--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বতন্ত্ৰ আৰু সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপনৰ দাবী ইজৰাইলে মানি নলয়। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে বৃহস্পতিবাৰে দেশৰ বিধায়িনী দল নেচেটত এই প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গৃহীত কৰে। এই প্ৰস্তাৱৰ সপক্ষে ৬৮টা ভোট আৰু বিধেয়কখনৰ বিৰোধিতাত মাত্ৰ ৯টা ভোট।

তাৎপৰ্যপূৰ্ণভাৱে নেতানিয়াহুৰ লিকুড দলৰ নেতৃত্বত সোঁপন্থী শাসকীয় মিত্ৰজোঁটৰ লগতে মধ্যপন্থী বিৰোধী শিবিৰেও পেলেষ্টাইন বিৰোধী প্ৰস্তাৱক সমৰ্থন কৰিছিল। আনকি, ‘উদাৰবাদী নেতা’ নামেৰে পৰিচিত বেনি গেণ্টেঞ্জৰ দল ‘নেচনেল ইউনিটি’ৰ নেচেট সদস্যসকলো এই তালিকাত আছে। একাংশ কূটনৈতিক পৰ্যবেক্ষকৰ মতে গাজা যুদ্ধত ইজৰাইলৰ এই পদক্ষেপে শান্তিৰ সম্ভাৱনা আৰু অধিক অনিশ্চিত কৰি তুলিছে।

প্ৰসংগক্ৰমে বিশ্বৰ বেছিভাগ দেশেই ইতিমধ্যে পেলেষ্টাইনক পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে। যোৱা মে’ মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ১৯৩খন দেশৰ ভিতৰত ১৪৩খন দেশে পেলেষ্টাইনক সদস্য ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ভোটদান কৰিছিল। তেতিয়ালৈকে পূৰ্বৰ ছোভিয়েট ইউনিয়ন ব্লক আৰু ভাৰতৰ দৰে অসংলগ্ন দেশসমূহে পেলেষ্টাইনক ‘ৰাষ্ট্ৰ’ হিচাপে স্বীকৃতি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক