--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বামী বিবেকানন্দক আমি এজন সাধু, দাৰ্শনিক, সমাজ সংস্কাৰকৰ লগতে এজন কবি হিচাপেও চিনি পাওঁ। তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশৰ বিকাশৰ আৰম্ভণি হৈছিল তেওঁৰ পৰিয়ালৰ পৰা পোৱা মূল্যবোধৰ পৰা। ভাৰতীয় সনাতন ধৰ্মৰ সৈতে বিশ্বক পৰিচয় কৰাই দিয়া স্বামী বিবেকানন্দ সৰুৰে পৰা অনুসন্ধানমূলক প্ৰকৃতিৰ আছিল। তেওঁ দুখীয়াৰ সেৱাক ঈশ্বৰৰ সেৱা বুলি অভিহিত কৰিছিল আৰু গোটেই জীৱন নিজেই সেই সেৱা গ্ৰহণ কৰিছিল। স্বামী বিবেকানন্দ ভাৰতীয় সংস্কৃতিৰ মহান নায়ক আছিল আৰু সদায় থাকিব।

১২ জানুৱাৰীত জন্মগ্ৰহণ কৰা স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰী অৰ্থাৎ স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় ।

১৮৬৩ চনৰ ১২ জানুৱাৰীত কলিকতাৰ বিখ্যাত উকীল বিশ্বনাথ দত্তৰ ঘৰত স্বামী বিবেকানন্দৰ জন্ম হয়। মাতৃ ভুৱনেশ্বৰী দেৱীয়ে তেওঁক মৰমেৰে বীৰেশ্বৰ বুলি মাতিছিল যদিও নামকৰণ অনুষ্ঠানৰ সময়ত তেওঁৰ নাম নৰেন্দ্ৰনাথ দত্ত। বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰৰ সৰুৰে পৰা আধ্যাত্মিক হেঁপাহ আছিল। চোকা বুদ্ধিমত্তাৰ নৰেন্দ্ৰই সহযোগী ল’ৰা-ছোৱালীৰ লগতে শিক্ষকৰ ওপৰতো প্ৰেংক খেলাটোও বাদ দিয়া নাছিল। 

১৪ বছৰ বয়সত অসুস্থ হৈ পৰাত পিতৃ বিশ্বনাথ দত্তই নৰেন্দ্ৰক মধ্যপ্ৰদেশৰ ৰায়পুৰলৈ মাতিছিল। ৰায়পুৰতেই নৰেন্দ্ৰই বুজি পাইছিল জীৱনৰ বৈচিত্ৰ্য। চাৰিওফালৰ পাহাৰ আৰু ঘন অৰণ্যত বিচৰণ কৰি নৰেন্দ্ৰৰ আভ্যন্তৰীণ চেতনা গঢ় লৈ উঠিছিল। 

ইফালে, ১৮৮১ চনত স্বামী ৰামকৃষ্ণ পৰমহংসক লগ পায়। ৰামকৃষ্ণ পৰমহংস কলিকতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ পুৰোহিত আছিল। তেওঁক লগ পোৱাৰ পাছত নৰেন্দ্ৰৰ জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল। ১৮৮৬ চনত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যুৰ পিছত বিবেকানন্দৰ জীৱন আৰু কৰ্মই এক নতুন ৰূপ লৈছিল।  ইয়াৰ পাছত তেওঁ সন্যাসী বিবেকানন্দ নাম ধৰি বৰাহনগৰ মঠ প্ৰতিষ্ঠা কৰি ইয়াতেই আধ্যাত্মিক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় মঠৰ পৰম্পৰা অনুসৰণ কৰি বিবেকানন্দই বহু বছৰ ধৰি ভাৰতীয় উপমহাদেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল।

স্বামী বিবেকানন্দই দুখীয়াৰ সেৱাক আটাইতকৈ ডাঙৰ ধৰ্ম বুলি অভিহিত কৰে।  বিবেকানন্দৰ বিশ্বাস আছিল যে ঈশ্বৰ দৰিদ্ৰ আৰু আৰ্তজনৰ ভিতৰত বাস কৰে। কিন্তু অক্লান্ত পৰিশ্ৰমৰ বাবে স্বামী বিবেকানন্দৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল অহৰহ। ১৮৯৮ চনৰ ডিচেম্বৰ মাহত তেওঁ পুনৰ আমেৰিকা আৰু ইউৰোপীয় দেশলৈ গৈ ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰে। তাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত ১৯০২ চনৰ ৪ জুলাইত বেলুৰ মঠত বিবেকানন্দৰ মৃত্যু হয়। ৩৯ বছৰ বয়সত তেওঁ সমগ্ৰ বিশ্বতে আধ্যাত্মিকতাৰ মনোভাৱ জাগ্ৰত কৰিছিল। বিবেকানন্দ হৈছে ভাৰতৰ আধ্যাত্মিক আকাশৰ উজ্জ্বল সূৰ্য্য যাৰ চিন্তা আৰু কৰ্মই আজিও মানৱ সমাজক আলোকিত কৰি ৰাখিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ