--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত এতিয়া হিংসাৰ জুই জ্বলি উঠিছে। কোটা বিৰোধী আন্দোলনৰ ফলত এতিয়ালৈকে আৰক্ষীৰ গুলীত সাংবাদিকসহ ৩২ জন লোক নিহত হৈছে। আহত হৈছে শতাধিক প্ৰতিবাদকাৰী। বৃহস্পতিবাৰে সমগ্ৰ দেশ খনতে তীব্ৰতৰ হৈ পৰা  ব্যাপক ছাত্ৰ আন্দোলনৰ ফলত  ১৯ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল স্থানীয়  সংবাদ মাধ্যমে। শুকুৰবাৰে নিহতৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পোৱা বুলি সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে। 

 মৃতসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী। নিহতসকলৰ ভিতৰত এগৰাকী সাংবাদিকো আছে। আনহাতে বাংলাদেশ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি   কোটা বিৰোধী আন্দোলনত এই পৰ্যন্ত ২৫ জন লোকৰ মৃত্যু হৈছে। উল্লেখ্য যোৱা সোমবাৰৰ পৰা বাংলাদেশত কোটা বিৰোধী ছাত্ৰ আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰে। প্ৰতিবাদী শিক্ষাৰ্থীসকলে বন্ধ কৰি দিছে চৰকাৰী  টেলিভিছন চেনেলৰ সম্প্ৰচাৰ । মোবাইল ইণ্টাৰনেট সেৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।  প্ৰতিবাদকাৰীসকলক চম্ভালিবলৈও আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত ৩২ জনৰ মৃত্যু ঘটে। শাসকীয় দল আৱামী লীগৰ নেতা-কৰ্মীসকলো ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘাতত জড়িত হৈ পৰা বুলি বহুতে অভিযোগ কৰিে।  নিহতসকলৰ ১৩ জন ঢাকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে হাছান মেহদী নামৰ এজন সাংবাদিকো। 

তেওঁ স্থানীয় বাতৰি কাকত এখনত কাম কৰে। চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁৰ শৰীৰত গুলীৰ চিন পোৱা গৈছে। লগতে নিহতসকলৰ ভিতৰত আছে আৰক্ষী জোৱান আৰু আন্দোলনকাৰীও। অশান্ত বাংলাদেশত আহতৰ  সংখ্যাও বৃদ্ধি পাই গৈ আছে।   বাংলাদেশ চৰকাৰে অৱশ্যে আহতসকলৰ সংখ্যা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। কিন্তু বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আহতৰ সংখ্যা শতাধিক হ’ব। কোটা বিৰোধী কৰ্মীসকলে বৃহস্পতিবাৰে সম্পূৰ্ণ বন্ধ কাৰ্যসূচী ঘোষণা কৰে। দুপৰীয়াৰ পৰা বন্ধ কৰি দিয়া হ’ল ঢাকা মেট্ৰ’ সেৱা। তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জুনেইদ আহমেদ পালাকে কয় যে অশান্তি প্ৰশমিত কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। কিন্তু কিয় জ্বলিছে বাংলাদেশ? দৰাচলতে চৰকাৰে দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া হাছিনাৰ আৱামি লীগ দলৰ মিত্ৰশক্তিৰ পৰিয়ালৰ  বাবে ৩০ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭১ চনত পাকিস্তানৰ পৰা দেশখনক স্বাধীনতা কৰিবলৈ যুঁজ দিয়া  সৈনিকৰ পৰিয়ালৰ সদস্যৰ বাবে এনেদৰে চাকৰি সংৰক্ষিত কৰাত বহুতে আপত্তি কৰিছে। একেদৰে চৰকাৰে  ২৬ শতাংশ চাকৰি মহিলা, প্ৰতিবন্ধী আৰু সংখ্যালঘু জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিছে। ইয়াৰ ফলত প্ৰায় ৪ লাখ স্নাতকে অসামৰিক সেৱাৰ পৰীক্ষাত বহিছিল যদিও প্ৰায় ৩ হাজাৰমান পদ মহিলা, প্ৰতিবন্ধী আৰু সংখ্যালঘু জনগোষ্ঠীৰ প্ৰাৰ্থীক দিব লাগিব। সংৰক্ষণৰ আওতাত নপৰা ছাত্ৰ-ছাত্ৰীসকলে সেয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি হিংসাত্মক আন্দোলনত নামি পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক