--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক তীব্ৰ বিত্তীয় সংকট আৰু খাদ্য সংকটৰ সন্মুখীন হৈছে পাকিস্তান৷  পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ - দেশখনৰ সকলো দিশে কেৱল হাহাকাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশচুম্বী। সমগ্ৰ পাকিস্তানৰ ৰাজপথত প্ৰতিবাদৰ ধুমুহা আৰম্ভ হৈছে।

পাকিস্তানৰ অৰ্থনীতি বহু বছৰৰ ৰাজনৈতিক অস্থিৰতাৰ দ্বাৰা পীড়িত হৈ আহিছে। বিদেশী ঋণৰ সৈতেও মোকাবিলা কৰি আহিছে দেশখনে। ইয়াৰ মাজতে ২০২২ চনৰ প্ৰলয়ংকৰী বানপানীয়ে দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড সম্পূৰ্ণৰূপে ভাঙি পেলাইছে।

বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে পাকিস্তানত তীব্ৰ খাদ্য সংকটো বৃদ্ধি হৈছে। বানপানীত শস্যৰ বৃহৎ ক্ষতি হোৱাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। পাকিস্তান চৰকাৰে ইয়াক চম্ভালিবলৈ ব্যৰ্থ হৈছে। সমগ্ৰ দেশতে ইয়াৰ ফলচ বিশৃংখলতাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সমগ্ৰ দেশখনতে ঘেঁহুৰ অভাৱ চলি আছে। ইয়াৰ সৈতে, ঘেঁহু আৰু ময়দাৰ মূল্যও বৃদ্ধি পাইছে। দ্য এক্সপ্ৰেছ ট্ৰিবিউন নামৰ এক সংবাদপত্ৰৰ প্ৰতিবেদন অনুসৰি, কৰাচীত এক কেজি আটা ১৬০ পাকিস্তানী ৰূপীত বিক্ৰী কৰা হৈছে। ইছলামাবাদ আৰু পেছাৱাৰত ১০ কিলোগ্ৰাম আটাবস্তা ১,৫০০ পাকিস্তানী ৰূপীত বিক্ৰী কৰা হৈছে।

এফালে আটাৰ অভাৱ, আনফালে আকাশচুম্বী মূল্যৰ বাবে পাকিস্তানী নাগৰিকসকলে ৰাজসাহায্যপ্ৰাপ্ত আটা লাভ কৰিবলৈ সংগ্ৰাম কৰি আছে। যোৱা দুসপ্তাহত ১৫ কিলোগ্ৰাম আটাৰ মূল্য ৩০০ পাকিস্তানী ৰূপালৈ বৃদ্ধি পাইছে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

সৰ্বসামগ্ৰিকভাৱে, পাকিস্তানৰ অৰ্থনীতি এই মুহূৰ্তত দেউলিয়া হোৱাৰ পথত। দেশৰ বৈদেশিক মুদ্ৰণৰ ভাণ্ডাৰ ইতিমধ্যে হ্ৰাস পাইছে। বৰ্তমান তেওঁলোকৰ বৈদেশিক মুদ্ৰা সংৰক্ষণ ৫ বিলিয়ন ডলাৰ।

ইমৰান খান নেতৃত্বাধীন চৰকাৰৰ সময়ত দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আছিল ১,০০০ কোটি ডলাৰ। কিন্তু ২০২৩ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে,ই এক ভয়ংকৰ ধৰণে হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে। তিনি সপ্তাহৰ ভিতৰত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ শেষ হোৱাৰ সম্ভাৱনা আছে।

পাকিস্তানৰ বৈদেশিক মুদ্ৰণৰ ভাণ্ডাৰত বৰ্তমান ৫ বিলিয়ন ডলাৰ আছে। কিন্তু ২০২১ চনত দেশখনৰ ঋণ আছিল প্ৰায় ২৩ লাখ ৫০ হাজাৰ কোটি পাকিস্তানী ৰূপী। ই ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। পাকিস্তানৰ বিদেশী ঋণৰ ৩০ শতাংশ চীনৰ।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান ক্ষমতালৈ আহিয়েই তেওঁ অভিযোগ কৰিছিল যে পূৰ্বৰ চৰকাৰে দেশখনক ঋণগ্ৰস্ত কৰি তুলিছে। তেওঁ দেশবাসীক এই ঋণৰ বোজাৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তথ্য অনুসৰি, তেহরিক-ই-ইনচাফ চৰকাৰৰ ঋণৰ পৰিমাণ ৪৩ মাহত সৰ্বাধিক আছিল। যেতিয়া ইমৰানে যোৱা বছৰ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল, চৰকাৰৰ নতুন ঋণ ১৯.১৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছিল।

বয়বস্তুৰ মূল্য ৫০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। পিবিএছৰ তথ্য অনুসৰি, যোৱা বছৰ জানুৱাৰীত এক কিলোগ্ৰাম মূৰ্গী মাংসৰ মূল্য আছিল ২১০ পাকিস্তানী ৰূপী। এই বছৰ, ই ৮২ শতাংশ বৃদ্ধি হৈ ৩৮৩ পাকিস্তানী ৰূপীলৈ বৃদ্ধি হৈছে।

সৰিয়হতেলৰ মূল্য ৩৭৪ টকাৰ পৰা ৫৩২ টকালৈ বৃদ্ধি পাইছে। এবছৰত মূল্য ৪২ শতাংশ বৃদ্ধি পাইছে। যোৱা বছৰ জানুৱাৰীত গাখীৰ, পিঠা আৰু কলৰ মূল্য আছিল ক্ৰমান্বয়ে ১১৪ টকা, ৬৫ টকা আৰু ৮২ টকা। এই বছৰ এইসমূহৰ মূল্যই ক্ৰমে ১৪৯, ৮৯ আৰু ১১৯ টকালৈ স্পৰ্শ কৰিছে।

এবছৰত চাউল, মাহজাতীয় শস্য আৰু ঘেঁহুৰ মূল্য ৫০ শতাংশ বৃদ্ধি পাইছে। ডিজেলৰ মূল্য ৬১ শতাংশ আৰু পেট্ৰ'লৰ মূল্য ৪৮ শতাংশ বৃদ্ধি পাইছে।

ষ্টেট বেংক অফ পাকিস্তানৰ তথ্য অনুসৰি, ২০২১ চনৰ ডিচেম্বৰত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ১২.৩ শতাংশ। যি ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত দুগুণ হৈছে (২৪.৫ শতাংশ)। সামগ্ৰিকভাৱে, ২০২১ চনৰ ডিচেম্বৰৰ তুলনাত ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত খাদ্যৰ মূল্য বৃদ্ধিৰ হাৰ প্ৰায় তিনিগুণ বৃদ্ধি হৈছে। ২০২১ চনত, ই আছিল ১১.৭ শতাংশ, যি ২০২২ চনত ৩২.৭ শতাংশ আছিল।

শেহতীয়াকৈ পাকিস্তানৰ সংকটৰ কেইবাটাও ভিডিঅ' আৰু ছবি পোহৰলৈ আহিছে। কৰবাত লুণ্ঠন হৈছে, কৰবাত খাদ্যক লৈ কাজিয়া হৈছে। আন ঠাইত খাদ্য সংগ্ৰহ কৰোঁতে মৃত্যুৰ ঘটনাও ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে