--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত এতিয়া হিংসাৰ জুই জ্বলি উঠিছে। কোটা বিৰোধী আন্দোলনৰ ফলত এতিয়ালৈকে আৰক্ষীৰ গুলীত সাংবাদিকসহ ৩২ জন লোক নিহত হৈছে। আহত হৈছে শতাধিক প্ৰতিবাদকাৰী। বৃহস্পতিবাৰে সমগ্ৰ দেশ খনতে তীব্ৰতৰ হৈ পৰা  ব্যাপক ছাত্ৰ আন্দোলনৰ ফলত  ১৯ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল স্থানীয়  সংবাদ মাধ্যমে। শুকুৰবাৰে নিহতৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পোৱা বুলি সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে। 

 মৃতসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী। নিহতসকলৰ ভিতৰত এগৰাকী সাংবাদিকো আছে। আনহাতে বাংলাদেশ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি   কোটা বিৰোধী আন্দোলনত এই পৰ্যন্ত ২৫ জন লোকৰ মৃত্যু হৈছে। উল্লেখ্য যোৱা সোমবাৰৰ পৰা বাংলাদেশত কোটা বিৰোধী ছাত্ৰ আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰে। প্ৰতিবাদী শিক্ষাৰ্থীসকলে বন্ধ কৰি দিছে চৰকাৰী  টেলিভিছন চেনেলৰ সম্প্ৰচাৰ । মোবাইল ইণ্টাৰনেট সেৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।  প্ৰতিবাদকাৰীসকলক চম্ভালিবলৈও আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত ৩২ জনৰ মৃত্যু ঘটে। শাসকীয় দল আৱামী লীগৰ নেতা-কৰ্মীসকলো ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘাতত জড়িত হৈ পৰা বুলি বহুতে অভিযোগ কৰিে।  নিহতসকলৰ ১৩ জন ঢাকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে হাছান মেহদী নামৰ এজন সাংবাদিকো। 

তেওঁ স্থানীয় বাতৰি কাকত এখনত কাম কৰে। চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁৰ শৰীৰত গুলীৰ চিন পোৱা গৈছে। লগতে নিহতসকলৰ ভিতৰত আছে আৰক্ষী জোৱান আৰু আন্দোলনকাৰীও। অশান্ত বাংলাদেশত আহতৰ  সংখ্যাও বৃদ্ধি পাই গৈ আছে।   বাংলাদেশ চৰকাৰে অৱশ্যে আহতসকলৰ সংখ্যা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। কিন্তু বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আহতৰ সংখ্যা শতাধিক হ’ব। কোটা বিৰোধী কৰ্মীসকলে বৃহস্পতিবাৰে সম্পূৰ্ণ বন্ধ কাৰ্যসূচী ঘোষণা কৰে। দুপৰীয়াৰ পৰা বন্ধ কৰি দিয়া হ’ল ঢাকা মেট্ৰ’ সেৱা। তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জুনেইদ আহমেদ পালাকে কয় যে অশান্তি প্ৰশমিত কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। কিন্তু কিয় জ্বলিছে বাংলাদেশ? দৰাচলতে চৰকাৰে দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া হাছিনাৰ আৱামি লীগ দলৰ মিত্ৰশক্তিৰ পৰিয়ালৰ  বাবে ৩০ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭১ চনত পাকিস্তানৰ পৰা দেশখনক স্বাধীনতা কৰিবলৈ যুঁজ দিয়া  সৈনিকৰ পৰিয়ালৰ সদস্যৰ বাবে এনেদৰে চাকৰি সংৰক্ষিত কৰাত বহুতে আপত্তি কৰিছে। একেদৰে চৰকাৰে  ২৬ শতাংশ চাকৰি মহিলা, প্ৰতিবন্ধী আৰু সংখ্যালঘু জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিছে। ইয়াৰ ফলত প্ৰায় ৪ লাখ স্নাতকে অসামৰিক সেৱাৰ পৰীক্ষাত বহিছিল যদিও প্ৰায় ৩ হাজাৰমান পদ মহিলা, প্ৰতিবন্ধী আৰু সংখ্যালঘু জনগোষ্ঠীৰ প্ৰাৰ্থীক দিব লাগিব। সংৰক্ষণৰ আওতাত নপৰা ছাত্ৰ-ছাত্ৰীসকলে সেয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি হিংসাত্মক আন্দোলনত নামি পৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা