ডিজিটেল ডেস্ক: স্বামী বিবেকানন্দক আমি এজন সাধু, দাৰ্শনিক, সমাজ সংস্কাৰকৰ লগতে এজন কবি হিচাপেও চিনি পাওঁ। তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশৰ বিকাশৰ আৰম্ভণি হৈছিল তেওঁৰ পৰিয়ালৰ পৰা পোৱা মূল্যবোধৰ পৰা। ভাৰতীয় সনাতন ধৰ্মৰ সৈতে বিশ্বক পৰিচয় কৰাই দিয়া স্বামী বিবেকানন্দ সৰুৰে পৰা অনুসন্ধানমূলক প্ৰকৃতিৰ আছিল। তেওঁ দুখীয়াৰ সেৱাক ঈশ্বৰৰ সেৱা বুলি অভিহিত কৰিছিল আৰু গোটেই জীৱন নিজেই সেই সেৱা গ্ৰহণ কৰিছিল। স্বামী বিবেকানন্দ ভাৰতীয় সংস্কৃতিৰ মহান নায়ক আছিল আৰু সদায় থাকিব।
১২ জানুৱাৰীত জন্মগ্ৰহণ কৰা স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰী অৰ্থাৎ স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় ।
১৮৬৩ চনৰ ১২ জানুৱাৰীত কলিকতাৰ বিখ্যাত উকীল বিশ্বনাথ দত্তৰ ঘৰত স্বামী বিবেকানন্দৰ জন্ম হয়। মাতৃ ভুৱনেশ্বৰী দেৱীয়ে তেওঁক মৰমেৰে বীৰেশ্বৰ বুলি মাতিছিল যদিও নামকৰণ অনুষ্ঠানৰ সময়ত তেওঁৰ নাম নৰেন্দ্ৰনাথ দত্ত। বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰৰ সৰুৰে পৰা আধ্যাত্মিক হেঁপাহ আছিল। চোকা বুদ্ধিমত্তাৰ নৰেন্দ্ৰই সহযোগী ল’ৰা-ছোৱালীৰ লগতে শিক্ষকৰ ওপৰতো প্ৰেংক খেলাটোও বাদ দিয়া নাছিল।
১৪ বছৰ বয়সত অসুস্থ হৈ পৰাত পিতৃ বিশ্বনাথ দত্তই নৰেন্দ্ৰক মধ্যপ্ৰদেশৰ ৰায়পুৰলৈ মাতিছিল। ৰায়পুৰতেই নৰেন্দ্ৰই বুজি পাইছিল জীৱনৰ বৈচিত্ৰ্য। চাৰিওফালৰ পাহাৰ আৰু ঘন অৰণ্যত বিচৰণ কৰি নৰেন্দ্ৰৰ আভ্যন্তৰীণ চেতনা গঢ় লৈ উঠিছিল।
ইফালে, ১৮৮১ চনত স্বামী ৰামকৃষ্ণ পৰমহংসক লগ পায়। ৰামকৃষ্ণ পৰমহংস কলিকতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ পুৰোহিত আছিল। তেওঁক লগ পোৱাৰ পাছত নৰেন্দ্ৰৰ জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল। ১৮৮৬ চনত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যুৰ পিছত বিবেকানন্দৰ জীৱন আৰু কৰ্মই এক নতুন ৰূপ লৈছিল। ইয়াৰ পাছত তেওঁ সন্যাসী বিবেকানন্দ নাম ধৰি বৰাহনগৰ মঠ প্ৰতিষ্ঠা কৰি ইয়াতেই আধ্যাত্মিক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় মঠৰ পৰম্পৰা অনুসৰণ কৰি বিবেকানন্দই বহু বছৰ ধৰি ভাৰতীয় উপমহাদেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল।
স্বামী বিবেকানন্দই দুখীয়াৰ সেৱাক আটাইতকৈ ডাঙৰ ধৰ্ম বুলি অভিহিত কৰে। বিবেকানন্দৰ বিশ্বাস আছিল যে ঈশ্বৰ দৰিদ্ৰ আৰু আৰ্তজনৰ ভিতৰত বাস কৰে। কিন্তু অক্লান্ত পৰিশ্ৰমৰ বাবে স্বামী বিবেকানন্দৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল অহৰহ। ১৮৯৮ চনৰ ডিচেম্বৰ মাহত তেওঁ পুনৰ আমেৰিকা আৰু ইউৰোপীয় দেশলৈ গৈ ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰে। তাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত ১৯০২ চনৰ ৪ জুলাইত বেলুৰ মঠত বিবেকানন্দৰ মৃত্যু হয়। ৩৯ বছৰ বয়সত তেওঁ সমগ্ৰ বিশ্বতে আধ্যাত্মিকতাৰ মনোভাৱ জাগ্ৰত কৰিছিল। বিবেকানন্দ হৈছে ভাৰতৰ আধ্যাত্মিক আকাশৰ উজ্জ্বল সূৰ্য্য যাৰ চিন্তা আৰু কৰ্মই আজিও মানৱ সমাজক আলোকিত কৰি ৰাখিছে।