--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : 'সিদ-নাজ' নামেৰে জনপ্ৰিয় হৈ পৰা এই যুটি এতিয়া অসম্পূৰ্ণ৷ 'বিগ বছ-১৩'ৰ আৰম্ভণীৰ পৰাই বহুতৰ বাবে প্ৰিয় হৈ পৰিছিল এই যুটিটো৷ বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যুক সাবটি লোৱা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ নিথৰ দেহ সাৱটি ধৰি আকূলভাৱে মাতিছিল শ্বেহনাজ গীলে। মনৰ মানুহজনক জী তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল শ্বেহনাজে। সিদ্ধাৰ্থৰ মূৰটো কোলাত লৈ চিঞৰিছিল প্ৰেয়সী শ্বেহনাজে। কিন্তু ইতিমধ্যে সকলো শেষ হৈ গৈছিল।

সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুৰ পূৰ্বে একমাত্ৰ ওচৰত আছিল শ্বেহনাজ। আজি সিদ্ধাৰ্থক শেষ শ্ৰদ্ধা জনাবলৈ গৈ কান্দোনত ভাগি পৰা শ্বেহনাজৰ এই মন্তব্য। অভিনেতাজনৰ সৈতে শ্বেহনাজৰ আত্মিক সম্পৰ্ক। বিগ বছ ১৩ত লগ পোৱাৰ পাছৰ পৰাই প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল দুয়ো। স্বাভাৱিকতে প্ৰেমিকৰ মৃত্যুক সহজে ল’ব পৰা নাই ৰূপহী অভিনেত্ৰীগৰাকীয়ে।

আজি সিদ্ধাৰ্থক শেষ শ্ৰদ্ধা জনাবলৈ গৈ বাউলী হৈ পৰিল শ্বেহনাজ। কান্দি কান্দি মাটিত বাগৰি পৰিছিল অভিনেত্ৰীগৰাকী। একেলগে কেইবাখনো ধাৰাবাহিকত অভিনয়ৰ স্মৃতি ৰোমন্থন কৰি কেৱল কান্দিলে শ্বেহনাজে। শোকাচ্ছন্ন শ্বেহনাজক বুজাব পৰা নাছিল তেওঁৰ ভাতৃয়েও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক