--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইৰাণত অব্যাহত আছে হিজাব বিৰোধী প্ৰতিবাদ। শাসক পক্ষৰ বাবে চৰম অস্বস্তিৰ কাৰণ হৈ পৰা এই হিজাব বিৰোধী প্ৰতিবাদ দমন কৰিবলৈ এটাৰ পিছত আন এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণ চৰকাৰে।

মহছা আমিনীৰ মৃত্যুৰ পাছৰে পৰা আৰম্ভ হোৱা এই প্ৰতিবাদে এতিয়া ব্যাপক গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছে৷ সৰ্বত্ৰ বিয়পিছে হিজাব বিৰোধী আন্দোলনৰ জুই৷

এনে পৰিপ্ৰেক্ষিতত এই আন্দোলনক দমন কৰিব বিচাৰি আছে ইৰাণ চৰকাৰে। ইয়াৰ মাজতে ইৰাণৰ এখন আদালতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু তিনিগৰাকী প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

এই তিনিওগৰাকী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ‘ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা’ৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰতিবাদকাৰীৰ বিৰুদ্ধেই কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা বিষয়টোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে ব্যাপক চৰ্চা।

অলপতে দুগৰাকী প্ৰতিবাদকাৰীক ফাঁচী প্ৰদান কৰা হৈছিল। এই দুয়োজনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ অভিযোগ আছিল। এই দুজনৰ ভিতৰত এজন কাৰাটে চেম্পিয়ন আছিল।  

শেহতীয়া খবৰ অনুসৰি মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা প্ৰতিবাদকাৰী তিনিজন হ’ল ছালেহ মিৰহাছমী, মজিদ কাজেমী আৰু ছাইদ ইয়াঘৌবী। ইছফাহান চহৰত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত চৰকাৰ সমৰ্থক মিলিচীয়াক হত্যা কৰাৰ অভিযোগত তিনিওজনকে দোষী সাব্যস্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ