্যকৰ কথা। ই ৰাজ্য এখনৰ নিৰাপত্তাৰ বাবেও ভয়ংকৰ প্ৰত্যাহ্বান হিচাপে পৰিণত হ’ব পাৰে। কিন্তু এই আশ্বৰ্যকৰ কথাই সংঘটিত হৈছে দিল্লী বিধানসভাত। দিল্লী বিধানসভাত উদ্ধাৰ হৈছে গোপন সুৰংগৰ। এই আশ্বৰ্যকৰ খবৰে সংবাদ শিৰোনাম দখল কৰে শুকুৰবাৰে। দিল্লী বিধানসভাৰ এটা পুৰণি ভৱনৰ দুৱাৰ মুকলি কৰাৰ পাছতে এই গোপন সুৰংগৰ সন্ধান পোৱা গ’ল। জানিবপৰা মতে, এই গোপন সুৰংগ পথে সংযোগ কৰিছে লালকিল্লাক। অৱশ্যে এই গোপন সুৰংগৰ সন্ধান লাভে আশংকা সৃষ্টি কৰাৰ বিপৰীতে ইতিহাসৰ এক গোপন অধ্যায়ৰ দুৱাৰহে মুকলি কৰিছে। দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিবাসে প্ৰকাশ কৰিছে যে, এই সুৰংগ বৃটিছ আমোলৰ সময়ৰ। অৰ্থাত ই এক শতিকাৰো অধিক পুৰণি।

স্বাধীনতা সংগ্ৰামে দেশত ভৰপক দিয়াৰ সময়ত স্বাধীনতা সংগ্ৰামীৰ আক্ৰমণৰ পৰা বাছিবলৈ এই সুৰংগপথ ব্যৱহাৰ কৰিছিল বৃটিছে। তদুপৰি কোনো স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়ত প্ৰত্যাঘাতৰ পৰা ৰক্ষা পাবলৈও বৃটিছ আমোলৰ আৰক্ষীৰ লোকে এই সুৰংগপথ ব্যৱহাৰ কৰিছে। অধ্যক্ষ ৰাম নিবাসে প্ৰকাশ কৰে যে, তেওঁ ১৯৯৩চনত প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়তো এনে এক গোপন সুৰংগৰ গুজব শুনিছিল। সেই সময়ৰে পৰা এই সুৰংগৰ সন্ধান চলিছিল যদিও তাৰ সম্ভেদ পোৱাটো সম্ভৱ হোৱা নাছিল। বিধানসভাৰ ঐতিহাসিক নথি-পত্ৰতো ইয়াৰ কোনো তথ্য নাছিল। কিন্তু এতিয়া আকস্মিকভাৱে উদ্ভাসন ঘটিল এই শতিকাপ্ৰাচীন ৰহস্যৰ। উল্লেখ্য যে, ১৯১২চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। তেতিয়া বৰ্তমানৰ বিধানসভা ভৱনক ইংৰাজ আমোলৰ মূল প্ৰশাসনিক ভৱন হিচাপে ব্যৱহাৰ কৰা হৈছিল।

১৯২৬ চনত তাক আদালত হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়। সেই সময়ত স্বাধীনতা সংগ্ৰামীসকলৰ বিচাৰ চলিছিল সেই ভৱনতেই। বন্দী মুক্তিযোদ্ধাসকলক সুৰংগ পথেৰেই বিচাৰৰ বাবে অনা হৈছিল সেই আদালতলৈ। যাতে তেওঁলোকৰ সহ সংগ্ৰামীয়ে তেওঁলোকক আৰক্ষীৰ জিম্মাৰ পৰা কাঢ়ি নিব নোৱাৰে বা তেওঁলোক পলাই যাব নোৱাৰে। তেনে উদ্দেশ্যৰেই এই সুৰংগপথ ব্যৱহাৰ কৰা হৈছিল। শতিকাপ্ৰাচীন এই সুৰংগপথৰ সন্ধান পোৱাৰ পাছতে এতিয়া বিভিন্নজনৰ আগ্ৰহ আৰু আকৰ্ষণৰ ই কেন্দ্ৰ হৈ পৰিছে। দিল্লী চৰকাৰে এই সুৰংগপথ মেৰামতি কৰি আগ্ৰহী দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। অহা বছৰৰ স্বাধীনতা দিৱসৰ পূৰ্বেই এই সুৰংগপথ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ চেষ্টা কৰা হ’ব বুলি জানিব পৰা গৈছে। আকস্মিকভাৱে ইতিহাসৰ অতি গোপন তথা অতি গুৰুত্বপূৰ্ণ পৃষ্ঠা এটা মুকলি হৈ পৰাটো এক গুৰুকত্বপূৰ্ণ সংঘটন হিচাপে চিহ্নিত হৈছে। কেৱল এয়াই নহয়, বিধানসভাত এনে আন এটা গোপন কক্ষৰ সন্ধান লাভ কৰা গৈছে য’ত বহু মুক্তিযোদ্ধাক ফাঁচী দিয়া হৈছিল বুলি জনা যায়। ইয়াৰ দ্বাৰ এতিয়াও মুকলি কৰা হোৱা নাই। ইয়াক স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰসকলৰ মন্দিৰ হিচাপে গঢ়ি তোলাৰো পোষকতা কৰিছে চৰকাৰী পক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?